ডিজিটেল ডেস্কঃ প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুক সাবতিবলগা হ’ল ২০ জন প্ৰতিবাদকাৰীয়ে। অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ জিলাৰ য়েৰপেডু আৰক্ষী থানাৰ সমুখত অবৈধ সামুদ্ৰিক বালি খননৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আজি দিনৰ ১ বজাত সমবেত হোৱা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ হেৰুওৱা ট্ৰাক এখনে মহতিয়াই নিয়ে।

ফলত থিতাতে ২০ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ২০ জন লোক আহত হয়। পুটালপেট্টু-নাইডুপেটা ৰাজপথত মালভৰ্তি তীব্ৰবেগী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰতিবাদকাৰীৰ মাজত সোমাই পৰে আৰু শেষত গৈ বিদ্যুতৰ খুঁটাত খুন্দা মাৰে।

বাটত আন যান-বাহনো মহতিয়াই নিয়ে ট্ৰাকখনে। ঘটনা পিছমূহুৰ্ততে চালকজন পলাই সাৰে। আহতসকলৰ কেইজনমানক স্থানীয় ৰুইয়া হস্পিতালত ভৰ্তি কৰোৱা হয়।

আনকেইজনক চেন্নাইৰ আন হস্পিতালত ভৰ্তি কৰোৱা হয়। আহতসকলৰ ১০ জনৰ অৱস্থা সংকটজনক বুলি জানিবপৰা গৈছে। ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে।