ডিজিটেল ৰিপ'ৰ্টঃ দ্বাদশ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ বাৰ দিনৰ অন্তত আজি ঘোষণা কৰা হয় পৰিষদৰ বহু প্ৰত্যাশিত মুখ্য কাৰ্যবাহীৰ নাম ৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ সদৰ ডিফুত আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ আগমনৰ লগে লগে মুখ্য কাৰ্যবাহী পদকলৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পৰে ৷

ডিফু নগৰস্থিত আৱৰ্ত ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ আগমনৰ বিষয়ে জানিব পাৰি বিজেপিৰ শতাধিক নেতা কৰ্মী আৱৰ্ত ভৱনত উপস্থিত হৈ স্বায়ত্ব শাসিত পৰিষদত এজন নিকা নতুন মুখৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ দাবীত বেনাৰ ফেষ্টুন লৈ বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ মাজতে ২৩ গৰাকী নিৰ্বাচিত পৰিষদীয় সদস্য আৰু নৱ-নিৰ্বাচিত অধ্যক্ষ তথা চাৰিগৰাকী বিধায়কৰ সৰ্বসন্মতিক্ৰমে পূৰ্বৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক পুনৰ দ্বাদশ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ বাবে প্ৰস্তাৱ দাঙি ধৰে৷

প্ৰস্তাৱক ৰূপে আছিল মুখ্য কাৰ্যবাহী পদৰ অন্যতম দাবীদাৰ তথা বিজেপিৰ পূৱ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰতন টেৰণ। তেওঁৰ প্ৰস্তাৱক সমৰ্থন জনায় সৰুপথাৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত পৰিষদীয় সদস্য জগত সিং ইংতিয়ে৷

ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰে নিৰ্বাচিত পৰিষদীয় সদস্যৰ দুই ঘণ্টীয়া ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত ২৩ গৰাকী পৰিষদীয় সদস্য, নৱ-নিৰ্বাচিত অধ্যক্ষ আৰু চাৰিগৰাকী বিধায়কৰ উপস্থিতিত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দুলাল শইকীয়াই আৱৰ্ত ভৱনত সংবাদমেল সম্বোধন কৰি কয় যে, নিৰ্বাচিত পৰিষদীয় সদস্যসকলৰ সৰ্বসন্মতিক্ৰমে তুলিৰাম ৰংহাঙক পুনৰ মুখ্য কাৰ্যবাহী পদৰ দ্বায়িত্ব দিয়া হৈছে।

কাৰ্বি আংলংবাসী ৰাইজক দুৰ্নীতি, ভ্ৰষ্টাচাৰ মুক্ত এখন নিকা আৰু স্বচ্ছ পৰিষদ দিবলৈ ৰাজ্যিক বিজেপি বদ্ধপৰিকৰ বুলিও তেওঁ সদৰী কৰে ৷ তুলিৰাম ৰংহাঙৰ নেতৃত্বত এখন নিকা, সুস্থ আৰু সু-প্ৰশাসন গঢ়ি উঠিব আৰু পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই পাহাৰীয়া জনসাধাৰণক দিয়া সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদমেল যোগে জানিবলৈ দিয়ে।

ইফালে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীৰ এনে দাবীক লৈ দেখা গৈছে ব্যাপক চৰ্চা। বিজেপিত যোগ দিয়াৰ আগলৈকে যিজন মুখ্য কাৰ্যবাহীৰ বিৰুদ্ধে একাধিক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছিল সেইজন লোককে পুনৰ একেটা দায়িত্ব প্ৰদান কৰি পৰিৱৰ্তনৰ শ্ল'গান দিয়া বিজেপিয়ে কাৰ্বি পাহাৰৰ কেনেদৰে উন্নতি সাধন কৰিব বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।