ডিজিটেল ডেস্কঃ অদম্য সাহস যাৰ সংগী, তেওঁ জানো কেতিয়াবা অকলশৰীয়া হ'ব পাৰে! হ'ব পাৰে আৰোহণৰ পথ কষ্টকৰ, পিছে এই যাত্ৰা আলোকসন্ধানী। পোহৰ খেদি আগবাঢ়ি যোৱাৰ সময়ত মাত্ৰ দৃষ্টি নিবদ্ধ থাকিব লাগে লক্ষ্যত।

একলব্যসদৃশ একাগ্ৰতাৰে লক্ষ্যভেদৰ বাবে অবিচল হৈ থকাটো কিন্তু সকলোৰে বাবে সম্ভৱ নহয়। যিজনৰ বাবে এয়া সম্ভৱ তেৱেই মহাৰথী, জুয়ে পোৰা সোণ। এইদৰেই পাতনি মেলিব লাগিব উম্মাল খেৰৰ বিষয়ে বৰ্ণনা কৰিবৰ বাবে।

ৰাজস্থানৰ বিকলাংগ যুৱতী উম্মাল এইবাৰৰ কেন্দ্ৰীয় অসামৰিক লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীণ হৈছে। ভৱিষ্যতে তেওঁ হব আই এ এছ বিষয়া। কিন্তু এই সাফল্য উম্মালৰ সংগ্ৰামৰ ক্লাইমেক্সহে মাত্ৰ। দৰাচলতে জীৱনক পৰাস্ত কৰি তেওঁ অৰ্জন কৰা সফলতাই কঢ়িয়াইছে সংগ্ৰামৰ সুঘ্ৰাণ।

পাচলি বিক্ৰেতা পিতৃ-মাতৃ আৰু ভাতৃৰ সৈতে সৰুতেই দিল্লীত তেওঁ উপস্থিত হৈছিল। উম্মালক সেই সময়ত নাম লগাই দিয়া হৈছিল পণ্ডিত দীনদয়াল উপাধ্যায় ইনষ্টিটিউটত। তাৰ পৰা উম্মালে পঢ়িলে অমৰ জ্যোতি দাতব্য ন্যাসৰ বিদ্যালয়ত। শাৰিৰীক প্ৰতিবন্ধকৰ হেতুকে তেওঁ কিছু অৰ্থ সহায় অৱশ্যেই পালে।

পিছে অষ্টম শ্ৰেণী পাছ কৰাৰ পিছত আৰম্ভ হ'ল বিপদ। অভিভাৱকে পঢ়িবলৈ নিদিয়া হ'ল উম্মালক। তেওঁলোকৰ মতে কন্যাসন্তানৰ অধিক অধ্যয়নৰ দৰকাৰ নাই। পিছে লক্ষ্যক খেদি ফুৰা উম্মালে ঘৰৰ পৰা পলাই থিতাপি ললে দিল্লীৰ ত্ৰৈলোক্যপুৰীৰ বস্তিত। তাতে থাকি তেওঁ পঢ়িবলৈ ধৰিলে।

খৰচ গোটাবলৈ আৰম্ভ কৰিলে কেবাটাও টিউছন। ৰাতি সংগ দিয়া এগৰাকী কিশোৰীক প্ৰতিদানস্বৰূপে বিনামূলীয়াকৈ উম্মালে টিউছন কৰালে। অচিনাকি লোকৰ উমাল সংগতে লক্ষ্যৰ দিশে আগবাঢ়িল উম্মাল। এসময়ত পাছ কৰিলে মেট্ৰিক। উচ্চতৰ মাধ্যমিকত উৰ্ত্তীণ হৈ দিল্লী বিশ্ববিদ্যালয়ত তেওঁ নামভৰ্তি কৰিলে। সেই যে কোনো এটা দিনত আৰম্ভ হ'ল যাত্ৰা তাৰ পিছত আৰু এবাৰো ঘূৰি নাচালে উম্মালে। বস্তিৰ শিশুক টিউছন কৰি পোৱা ধনেৰে কলেজৰ মাচুল ভৰিলে তেওঁ।

তদুপৰি বিভিন্ন তৰ্ক প্ৰতিযোগিতাত অংশ লৈয়ো কিছু ধন পালে উম্মালে। ৰ'দ পৰি জিলিকা তৰোৱালৰ দৰে উজলিল তৰুণী। কিন্তু ২০১২ চনত দুৰ্ঘটনাত পতিত হ'ল উম্মাল। পংগু দেহা আকৌ জৰ্জৰিত হ'ল। এবছৰ হুইল চকীতে থাকিব লগা হ'ল।

তথাপি পঢ়ি থাকিল। উচ্চশিক্ষাৰ বাবে জে এন ইউত নামভৰ্তি কৰাই তেওঁ পালে জুনিয়ৰ ৰিছাৰ্চ ফেলোশ্বিপ। সেই ধন তেওঁ পঢ়াৰ কামতে লগালে। কাঁইটেৰে ভৰা পথ অতিক্ৰমী উম্মাল অৱৰ্তীণ হৈছিল ইউ পি এছ চিৰ পৰীক্ষাত। উৰ্ত্তীণও হ'ল। কিছুদিন পিছতে তেওঁ হ'ব আই এ এছ বিষয়া। এতিয়া উম্মাল এজাক বতাহ। যাৰ অবিহনে ফুলৰ সুগন্ধও অসাৰ।