অভয়াপুৰীঃ কেইজনমান লোকে কেৱল ধন ঘটাৰ স্বাৰ্থত ধ্বংস কৰিছে এখন সেউজীয়া পাহাৰ৷ প্ৰশাসনক পেন্ট, চাৰ্টৰ পকেটত লৈ ফুৰা লোক কেইজনে সেউজীয়া পাহাৰ খন খুলি খুলি খাইছে৷

যিখন পাহাৰত বান্দৰ, চৰাই চিৰিকতিৰ কোলাহল আছিল তাত এতিয়া ট্ৰেক্টৰ, ট্ৰাক, আৰু শিল ভাঙিবলৈ ব্যৱহাৰ কৰা বোমা বিস্ফোৰণৰ শব্দ ওলাই৷ মুক্ত বিচৰণ কৰা চৰাইৰ কোলাহল এতিয়া নাই।

ওখ পাহাৰ খনৰ সেউজীয়া গছবোৰ, পাহাৰৰ গছৰ ধোন্দত বাস কৰা চৰাই, শিলৰ মাজত বাস কৰা চৰাই, কণী পাৰি পোৱালি জগোৱা চৰাই বোৰ এতিয়া নাই। এতিয়া পাহাৰ খনত প্ৰকৃতি ধ্বংসকাৰীৰ কোলাহল হে দেখা যায়৷

প্ৰকৃতি ধ্বংসকাৰীসকলে এফালৰ পৰা গছ-গছনি কাটি তহিলং কৰিছে৷ বিস্ফোৰণেৰে শিল ভাঙি নিতৌ ট্ৰাকে ট্ৰাকে কঢ়িয়াই আছে কেৱল টকাৰ স্বাৰ্থত৷ পাহাৰ খন এতিয়া পাহাৰ হৈ থকা নাই সকলো শেষ যাব ধৰিছে৷ কেইদিন মান পিছত তাত যে এখন পাহাৰ আছিল সেয়া সাধুকতাৰ দৰে হৈ পৰিব৷ নিতৌ গুমগুমাই এটাৰ পিছত এটা বিস্ফোৰণে৷ বিস্ফোৰণৰ শব্দই কাণ তাল মাৰি যায়৷

বিস্ফোৰণে বহু লোকৰ ঘৰ ধ্বংস কৰিছে৷ বহু লোকৰ পকী ঘৰৰ দেৱালত ফাট মেলিছে৷ মুঠৰ ওপৰত বন ধ্বংসৰ মুকলি প্ৰতিযোগিতা৷ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত বইটামাৰীৰ শিলঘাগিৰি পাহাৰৰ কথাকে কৈছো৷ এতিয়া সেই খনক পাহাৰ বুলি কব নোৱাৰি৷ পাহাৰ খনত শিলৰ কুৱেৰীত উচ্চ প্ৰাবল্যৰ বিস্ফোৰণৰ ফলত বইটামাৰী অঞ্চলৰ জনজীৱনলৈ ভাবুকি নামি আনিছে।

পাহাৰ খনত থকা তিনিটা কুৱেৰীত উচ্চ শব্দৰ বিস্ফোৰণে বইটামাৰী-ৰঘুনন্দনপুৰ আদি ঠাইৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে৷ ৰঘুনন্দনপুৰৰ মছজিদ, অনুষ্ঠান-প্ৰতিষ্ঠান, প্ৰায় প্ৰতিটো পৰিয়ালৰ ঘৰৰ পকীবেৰত বৃহৎ ফাট মেলিছে৷ কুৱাবোৰ মাটিৰ তললৈ বহি গৈছে। কুৱেৰীৰ মহলদাৰক বাৰে বাৰে অৱগত কৰাৰ পিছতো মুনাফাৰ বাবে হুল পুতি জিলেটিনৰ সহায়ত একেবাৰতে ৫০০-৬০০ বোমা বিস্ফোৰণ কৰি আতংকৰ সৃষ্টি কৰিছে।

সমগ্ৰ বিষয়টো জিলা প্ৰশাসন আৰু বনবিভাগক অৱগত কৰাৰ পিছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ একোটা বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা উচ্চ প্ৰাবল্যৰ শব্দই বৃহৎ অঞ্চলটোৰ গৰ্ভৱতী মহিলা আৰু নৱজাত শিশু, বৃদ্ধ, মহিলা, পুৰুষৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পেলাইছে৷

বিশেষজ্ঞ চিকিৎসকে আশংকা প্ৰকাশ কৰা মতে ভয়াবহ ৰোগত আক্ৰান্ত হ’ল পাৰে লোকসকল। অঞ্চলটোৰ ক্ষতিগ্ৰস্ত ৰাইজে বিস্ফোৰণ ততালিকে বন্ধ কৰাৰ বাবে জিলা প্ৰশাসনক দাবী জনাই আহিছে।

নিজৰ ভেটিতে এতিয়া মানুহ সুৰক্ষিত নহয়৷ সৰ্বসাধৰণে এতিয়া বোমাৰ শব্দৰ আতংকৰ মাজত দিন পাৰ কৰিব লগা হৈছে৷ প্ৰভাৱশালী লোকসকলৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰে একাংশ লোকে৷ মানুহৰ জীৱনক বিপদত পেলাই চলাই গৈছে ধন ঘটাৰ ব্যৱসায়৷

এক কথাত কবলৈ গলে দিনে-নিশাই অব্যাহত আছে বন ধ্বংস যজ্ঞ৷ কৰবাত পাহাৰৰ গছ কাটি তহিলং কৰিছে আন কৰবাত নদীৰ বুকুত খনন কৰি তলি উদং কৰিছে দুষ্ট চক্ৰই৷ গঁড় হত্যা, হাতী হত্যা এটা যেন এটা সাধাৰণ ঘটনাহে৷

ৰাজ্যত এটা বিয়াগোম বন বিভাগ থকাৰ পিছতো এফালৰ পৰা বনজ সম্পদ ধ্বংস কৰি গৈছে একাংশ লোকে৷ এতিয়া বন ধ্বংস হলেও ধৰোতা কোনো নাই৷ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিব পাৰিছেনে৷ আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷

ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-গঁড় হত্যা হৈ থকাৰ লগতে সেউজীয়া পাহাৰ, নৈৰ বালি-মাটি খনন কৰি আজিও ব্যৱসায় চলাই গৈছে একাংশ লোকে৷ ৰাজ্যৰ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোটৰ চৰকাৰে অবৈধ বালিৰ ব্যৱসায় তথা তথা বনজ সম্পদ ধ্বংস কৰিবলৈ হে ককালত টঙালি বান্ধিছে৷

অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰেও ২ বছৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল৷ বনজ সম্পদৰ ৰক্ষা শ্ল’গান যেন শ্ল’গান হৈ থাকিল৷

চৰকাৰ খনৰ প্ৰায় ২২ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷

ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷ নদীৰ বুকু উদং কৰি অবাধ হাৰত খনন কৰিছে বালি আৰু শিলৰ বাবে৷ য’তে ত’তে গঢ়ি উঠিছে বালিৰ অবৈধ মহল, পাহাৰ ধ্বংস যজ্ঞ।