ডিজিটেল ডেস্কঃদেশৰ সৰ্বোচ্চ ন্যায়ালয়ে তিনি তালাক নিষিদ্ধ ঘোষণা কৰিলে কেন্দ্ৰই মুছলমানসকলৰ ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ বাবে আইন প্ৰণয়ন কৰিব। দেশত বহুচৰ্চিত তিনি তালাকৰ বিষয়টোৰ লগতে বহুবিবাহ তথা নিকাহ হালালা আদিৰ ক্ষেত্ৰটো আইন প্ৰণয়ন কৰিবলৈ  সাজু থকা বুলি আজি উচ্চতম ন্যায়ালয়ৰ আগত ব্যক্ত কৰে কেন্দ্ৰই।

 কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি দেশৰ মহাধিবক্তা মুকুল ৰোহটগিয়ে উচ্চতম ন্যায়ালয়ত কয় যে তালাকৰ ক্ষেত্ৰত মুছলমান সমাজত মহিলাৰ অধিকাৰ পুৰুষৰ তুলনাত যথেষ্ট কম। তদুপৰি মুছলমান সম্প্ৰদায়কলৈ গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ আৰু কয় যে মুছলমান সমাজত মহিলাই সমান অধিকাৰ অইন সম্প্ৰদায়ৰ তুলনাত কম পায়।

 'তিনি তালকে সংবিধানৰ বিৰুদ্ধাচৰণ কৰিছে। এয়া সমতা, লিংগীয় সমতা আৰু মানৱধিকাৰৰ বিৰুদ্ধাচৰণ কৰিছে। যিকোনো ব্যক্তিগত বা ধৰ্মীয় বিধি-বিধান আইনৰ মাজেৰে পাৰ হ’বই লাগিব।’ - এই বুলি ন্যায়ালয়ৰ আগত বিষয়টো সন্দৰ্ভত কঢ়া মন্তব্য ৰাখে কেন্দ্ৰই। 

ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশ জে এছ খেহৰৰ নেতৃত্বত ন্যায়ালয়ে কয় যে সময়ৰ নাটনিৰ বাবে সদ্যহতে কেৱল তিনি তালাকৰ বিষয়টোৰ ওপৰতহে ন্যায়ালয়ে শুনানী জাৰি কৰিব। তাৰ বাদে বহুবিবাহ আৰু নিকাহ হালালা আদি বিষয় ভৱিষ্যতে ন্যায়ালয়খনে বিবেচনা কৰিব। এই বিচাৰ-বিবেচনাৰ বাবে বাট সদায়ে খোলা থাকিব বুলি কয় উচ্চতম ন্যায়ালয়ে।