বঢ়মপুৰঃ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে নগাঁও জিলাৰ চামগুৰিৰ লৰিৰমুখৰ ৰাইজ৷ বিষয়া-কৰ্মচাৰীৰ সৈতে গোপন মিতিৰালি থকাৰ অভিযোগ কৰি সেই লোকসকলে লৰিৰমুখৰ বিদ্যুৎ তাৰ খুলি অনাৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে, নতুন সংযোগ লোৱাৰ নামত একাংশ বিষয়াই ৫০০০ টকা পৰ্যন্ত অতিৰিক্ত ধন বিচৰাৰ অভিযোগ উত্থাপন কৰে লৰিৰমুখৰ ৰাইজে।

লৰিৰমুখৰ ৰাইজে জানিবলৈ দিয়া মতে বৃহত্তৰ অঞ্চলটোৰ গ্ৰাহকৰ সমস্যাক চুড়ান্ত অৱমাননা কৰি চামগুৰিস্থিত বিদ্যুৎ বিভাগৰ উপ-সংমণ্ডলত বিষয়া কৰ্মচাৰীয়ে কোনো কাৰণ নোহোৱাকৈয়ে প্ৰায়ে বিদ্যুতৰ কাৰ্যালয়টোত উপস্থিত নাথাকে বুলি কয়।

আনহাতে, বুধবাৰে চামগুৰিস্থিত বিদ্যুৎ বিভাগৰ উপ-সংমণ্ডলৰ কাৰ্যালয়ত চামগুৰিৰ পূব লৰিৰমুখৰ প্ৰায় অৰ্ধশতাধিক ৰাইজে সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়াৰ প্ৰৰোচনাত পৰি নিশা কেইজন মান লোকে তাৰ ছিঙি অনাৰ খবৰ দিয়াক দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অতিষ্ঠ হৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহে খাটিখোৱা দৰিদ্ৰ লোকসকলে৷ একাংশ বিষয়া-কৰ্মচাৰীৰ উৎপাতত অতিষ্ঠ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে লোকসকলে৷