লালুকঃ বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ বঙালমৰাত এ আই ইউ ডি এফৰ লখিমপুৰ জিলা সমিতিয়ে এখন জনসভা অনুষ্ঠিত কৰে৷ সভাত উপস্থিত থাকি দলটোৰ সভাপতি বদৰুদ্দিন আজমলে হিন্দু বাংলাদেশী সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতিক কেতিয়াও মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে৷

আজমলে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু মুছলিম কাৰোৱেই নাগৰিকত্ব মানি লোৱা নহ’ব বুলি মত প্ৰকাশ কৰে৷ কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰিব লগা নাগৰিকত্ব সংশোধনী বিলৰো বিৰোধিতা কৰাৰ হুংকাৰ দিয়ে৷ বদৰুদ্দিন আজমলে বিজেপি, আৰ এচ এচৰ এজেন্ট বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মত ব্যক্ত কৰি মই বিজেপিৰ এজেন্ট নহয় বুলি কৈ অভিযোগকাৰীসকলক কুকুৰৰ সৈতে তুলনা কৰে৷

বিজেপিৰ কলা চশমা পিন্ধি তেওঁলোকে সকলোকে বিজেপিৰ দৰে দেখে বুলিও এ আই ইউ ডি এফৰ নেতাজনে মন্তব্য কৰে৷ এন আৰ চিত পঞ্চায়ত প্ৰমান পত্ৰৰ বৈধতা সম্পৰ্কত উচ্চতম ন্যায়ালয়ত গোচৰ তৰি আজমলে মহিলাসকলক ন্যায় দিয়া বাবে লখিমপুৰ জিলা জমিয়তে বদৰুদ্দিন আজমলক এখন সঁফুৰাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷

সভাত এ আই ইউ ডি এফ বিধায়ীনি দলৰ দলপতি তথা দলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বাচিৰ আহমেদ কাছিমি, বিধায়ক চুলাম উদ্দিন লস্কৰ, জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাব উদ্দিন আহমেদ, নাওবৈছা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী উপস্থিত থাকি বিজেপি চৰকাৰ খনক তীব্ৰ ভাষাৰে সমালোচনা কৰি সমাগত পঞ্চায়ত নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ ৰাইজক আহ্বান জনায়৷