প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ ভোকাতুৰ যাত্ৰীয়ে লুটিলে ৰাজধানী এক্সপ্ৰেছৰ খাদ্য৷ বৃহস্পতিবাৰে ৰাতি সংঘটিত হয় এই ঘটনা৷ সময়ত খাদ্য নোপোৱাৰ বাবে কানপুৰত কিছু যাত্ৰীয়ে ট্ৰেইনৰ পেন্ট্ৰীত খাদ্যৰ বাবে জপটিয়াই ধৰে৷ 

যাত্ৰীয়ে অভিযোগ কৰা অনুসৰি পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছিল যাত্ৰীসকলে৷ ডবাসমুহত খাদ্যৰ যোগান ধৰিবলৈ কোনো এটেণ্ডেণ্ট নাছিল বুলিও অভিযোগ উত্থাপন কৰে যাত্ৰীসকলে৷ বুধবাৰে ৰাতি ট্ৰেইনখন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল৷

পিছত ৰাঁছী ৰেল’ৱে ষ্টেচনত বিষয়াক অৱগত কৰে৷ ভবিষ্যতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় বুলি প্ৰতিশ্ৰুতি দিছে ৰেল’ৱে কতৃপক্ষই৷ ৰাঁছী ৰাজধানী এক্সপ্ৰেছত প্ৰয়োজনতকৈ কম এটেণ্ডেণ্টত থকাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে ৰেল’ৱে কতৃপক্ষই৷