তিনিচুকীয়াঃ শিশুসকল ফুলৰ দৰে কোমল, যিমানে ভালদৰে পৰিচৰ্যা কৰিবা সিমানে সুগন্ধি বিয়পাব৷ কিন্তু তাৰ পৰিৱৰ্তে শিশুক বহু মাক-দেউতাকে নিজৰ অপূৰ্ণ সপোনবোৰ অনাহকত জাপি দি তেওঁলোকৰ কুমলীয়া জীৱন প্ৰায় ধ্বংস কৰিছে৷ যাৰ ফলত শিশুটিয়ে অভিভাৱকৰ অজানিতে মানসিক বাধাগ্ৰস্ততাত ভোগে, যি সম্প্ৰতি এক ব্যাধিত পৰিণত হৈছে৷ 

এনে শিশুৰ সমস্যাৰাজি চিনাক্ত কৰি আৰু তাক কেতবোৰ কৌশল প্ৰয়োগৰ দ্বাৰা সমাধান কৰি উলিয়াবৰ নিমিত্তে সৰ্বশিক্ষা অভিযান মিছন তিনিচুকীয়াৰ উদ্যোগত আৰু তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ মানসিক চিকিৎসা বিভাগত তত্ত্বাৱধানত সোমবাৰে চিকিৎসালয়খনত জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ১০০ জন শিক্ষকক 'প্ৰাথমিক বিদ্যালয়ত কৈশোৰৰ মানসিক সমস্যা’ শীৰ্ষক এক প্ৰশিক্ষণৰ আয়োজন কৰা হয়৷

তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ এন চি মহন্তই উদ্বোধন কৰা এইলানি প্ৰশিক্ষণত অসম মেডিকেল কলেজ হাস্পতালৰ জ্যেষ্ঠ প্ৰবক্তা ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে৷ তদুপৰি মানসিক স্বাস্থ্য বিভাগৰ ডাঃ ৰূপালী বৰ্মন, জিলা আঁচনি বিষয়া ডালিমী বৰগোহাঁই, লক্ষ্যজ্যোতি দাস আৰু নিৰুপমা চেতিয়াই বিদ্যালয়ত সততে উদ্ভৱ হোৱা মানসিক সমস্যা আৰু সমাধান সম্পৰ্কে  ভাষণ আগবঢ়ায়৷

উল্লেখ্য যে বিদ্যালয়ৰ শ্ৰেণীকোঠাত অন্যমনস্ক, দুৰ্বল শৰীৰ, সততে মিছা কথা কোৱা, পঢ়াৰ প্ৰতি অমনোযোগী, বিদ্যালয় অথবা শিক্ষকৰ প্ৰতি ভয় ভাব, আন সহপাঠীৰ দৰে পাঠসমূহ আয়ত্ত কৰিব নোৱাৰা, সহপাঠীৰ সতে কাজিয়া-পেঁচাল, কথা নোকোৱা, অনবৰতে উদাসীন ভাব আদি শিশুৰ মানসিক সমস্যাৰ অন্তৰ্গত৷ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে পাঠদান কৰিবলৈ যাওঁতে সচৰাচৰ এনে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়৷

কেতিয়াবা পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে শিক্ষকে সেই সমস্যা সমাধান কৰিবলৈ অপাৰগ হৈ পৰে৷ শিশু এটিৰ দৈনন্দিন জীৱনত উত্তৰণৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা অপৰিহাৰ্য৷ কিন্তু বৰ্তমান যুগত মাক-দেউতাক উভয়ে চাকৰি কিম্বা অন্য কামত ব্যস্ত থকা হেতুকে নিজ সন্তানক সঠিকভাৱে প্ৰতিপালন কৰিব নোৱাৰে বা সম্ভৱ হৈ নুঠে৷

কেৱল নম্বৰৰ পিছত দৌৰিবলৈ শিকোৱাৰ লগতে সকলো দিশতে পাৰ্গত হওক বুলি বিভিন্ন শ্ৰেণীত নাম লগোৱাত শিশুটিয়ে মুক্ত মনেৰে খেলাৰ অৱকাশ নাপায়৷ যাৰ ফলত শিশুটি ভিতৰি বিদ্ৰোহী হৈ উঠাৰ লগতে মানসিক অন্তৰ্দ্বন্দ্বত ভোগে৷