ফিল’বাৰীঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত বৃহস্পতিবাৰে পুৱতি নিশা সেনাই তীব্ৰ অভিযান চলাই৷ অভিযান কালত সেনাৰে মুখামুখী হয় এটি আলফাৰ দলৰ৷

তাৰ পিছতেই দুয়ো গোটৰ মাজত গুলীয়াগুলী লাগে৷ বহু সময় গুলীয়াগুলী লগাৰ পিছত কেইগৰাকীমান উগ্ৰপন্থী পলাই যাবলৈ সক্ষম হয়৷

তাৰ পিছতেই সেনাই দুগৰাকী সন্দেহজনক আলফা নেতাৰ মৃতদেহ উদ্ধাৰ কৰে৷ পুৱতি নিশা অৰুণাচল প্ৰদেশৰ মিয়াওৰ ছিংচা গাঁৱত সেনাৰে আলফাৰ সংঘৰ্ষ লাগে বুলি জানিব পৰা যায়৷

১৩নং আছাম ৰাইফল আৰু আলফা আৰু পিএলএৰ মাজত লগা  সংঘৰ্ষত দুজন আলফা নিহত হয় আৰু দুটা পিষ্টল সহ এটা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰিবলা সক্ষম হয় বুলি জানিব পৰা গৈছে৷ সন্দেহজনক আলফা নেতা দুজনক মানৱ দেউৰী ওৰফে মনিৰাম অসম আৰু হীৰা সিং ওৰফে তম্বা বুলি সেনাই চিনাক্ত কৰে৷

আন এক সুত্ৰৰ মতে সমগ্ৰ ঘটনা সেনা আৰক্ষীয়ে সংঘৰ্ষৰ ৰূপ দি হত্যা কৰা বুলি একাংশই সন্দেহ প্ৰকাশ কৰে৷ সেনা আৰক্ষীয়ে সংঘৰ্ষস্থলীৰ পৰা দুটা ৭ এমএম পিষ্টল দুটা গ্ৰেনেড আৰু যথেষ্ট সংখ্যক সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷