গুৱাহাটীঃ ব্ৰহ্মপুত্ৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা নহয়, গোপনে কেন্দ্ৰৰ নদী সংযোজন আঁচনিৰ শুভাৰম্ভ কৰাটোহে নমামি মহোৎসৱৰ প্ৰকৃত উদ্দেশ্য। নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱকলৈ ব্যাপক বিতৰ্ক চলি থকাৰ মাজত এই অভিযোগেৰে ৰাজ্য চৰকাৰক উভতি ধৰিলে বিদ্ৰোহী সংগঠন সংযুক্ত মুক্ত বাহিনী অসম ‘স্বাধীন’ চমুকৈ আলফা স্বাধীনে৷ বিদ্ৰোহী সংগঠনটোৰ সহকাৰী প্ৰচাৰ সম্পাদক অৰুনোদয় অসমে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত নমামি মহোৎসৱকলৈ ৰাজ্য চৰকাৰে চলোৱা ব্যাপক প্ৰস্তুতিক তীব্ৰ সমালোচনা কৰে৷

• 'নমামি'ৰ নাম লৈ গংগাৰে ব্ৰহ্মপুত্ৰক সংযোজনৰ ফন্দি পতাৰ অভিযোগ আলফা স্বাধীনৰ

যিখন অসমৰ খেতিয়কে বানত সৰ্বশ্ৰান্ত হৈ, শিক্ষকে দৰমহাৰ অভাৱত আৰু দৰিদ্ৰ পিতৃৃ-মাতৃয়ে সন্তানৰ মুখত আহাৰ দিবলৈ অক্ষম হৈ নিজ সন্তানক হত্যা কৰি নিজেও আত্মহত্যাৰ পথ বাছি লয়, ছাত্ৰই ভগা দলঙৰ পৰা পৰি মৃত্যু বৰণ কৰে, স্বাস্থ্য বিভাগে জল-স্থল অতিক্ৰম কৰিব পৰা অত্যাধুনিক দ্ৰুত বাহনৰ সলনি ‘ঠেলাম্বুলেন্স’ নাম দিব পৰা প্ৰহসনেৰে দায় সাৰে সেই চৰকাৰে ১৪ কোটি টকা শৰাধ কৰি নমামি মহোৎসৱ আয়োজন কৰাটোক হাস্যকৰ আখ্যা দিয়ে। 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিল্লীৰ পোষ্যপুত্ৰ আখ্যা দি নমামি উৎসৱৰ প্ৰয়োজনীয়তাক লৈও সন্দেহ প্ৰকাশ কৰে বিদ্ৰোহী সংগঠনটোৱে। নমামিয়ে বান সমস্যা কেনেদৰে সমাধান কৰিব বুলিও প্ৰশ্ন কৰে আলফাই৷

বিবৃতিটোত আলফা স্বাধীনে স্পষ্ট কৰি দিয়ে যে 'নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ' 'নমামি গংগা'ৰ দৰে অৰ্থব্যঞ্জক আখ্যা দিয়াতো কোনোপধ্যে মানি ল'ব পৰা নাযায়। পূজা-অৰ্চনাৰে মহোৎসৱৰ নামত ৰাইজক আভূৱা ভাৰি প্ৰকৃত উদ্দেশ্যে নদী সংযোজনক বাস্তৱ ৰূপ দিবলৈ চেষ্টা চলাইছে বুলিও বিবৃতিটোত বিস্ফোৰক অভিযোগ উত্থাপন কৰে আলফা স্বাধীনে।

এই সন্দৰ্ভত পৰ্যাপ্ত তথ্য থকা বুলিও বিবৃতিটোত দাবী কৰিছে বিদ্ৰোহী সংগঠনটোৱে। প্ৰথমে ব্ৰহ্মপুত্ৰ-গংগা নদী সংযোজনেৰে আঁচনিৰ শুভাৰম্ভ কৰিবলৈ কেন্দ্ৰই গোপনে প্ৰস্তুতি চলোৱাৰ কথাও বিবৃতিটোত উল্লেখ কৰে আলফা স্বাধীনে৷ উমা ভাৰতীৰ নিৰ্দেশত শীঘ্ৰে নদী সংযোজনৰ কাম আৰম্ভ হ'ব বুলি তথ্য লাভ কৰিছে বুলিও বিবৃতিটোত উল্লেখ কৰে বিদ্ৰোহী সংগঠনটোৱে ৷

নদী প্ৰকল্পত বৰলুইতক গংগা বা আন কোনো ভাৰতীয় নদীৰ লগত কোনোপধ্য সংলগ্ন কৰি জলসম্পদৰ ওপৰত থকা অধিকাৰ যাতে হেৰুৱাবলগীয়া তাৰ বাবে প্ৰতিজন অসমবাসীক সতৰ্ক হৈ থাকিবলৈকো আহ্বান জনায় আলফা স্বাধীনে। 

বিবৃতিটোত সংগঠনটোৱে আৰু কয় যে লুইতৰ বানক বশ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ উপদেশ সম্বলিত অসমৰ নিজা বিজ্ঞানসন্মত প্ৰকল্পৰহে ৰাইজে আদৰি লোৱা উচিত৷ ব্ৰহ্মপুত্ৰ-গঙ্গা সংযোজন অথবা অসমৰ সীমাৰ বাহিৰৰ আৰ্য্য নদীৰ লগত সংযোজনৰ সম্পূৰ্ণ বিৰোধী বুলিও স্পষ্ট কৰি দিয়ে আলফা স্বাধীনে।