পাঠশালাঃ অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰত নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী (স্বাধীন) অসমৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও দশকজুৰি ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম বিৰোধী শক্তি হিচাপে সমগ্ৰ দক্ষিণ-পূব এচিয়াতে পৰিচিত সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস  ইষ্টাৰ্ণ নাগালেণ্ডৰ কেন্দ্ৰীয় কাৰ্যালয়ত পালন কৰা হ’ব।

এই অনুষ্ঠানত উপস্থিত থাকিব আলফা (স্বাঃ)ৰ সভাপতি ডা: অভিজিত্‍ অসমৰ লগতে সেনাপ্ৰধান পৰেশ অসমো। লগতে অংশ ল’ব অসমৰ কেইবাটাও বিদ্ৰোহী সংগঠনে। কাকপথাৰৰ ডেজিগনেটেড কেম্পত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিব সভাপতি অৰবিন্দ ৰাজখোৱাই।

ইফালে বঙাইগাঁৱৰ কেম্পৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব সাধাৰণ সম্পাদক অনুপ চেতিয়াই। উল্লেখযোগ্য যে ১৯৭৯ৰ আজিৰ দিনটোত শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰা আলফাই বৰ্তমানো স্বাধীন অসমৰ দাবীত ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে।