Vox
Vox

ডিজিটেল ডেস্কঃ মৌলবাদী নেতা হাফিজ ছৈয়দক পাকিস্তান চৰকাৰে কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ পিছতে সৰৱ হৈ পৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প৷ জামাত উদ দাৱা নামৰ ইছলামীক সংগঠনটোৰ প্ৰতিষ্ঠাপক নেতা হাফিজৰ বিৰুদ্ধে ইউ এনে শিৰৰ মুল্য ১০ মিলিয়ন আমেৰিকান ডলাৰ ঘোষণা কৰিছিল। হাফিজক এৰি দিয়াত পাকিস্তানৰ বিৰুদ্ধ সৰৱ হৈ পৰিছিল ডনাল্ড ট্ৰাম্প।

তাৰ পিছতে ট্ৰাম্প আকৌ এবাৰ সৰৱ হৈ পৰিছে পাকিস্তানৰ বিৰুদ্ধে৷ এইবাৰ পাকিস্তানক কোনো ধৰণৰ আৰ্থিক সাহায্য দিয়া নহ’ব বুলি কয় ট্ৰাম্পে৷ এটি টুইট যোগে ট্ৰাম্পে কয় "পূৰ্বে মাৰ্কিন ৰাজনীতিবিদ সকলক বাৰে বাৰে পাকিস্তানে বুৰ্বক সজাইছিল৷ বিলিয়ন বিলিয়ন ডলাৰৰ বিনিময়ত মিছা প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে আন কাম কৰা নাই৷ বহুত হ’ল৷

আৰু সাহায্য দিয়া নহয়"৷ আমেৰিকাই পাকিস্তানক দি অহা আৰ্থিক সাহায্য বন্ধ কৰাৰ ভাবুকি পূৰ্বেও দি আহিছিল৷ এই বাৰ খোদ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই কথা টুইটাৰ যোগে ব্যক্ত কৰে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা সন্ত্ৰাসবাদক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছে পাকিস্তানক৷ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত বাবে বাৰে মত স্পষ্ট কৰিছে হোৱাইট হাউছে৷

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব ৰেক্স টেলাৰছনে এই ক্ষেত্ৰত মত স্পষ্ট কৰিছিল৷ ট্ৰাম্পে আফগানিস্তানৰ সন্ত্ৰাসবাদী পাকিস্তানত প্ৰৱেশ কৰা বুলি কৈ পাকিস্তান এতিয়া সন্ত্ৰাসবাদীৰ ভূস্বৰ্গ হৈ পৰা বুলি কয়৷ আনহাতে পাকিস্তানৰ বিদেশ মন্ত্ৰী খাজা মহম্মদ আছিফে ট্ৰাম্পৰ টুইটৰ শীঘ্ৰে উত্তৰ দিব বুলি কৈ প্ৰকৃত সত্যক সমগ্ৰ বিশ্বক জনাব বুলি কয়৷