প্ৰতিকী ফটো, উত্সঃ ইণ্টাৰনেট
প্ৰতিকী ফটো, উত্সঃ ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ সোপাধৰাক লৈ ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত চলি থকা হিংসাত্মক কাৰ্যকলাপৰ মাজেত দেওবাৰে নিশাৰ ভাগত হাজাৰিবাগ ৰেলৱে ষ্টেশ্যনত দুটাকৈ বোমা বিস্ফোৰণ ঘটে৷ 

এই বিস্ফোৰণত এজন যুৱকৰ এখন হাত ছিগি যায়৷ গয়া আৰু ধনবাদ হৈ কলকাতা যোৱা ৰেল লাইনত এই বিস্ফোৰণ ঘটে৷ নিশাৰ ভাগত হোৱা এই বিস্ফোৰণত শব্দ শুনাৰ লগে লগে নিকটৱৰ্তী অঞ্চলবাসী আতংকিত হৈ পৰে৷ 

হাত ছিগা যুৱকজনৰ চিকিৎসা ধনবাদৰ স্থানীয় হস্পিতাল এখনত কৰি থকা হৈছে৷ বিস্ফোৰণৰ সামগ্ৰী এখন বেগত অনা হৈছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ ব্যক্ত কৰিছে৷