newsnextone.com |  ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ড্ৰীম প্ৰজেক্ট সমূহৰ ভিতৰত অন্যতম স্প'ৰ্টচ কমপ্লেক্সৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত নিৰ্মিত অত্যাধুনীক স্পো'ৰ্টচ কমপ্লেক্সৰ কাম কাজ নিজেই তদাৰক কৰি আছিল তুলিয়ে।

 ডিফু চহৰৰ প্ৰাণ কেন্দ্ৰত গঢ়ি উঠা স্পোৰ্টচ কমপ্লেক্সৰ কাম নিয়মীয়া নিৰিক্ষণ কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। দেওবাৰেও পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, কেইবাগৰাকী এমএচি, অতিৰিক্ত মুখ্য অভিযন্তা পৱন তেৰাঙ, কাৰ্যবাহী অভিযন্তা বাদন তিচ', লুম্বাজঙৰ ভিডিচি অধ্যক্ষ লৰেন্স ৰংহাঙ সহ এটা দলক লগত লৈ ডিফুৰ স্পোৰ্টচ কমপ্লেক্সৰ গ্ৰাউণ্ড লেভেলিঙৰ কাম পৰ্যবেক্ষণ কৰে তুলিৰামে৷ 

খেল পথাৰ খনৰ ঘাঁহৰ কামহে বাকী আছে আৰু সেই কাম ছেপ্তেম্বৰ মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ ব্যক্তিগত সহায়কৰ ছ'চিয়েল মিডিয়া যোগে ঘোষণা কৰে ৷ ভাৰত চৰকাৰৰ নীতি আয়োগৰ অধীনৰ এককালীন বিশেষ পেকেজেৰে ডিফু স্প'ৰ্টচ কমপ্লেক্স, ডংকামোকাম, মিনি ষ্টেডিয়াম, হামৰেণৰ চেণ্ট্ৰেল হ'ল আৰু ডিফু নৈৰ সৌন্দৰ্য বৃদ্ধিৰ কাম পূৰ্ণ গতিত চলি আছে বুলি জানিব পৰা যায়।

 ডিফুত স্প'ৰ্টচ কমপ্লেক্সটো ৪৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে ৷ ডিফু চহৰৰ যান-জোঁটৰ সমস্যা আঁতৰাবলৈ মুখ্য কাৰ্য্যবাহী সদস্যগৰাকীয়ে চহৰখনৰ বাট-পথ বহল কৰা, উপযুক্ত নলা নিৰ্মাণ আৰু পদ পথৰ ওপৰত ৰেলিং দিয়া কামৰ নিজাববীয়াকৈ তদাৰক কৰি থকাৰ ফলত কামবোৰৰ কৰবাত আসোঁৱাহ পূৰ্ণ হৈছে যদিও কামৰ অগ্ৰগতি লাভ কৰিছে বুলি ৰাইজে কব খোজে ৷ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ ড্ৰীম প্ৰজেক্টৰ কাম সম্পূৰ্ণ হ'লে ডিফু চহৰখনক অতি কম দিনৰ ভিতৰত সকলোৱে এক আটকধুনীয়া আৰু স্মাৰ্ট চহৰ হিচাপে প্ৰত্যক্ষ কৰিব পাৰিব বুলি কৈ আহিছে তুলিৰামে ৷