newsnextone.com | ডিব্ৰুগড়ঃ উজনি অসমত গৰু আৰু কাঠৰ অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে। উজনিৰ পৰা ট্ৰাকে ট্ৰাকে অবৈধ গৰু আৰু কাঠ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে অাৰক্ষীৰ জালত পৰে গৰু ভৰ্তি ট্ৰাক অাৰু বলেৰ' পিক অাপ ভান। শনিবাৰে নিশা তিনিচুকীয়া জিলাৰ পানীতোলা অাৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

 উজনি অসমত চোৰাং কাঠ অাৰু গৰুৰ অবৈধ বেহা আজিও অব্যাহত আছে বুলি দল-সংগঠনে উত্থাপন কৰি অহা অভিযোগ সঁচা সেই কথাৰ প্ৰমাণ হয়। উজনি অসমত সন্দেহজনক লোকে চোৰাং কাঠ অাৰু গৰুৰ অবৈধ বেহা চলাই গৈছে। দেওবাৰে পুৱতি নিশা তিনিচুকীয়া জিলাৰ পানীতোলা অাৰক্ষীয়ে গৰু ভৰ্তি ট্ৰাক অাৰু বলেৰ' পিক অাপ ভান জব্দ কৰিবলৈ সক্ষম হয়। নিশা ট্ৰাক সমূহ পাৰ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে।

পানীতোলা অাৰক্ষী জব্দ কৰা ট্ৰাকত ২৬টা গৰু, বলেৰ' পিকঅাপ ভানত ৬টা গৰু উদ্ধাৰ হয়। ট্ৰাক আৰক্ষীৰ জালত পৰাৰ পিছতে ট্ৰাকসমূহ এটা চক্ৰই প্ৰতিখন আৰক্ষী থানা পাৰ কৰি দিয়া বুলি চালকে স্বীকাৰ কৰে।

এএছ-০৬এ-চি-৯৪৬৮ নম্বৰৰ ট্ৰাক খনৰ চালক জন কোনো অজ্ঞাত লোকে চোৰাং সামগ্ৰী কঢ়িয়াই অনা গাড়ীসমূহ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰাৰ দায়িত্বত থাকে। কোনো সেই অজ্ঞাত লোক সেই বিষয়ে অৱগত নহয় চালক।

অজ্ঞাত লোকে গাড়়ী দুখন ৰাখাই কথা পাতি থকা অৱস্থাতে পানীতোলা অাৰক্ষী উপস্থিত হৈ দুয়োখন গাড়ীৰ নথি-পত্র অাৰু মুঠ ৩২টা গৰু জব্দ কৰে। এএছ-০৩-বিচি-১৯৮৯ বলেৰ' পিকঅাপ ভান খনৰ ৬টা গৰু যোৰহাটলৈ পুহিবৰ বাবে নি আছিল বুলি চালকে জানিবলৈ দিয়ে। যদি গৰু সমূহ চোৰাং নহয় তেন্তে নিশা কিয় পাৰ কৰা হয় সেয়া এক গুৰত্বপূৰ্ণ প্ৰশ্ন। উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ বৰডুমচা, ধলা অাদিৰ বিভিন্ন সপ্তাহিক বজাৰৰ পৰা কাগজে পত্র কৰা দেখুৱাই গৰুৰ অবৈধ বেহা চলিছে সেয়া নিশ্চিত।