নতুন দিল্লীঃ জম্মু-কাশ্মীৰৰ পুলৱামা আক্ৰমণে ৰাজ্যখনত দপদপাই থকা সন্ত্ৰাসবাদীৰ শক্তিৰ উমান দিলে। জেহাদি যে অকল জম্মু-কাশ্মীৰতেই খোপনি পুতি আছে এনে নহয়। দেশৰ আন আন ৰাজ্যতো ইয়াৰ হাতোৰা মেলিছে।

ইয়াৰে প্ৰমাণ পোৱা গ’ল উত্তৰ প্ৰদেশৰ আটক কৰা দুই সন্ত্ৰাসবাদীৰ ভাষ্যত। ধৃত সন্ত্ৰাসবাদী দুটা ক্ৰমে শ্বাহনাৱাজ টেলি আৰু আব্দুল আকিব মালিক।

সেনাৰ চোৰাংচোৱা বিষয়াৰ মতে এই দুই সন্ত্ৰাসবাদীয়ে পুলৱামা ঘটনা সন্দৰ্ভত কিছু সন্দেহজনক বাৰ্তালাপ কৰিছিল। পুলৱামা কাণ্ডৰ মূল নায়ক আব্দুল ৰচিদ গাজিৰ লগত সম্পৰ্ক বজাই ৰাখিছিল সন্ত্ৰাসবাদী দুটাই। 

এই সন্ত্ৰাসবাদী দুটাৰ টেলিফোনৰ কল ৰেকৰ্ডিং পৰীক্ষা কৰি তদন্তকাৰী সংস্থাসমূহে এক সন্দেহজনক কথাপকথন ধৰা পেলাইছে। এই কথোপকথনৰ মাজতে উল্লেখ কৰা হৈছিল 'ডাঙৰ ঘটনা’ আৰু 'সামগ্ৰী’ বুলি। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে 'ডাঙৰ ঘটনা’ বাক্যাংশৰদ্বাৰা পুলৱামা আক্ৰমণক বুজাইছিল আৰু 'সামগ্ৰী’ শব্দৰে অস্ত্ৰ-শস্ত্ৰৰ কথা বুজোৱা হৈছিল।

সন্ত্ৰাসবাদী দুটাই স্বীকাৰ কৰিছে যে তেওঁলোকে আব্দুল ৰচিদ গাজিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল।