গুৱাহাটীঃ সেনা প্ৰধান বিপিন ৰাৱাটৰ মন্তব্যৰ পিছৰে পৰা ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে৷ ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ বাবে AIUDFক জগৰীয়া কৰাত সংখ্যালঘু এলেকা তথা AIUDFৰ প্ৰাধান্য থকা ঠাই সমূহত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিপিন ৰাৱাটে পাকিস্তানে চীনৰ সহায়ত বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ পঠাই আছে বুলি মন্তব্য প্ৰদান কৰিছিল৷

অসমলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ অব্যাহত আছে বুলি উল্লেখ কৰি পাকিস্তানে উত্তৰ-পূব দখলৰ কুচকাৱাজ চলোৱা বুলি সেনা প্ৰধান জানিবলৈ দিয়ে। অসমত মুছলমানৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ ফলত দ্ৰুতগতিত বিজেপিতকৈ AIUDFৰ উত্থান হৈছে বুলি দিল্লীৰ এক আলোচনা চক্ৰত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছিল দেশৰ সেনাপ্ৰধান বিপিন ৰাৱাটে।

পাকিস্তানে আক্ৰমণ কৰাৰ চেষ্টা চলোৱা বুলি উল্লেখ কৰি ৰাৱাটে কয় ভাৰতৰ উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সমস্যা সমূহ সমাধান কৰা উচিত বুলি কৈ জনসংখ্যা বৃদ্ধিৰ বাবে AIUDFক প্ৰকাৰন্তৰে জগৰীয়া কৰে। অসমৰ ৫ জিলাৰ জনগাঁথনি অস্বাভাৱিক ভাৱে সলনি হৈছে। ৫ৰ পৰা ৮খন জিলা হ’বলৈ গৈ আছে আৰু এনে হ’লে ইয়াৰ বাবে চৰকাৰেই দায়ী হ’ব বুলিও মন্তব্য কৰে সেনা প্ৰধানগৰাকীয়ে। আনহাতে সেনাপ্ৰধান বিপিন ৰাৱাটৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ দেশত।

বিজেপি বিধায়ক প্ৰশান্ত ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এয়া নতুন কথা নহয়, চৰকাৰে ইয়াৰ ওপৰত নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। বিজেপিতকৈ AIUDFৰ উত্থান বেছি হোৱা নাই বুলিও ফুকনে লগতে কয়। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যদি এয়া সঁচা, তেন্তে কি কৰি আছে চৰকাৰে। এয়া অসমৰে নহয়, সমগ্ৰ দেশৰ বাবেই ভয়াৱহ। সীমান্ত সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ। নাৰীৰ ওপৰতো নিৰ্যাতন দিনে দিনে বৃদ্ধি পোৱাৰ লগতে আলফাৰ উত্থান ঘটিছে বুলি গগৈয়ে লগতে মন্তব্য আগবঢ়ায়। আনহাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধান সভাত মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰে বিধায়ক জাকিৰ হুছেইনে।

বিধায়কগৰাকীয়ে যদিহে সেনাপ্ৰধানৰ হাতত AIUDFৰ বিৰুদ্ধে তথ্য আছে তেন্তে শীঘ্ৰেই AIUDFক নিষিদ্ধ কৰিব লাগে বুলি কয়। আনহাতে এগৰাকী সেনা প্ৰধানৰ এনে মন্তব্যৰ পিছতেই AIUDFক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ একাংশ সচেতন লোকে যদি সেনা প্ৰধানৰ হাতত AIUDFৰ বিৰুদ্ধে তেনে কোনো তথ্য আছে তেন্তে তাক ৰাজহুৱা কৰি দলটো নিষিদ্ধ কৰাৰ দাবী জনাই৷ নাম প্ৰকাশত অনিচ্ছুক একাংশ লোকে শীঘ্ৰে গৃহ মন্ত্ৰাণালয়ে সেনা প্ৰধানে উত্থাপন কৰা অভিযোগক গুৰুত্ব সহকাৰে লৈ তদন্ত কৰিব লাগে বুলি কয়৷

আনহাতে AIUDFপ্ৰধান বদৰুদ্দিন আজমলৰ সংবাদ মাধ্যমৰ সন্মুখত ৰাৱটে আৰএছএছ আৰু বিজেপি নেতাৰ দৰে মন্তব্য কৰিছে বুলি ৰাৱাটক উভতি ধৰে৷ সেনাপ্ৰধানৰ সাংবিধানিক কৰ্তব্য পালন কৰাটোহে দায়িত্ব বুলি কৈ ৰাজনৈতিক দলৰ গতিবিধি লক্ষ্য কৰাটো কাম নহয় বুলি কয়৷ উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা বুলি কৈ এনআৰচিৰ উন্নীতকৰণৰ সময়ত এনে মন্তব্য কৰা বুলি কয়৷ সেনাৰ পদ মৰ্যাদাক আঘাট কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে সেনা প্ৰধানৰ বিৰুদ্ধে৷ AIUDF দলৰ কথা কোৱাটো হাস্যকৰ আৰু মুছলমানৰ বাবে অপমানজনক৷

মুছলমানৰ জনগাঁথনি বৃদ্ধি হ’লে নিৰ্বাচনত আমাৰ আসন বৃদ্ধি বাঢ়িল হেতেন বুলি কৈ সাংসদ আজমলে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীক এই ক্ষেত্ৰত অভিযোগ দিম বুলি কয়৷ ইপিনে টুইট কৰি AIUDF প্ৰধান বদৰুদ্দিন আজমলে এগৰাকী সেনা বিষয়াই ৰাজনৈতিক মন্তব্য কৰাটো তেনেই আশ্চৰ্যৰ কথা বুলি কয়। গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধৰ ভেঁটিত গঢ় লৈ উঠা দল এটাই বিজেপিক চেৰ পেলাই কৰা উত্থানক লৈ ৰাৱট চিন্তিত হৈছেনো কিয়- এই বুলিহে প্ৰশ্ন কৰে বদৰুদ্দিনে। ডাঙৰ দলবোৰৰ কুপ্ৰশাসনৰ কাৰণেই এআইইউডিএফ, আপৰ দৰে দলৰ উত্থান ঘটিছে বুলি কয় নেতাগৰাকীয়ে।

গুৱাহাটীতো AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এখন সংবাদ মেল অনুষ্ঠিত কৰি এয়া ৰাজনৈতিক উদ্দেশ্যো প্ৰনোদিত মন্তব্য বুলি কয়৷ এনআৰচি কাৰ চলি থকাৰ মাজতে এনে মন্তব্য কৰা বুলি কয়৷