ডিজিটেল ডেস্কঃ হোৱাটছ এপৰ জৰিয়তে পত্নীলৈ তালাক উপহাৰ দিলে স্বামীয়ে৷ শেহতীয়াকৈ হায়দাৰাবাদৰ সংঘটিত হৈছে এই ঘটনা৷ ভুক্তভোগী মহিলাগৰাকীয়ে উত্থাপন কৰা এই অভিযোগ অনুসৰি তেওঁৰ স্বামীয়ে হোৱাটছ এপত 'তালাক’ শব্দটো তিনিবাৰ লিখি প্ৰেৰণ কৰে আৰু পত্নীক বিবাহ বিচ্ছেদ কৰা বুলি ঘোষণা কৰে৷  

তদুপৰি মহিলাগৰাকীক শহুৰ আৰু শাহুৱে অত্যাচাৰ কৰে বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰে৷ হায়দাৰাবাদত এনে ধৰণৰ ঘটনা এইটোৱে প্ৰথম নহয়৷

কেইমাহমান আগতেও চহৰখনত এটা পৰিয়ালৰ দুগৰাকী বোৱাৰীৰ লগতো অনুৰূপ ঘটনা সংঘটিত হৈছিল৷ উল্লেখযোগ্য যে তিনি তালাক বিষয়টো বৰ্তমান সৰ্বজনচৰ্চিত বিষয়লৈ পৰিগণিত হৈছে৷