নতুন দিল্লীঃ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত আহি উপস্থিত হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ আজি ভাৰতত দ্বিতীয়টো দিন। এই দ্বিতীয়টো দিনত ৰাষ্ট্ৰপতি ভৱনত পত্নী আৰু পৰিয়ালসহ আহি উপস্থিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানগৰাকী। ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আনুষ্ঠানিকভাৱে আদৰণি জনাই মাৰ্কিন  যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীক। লগতে এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলো। ২১ টা টোপধ্বনিৰে  ট্ৰাম্পক আদৰণি জনোৱা হয় ৰাষ্ট্ৰপতি ভৱনত।

ৰাজঘাটত ড'নাল্ড ট্ৰাম্প

ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জনাই মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাজঘাটৰ 'ভিজিটৰ বুক'ত ৰাজঘাট আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ সম্পৰ্কে ট্ৰাম্পে লিখিত আকাৰে মন্তব্য প্ৰকাশ কৰে, "আমেৰিকাবাসী মহাত্মা গান্ধীৰ দৰ্শনৰ সৈতে সদায়েই দৃঢ়তাৰে থাকিব। ই আমাৰ বাবে এক ডাঙৰ সন্মান। ধন্যবাদ।"

দিল্লীৰ চৰকাৰী বিদ্যালয়ত মেলেনিয়া ট্ৰাম্প

মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ পত্নী মেলেনিয়া ট্ৰাম্পে দিল্লীস্থিত  চৰকাৰী বিদ্যালয়সমূহ পৰিদৰ্শন কৰে। এই বিদ্যালয়খনত আম আদমী পাৰ্টি চমুকৈ আপ চৰকাৰৰ আঁচনিৰ অন্তৰ্ভুক্ত হেপ্পীনেছ ক্লাছৰ বিষয়ে বুজ লয় মেলেনিয়া ট্ৰাম্পে। লগতে ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ সৈতেও তেওঁ মতবিনিময় কৰে।

দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰতি দিনাই ৪৫ মিনিট সময় এই হেপ্পীনেছ ক্লাছ কৰা হয়। য’ত প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈকে ধ্যান কৰোৱা হয়। উল্লেখ্য যে প্ৰায় ডেৰ বছৰ পূৰ্বে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ নেতৃত্বত এই হেপ্পীনেছ ক্লাছৰ প্ৰথম আৰম্ভ কৰা হৈছিল। মেলেনিয়া ট্ৰাম্পে মনীষ ছিছোদিয়াৰ এই হেপ্পীনেছ ক্লাছৰ আৰ্হি দেখি  অত্যন্ত আপ্লুত হৈ পৰে।

মোডীক প্ৰশংসা ড'নাল্ড ট্ৰাম্পৰ

সোমবাৰে  বিশ্বৰ সৰ্ববৃহৎ ম'টেৰাৰ ক্ৰিকেট ষ্টেডিয়ামত ড'নাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীয়ে লক্ষাধিক লোকক সম্বোধন কৰে। 'নমস্তে ট্ৰাম্প' কাৰ্যসূচীত ট্ৰাম্পক আদৰণিৰ জনোৱা লক্ষাধিক লোকক ধন্যবাদ জনোৱাৰ লগতে আমেৰিকাই সদায় ভাৰতক ভালপায় আৰু সন্মান কৰি আহিছে বুলি মন্তৱ্য প্ৰকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁৰ ভাষণত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰি কয় যে, মোডী হৈছে এই  গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ এগৰাকী সফল নেতা, তেওঁ অকল গুজৰাটৰে গৌৰৱ নহয়। প্ৰধানমন্ত্ৰী হিচাপে মোডীয়ে প্ৰমাণ কৰি দিছে যে ভাৰতীয়ই যি বিচাৰে সেয়াই কৰে। ইফালে, চৰ্দাৰ বল্লভ ভাই পেটেল, স্বামী বিবেকানন্দক সোঁৱৰণ কৰাৰ লগতে ক্ৰিকেটৰ কথা উল্লেখ কৰি শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলিৰো নাম লয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

আজি উভতিব  স্বদেশলৈ

আজি নিশা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত বৈঠকত মিলিত হ'ব মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকী। বৈঠকৰ অন্তত ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হৈছে নৈশ ভোজনৰ। নৈশ ভোজনলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ মাত্ৰ চাৰিজন মুখ্যমন্ত্ৰীক। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাভ কৰিছে এই আমন্ত্ৰণ। নৈশ ভোজনৰ পিছতে স্বদেশলৈ উৰা মাৰিব ট্ৰাম্প।