newsnextone.com। ওদালগুৰিঃ শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাত্ৰ কিছুদিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো বিভিন্ন পূজা সমিতিসমূহে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। ওদালগুৰি চহৰখনত এইবাৰ প্ৰায় বিশখন পূজা সমিতিয়ে পূজাৰ বিশাল আয়োজন চলাইছে।

ইয়াৰ মাজতে ওদালগুৰি প্ৰশাসনে শৃংখলাবদ্ধভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে কেতবোৰ পদক্ষেপ হাতত লোৱা দেখা গৈছে। সমান্তৰালকৈ এইবাৰৰ দূৰ্গা পূজাত প্ৰশাসনে স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পূজা সমিতিসমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।

সেই অনুসৰি প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ ত্যাগ কৰা, প্ৰতিমাসমূহত অতিশয় ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ ৰোধ, প্ৰতিখন পূজা সমিতিকে নিজৰ পূজাস্থলীত দুটাকৈ ডাষ্টবিন ব্যৱহাৰ, পূজাস্থলীসমূহত স্বচ্ছতাৰ সজাগতা সম্পৰ্কে বিভিন্ন পোষ্টাৰ লগোৱা, প্ৰতিমূৰ্তি বিসৰ্জনৰ বাবে ব্যৱহৃত বাহনসমূহত স্বচ্ছতাৰ সজাগতামূলক পোষ্টাৰ লগোৱাৰ বাবে প্ৰশাসনে আহ্বান জনাইছে।