newsnextone.com| ওদালগুৰিঃ ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ নাথাকি এইবাৰ কৃষিকৰ্মৰে স্বাৱলম্বীতাৰ সপোন দেখিছে ওদালগুৰিৰ এখন অতি ভিতৰুৱা গাওঁৰ এজাক মহিলাই। কেৱল সপোন দেখাই নহয়, নিজ হাতৰ পৰশত জীপাল হৈ উঠা শস্যৰ পৰা আৰ্থিকভাৱেও লাভৱান হৈছে এইজাক মহিলাই। ফলত পুৱাৰ পৰা আৰম্ভ কৰি সন্ধিয়া পৰ্যন্ত নিজ কৃষিকৰ্মত ব্যস্ত থাকে মহিলাসকলে।

ওদালগুৰি ফাৰ্মাৰ্চ কো: অ: চোছাইটিৰ নেতৃত্বত এজাক ৬০ জনীয়া মহিলাৰ দল এতিয়া ব্যস্ত হৈ পৰিছে কৃষিকৰ্মত। ২০১৬ চনত জন্ম লাভ কৰা এই চোছাইটিটোৱে প্ৰথমাৱস্থাত ওদালগুৰিৰ বাদাগাওঁ, মাজখুটি, নলবাৰী অঞ্চলৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰী মধ্যভুগীৰ বিলুপ্তি ঘটাই কৃষকক উচিত মূল্য প্ৰদানেৰে গুৱাহাটীৰ পামহী পাইকাৰী বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ সমসাময়িকভাৱে সংস্থাটোৱে ধানৰ বীজ উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। এইক্ষেত্ৰত সংস্থাটোক যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় আৰু তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰ‌ই বিশেষভাৱে সহায় কৰা বুলি কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে। 

আনহাতে হাজোস্থিত কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰ‌ৰ বাৰ্ষিক প্ৰদৰ্শনীমূলক কাৰ্যসূচীৰ দ্বাৰা সংস্থাটোৱে অধিক উৎপাদন ক্ষমতাযুক্ত ধানৰ বীজ উৎপাদন কৰে। লগতে উৎপাদিত এই বীজৰ ৩০ টন বীজ ২০১৭ চনত মিচিং স্বায়ত্বশাসিত পৰিষদলৈ ৰপ্তানি কৰি লাভাম্বিত হোৱা বুলি জানিব পৰা গৈছে। ২০১৬ চনত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় কৃষি মেলাত এই সংস্থাটোৱে শ্ৰেষ্ঠ অভিনৱ বটাঁ লাভ কৰিবলৈ সক্ষম হৈছিল।

বৰ্তমান ওদালগুৰি চহৰৰ পৰা প্ৰায় ৪ কিঃমি নিলগৰ মনপুৰ গাওঁৰ পথাৰত হাতে হাতে কোৰ-দা লৈ মহিলাসকল ব্যস্ত কলপুলি ৰোপণত। শাৰী শাৰী দেখা গৈছে মালভোগ, অমৃত সাগৰকে ধৰি বিভিন্ন প্ৰজাতিৰ কলপুলি। চলিত বৰ্ষত জিলাখনৰ বিভিন্ন প্ৰান্তৰ মাটি লীজত লৈ ৬৫০ বিঘা মাটিত কলৰ খেতি, ৭৫ বিঘা মাটিত মুগ দাইল, ৬০ বিঘা মাটিত মাটিমাহ, ৪৫ বিঘা মাটিত মাটিমাহৰ বীজ ৰোপন কাৰ্যত ৭০০ খৰাকী কৃষক জড়িত হৈ আছে। এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে ওদালগুৰিৰ লালপুলস্থিত কৃষি বিকাশ কেন্দ্ৰ‌ই। কেৱল স্থানীয় শস্য‌ই নহয়, চোছাইটিটোৱে বৰ্তমান বেবীকৰ্ণ, চুইটকৰ্ণ, ড্ৰেগন ফল কম বেছি পৰিমাণে উৎপাদন কৰি থকাৰ কথা কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে। কলখেতিৰ জৰিয়তে প্ৰতি বছৰে বিঘাই প্ৰতি ৯০হাজাৰ টকাকৈ লাভৱান হৈছে সংস্থাটো।

আগন্তুক দিনত আৰু অধিক কৃষিভূমিত বিভিন্ন শস্য উৎপাদন কৰিব বুলি সংস্থাটোৰ সভাপতি অবিনাশ দৈমাৰী, সম্পাদক গোলক বড়ো আৰু বাণিজ্যিক বিভাগৰ কৰ্মকৰ্তা ধিৰাজ দাসে জানিবলৈ দিয়ে। সি যিয়েই নহ‌ওঁক, শেহতীয়াভাৱে সংস্থাটোৱে নাৰী সকলক স্বাৱলম্বী কৰাৰ বাবে আগবাঢ়ি অহাত অত্যন্ত সুখী ওদালগুৰিৰ এইসকল মহিলা। ওদালগুৰিৰ একাংশ নাৰীয়ে দেখুওৱা এই নিদৰ্শনে আন মহিলাসকলক উৎসাহ যোগাব বুলি সচেতন মহলে প্ৰশংসা কৰে।