photo by NNO Nagrijuli
photo by NNO Nagrijuli

নাগ্ৰীজুলিঃ বন্যপ্ৰাণী সংৰক্ষণ আইনক ভেঙুচালি কৰি অসমৰ এখন জিলাত বছৰৰ পিছত বছৰ ধৰি চলি আহিছে বন্যপ্ৰাণী নিধনৰ পৰম্পৰা৷ পৰম্পৰাৰ নামত মুকলিকৈ বন্যপ্ৰাণী নিধনযজ্ঞ চলি অহা এই জিলাখন হৈছে বিটিএডিৰ অন্তৰ্গত বাগছা। 

জিলাখনৰ তামুলপুৰ মহকুমাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত সম্প্ৰতি অব্যাহত আছে বন্যপ্ৰাণী নিধন ৷ ৪-৫জনৰ পৰা আৰম্ভ কৰি১০-১২জনকৈ লোকেৰে একোটাকৈ দল গঠন কৰি সীমান্তৱৰ্তী অঞ্চলৰ পথাৰ, হাবি আদি ঠাইত এন্দুৰ, শহাপহু কেটেলা পহু, চৰাই আদি বিভিন্ন বন্যপ্ৰানী নিধন কৰি আহিছে একাংশ লোকে৷

এয়া এক অমানৱীয় ঘটনা হ'লেও বন্যপ্ৰাণী নিধন কৰা লোকসকলৰ বাবে ই হৈছে এক পৰম্পৰা৷ আদিবাসী লোকসকলৰ মাজত বছৰ বছৰ ধৰি চলি আহিছে এই পৰম্পৰা৷ তেওঁলোকৰ মতে এয়া ৰাম চিকাৰ ৷ তেওঁলোকৰ বিশ্বাস অনুসৰি প্ৰভূ ৰামচন্দ্ৰই চিকাৰ কৰিবলৈ গৈছিল ৷ প্ৰতি বছৰে চিকাৰ কৰিব যোৱাটো এক বাৰ্ষিক উ९সৱত পৰিণত হৈছিল ৷ সেয়ে, প্ৰভূ ৰামচন্দ্ৰৰ চিকাৰ পৰম্পৰা ৰক্ষা কৰি ৰাম চিকাৰ নামেৰে আদিবাসী সমাজত বছৰ বছৰ ধৰি এনে চিকাৰ চলি আহিছে ৷

বাগছা জিলাৰ লগতে আদিবাসী সম্প্ৰদায়ৰ এইসকল চিকাৰ প্ৰিয় লোকে "ৰাম চিকাৰ" কৰিবলৈ বিভিন্ন দলত ভাগ হৈ ৰঙিয়া, গোৰেশ্বৰ, কোকৰাঝাৰ, ওদালগুৰি আদি ঠাই ভ্ৰমণ কৰি চৰাই-চিৰিকটি এন্দুৰ, শহাপহু নেউল আদি চিকাৰ কৰিবলৈ ওলাই যায়। পিছত চিকাৰ কৰি অনা বন্যপ্ৰাণীৰ মাংসৰে সমনীয়াৰে সৈতে মিলিত হৈ ভোজ-ভাত খাই ৰাম চিকাৰৰ আনন্দ লয়৷

ভোজ-ভাতৰ সমান্তৰালভাৱে নাগ্ৰীজুলি, কুমাৰিকাটা আদি সাপ্তাহিক বজাৰত ৰাম চিকাৰ কৰি পোৱা এন্দুৰৰ মাংস মুকলিকৈ বিক্ৰি কৰি আহিছে একাংশ লোকে৷ পৰম্পৰা ৰক্ষাৰ নামত এনেদৰে অবাধ হাৰত বন্যপ্ৰাণী নিধন যজ্ঞ চলাই অহাৰ বিষয়ে জানিব পাৰি উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমীসকল। একাংশ প্ৰকৃতিপ্ৰেমীয়ে এই সন্দৰ্ভত ৰাম চিকাৰ কৰি ভালপোৱা লোকসকলক বুজাবলৈ চেষ্টা চলাই গৈছে যদিও কোনো কাৰণতে পৰম্পৰা এৰিবলৈ ইচ্ছুক নহয় তেওঁলোক।