ফিল’বাৰীঃ অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাত যোৱা কেইটামান মাহৰ ভিতৰত কেইবাটাও কূটাঘাটমূলক ঘটনা সংঘটিত হৈছে৷ পিতা-পুত্ৰক গুলীয়াই হত্যা, ব্যৱসায়ীৰ পুত্ৰক অপহৰণ, মাইনিং কোম্পানীত আক্ৰমণ, ৰাজপথত ডাম্পাৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হোৱাত সেনা-আৰক্ষী সস্তম হৈ আছে জিলা খনত৷ প্ৰতিটো মুহূৰ্তত অপহৰণ, আক্ৰমণ সংঘটিত হোৱাৰ আশংকাত দিন পাৰ কৰে ৰাইজে৷

সমানে সমানে সেনা-আৰক্ষীয়ে ৰাইজৰ জীৱন-সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে প্ৰতিদিনে বদ্ৰোহীৰ বিৰুদ্ধে অভিযান চলাই অহা পৰিলক্ষিত হৈছে৷ সেনা-আৰক্ষীয়ে সফলো হৈছে বিদ্ৰোহীৰ বিৰুদ্ধে চলোৱা অভিযানত৷ বিদ্ৰোহীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি ৰখাৰ সময়তে একাংশ যুৱকে ধন ঘটাৰ বাবে বিদ্ৰোহী সংগঠনৰ নাম, পেড ব্যৱহাৰ কৰি ধন দাবী কৰি অহাৰ খবৰ প্ৰচাৰ হৈ আহিছে৷

বিদ্ৰোহী সংগঠনৰ প্ৰভাৱক লক্ষ্য কৰি ৰাইজ তথা সম্পত্তিশালী লোক আতংকিত হৈ থকাৰ গইনা লৈ একাংশ লোকে আলফাৰ নাম ব্যৱহাৰ কৰি ধন দাবীত নামি পৰিছিল৷ ইতিমধ্যে অসম আৰক্ষীয়ে এই কাণ্ডক লক্ষ্য কৰি অভিযান আৰম্ভ কৰিছে৷ অভিযান আৰম্ভ কৰিয়েই অসম আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় দুজনকৈ যুৱকক৷

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ হৰেন্দ্ৰ বৰুৱা, ঘণকান্ত দাস নামৰ যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয়৷ আলফা(স্বা)ৰ লেটাৰ পেড ছপাই যুৱক দুজনে তিনিচুকীয়া মাকুমৰ ডেকোউদচ নামৰ ব্যৱসায় প্ৰতিষ্ঠান খনৰ গৰাকীক ৫ লাখ টকা দাবা কৰিছিল৷ বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই চাবুৱাৰ পৰা আটক কৰে দুই যুৱকক৷