গুৱাহাটীঃ নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে দিছ্পুৰৰ ক্ষমতা গাদী দখল কৰাৰ সোনোৱাল চৰকাৰৰ তিনিটা বছৰ অতিক্ৰম কৰিলে।পাঁচ বছৰীয়া কাৰ্যকালৰ তিনিটা বছৰত চৰকাৰ খনে নিৰ্বাচন সময়ত দিয়া ২৫ লাখ নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতি কিমানদূৰ বাস্তৱায়িত কৰিব পাৰিছে ? যোৱা তিনিটা বছৰত চৰকাৰখনে কিমান নিৱনুৱাক সংস্থাপন দিলে? সচাকৈ বাৰু পাঁচটা বছৰত সোনোৱাল চৰকাৰখনে ২৫লাখ নিবনুৱাক সংস্থাপন দিব পাৰিব নে ? এনেধৰণৰ প্ৰশ্নই ৰাজ্যবাসীৰ মনত প্ৰতিমূহুততে ক্ৰিয়াৰ কৰি থকাৰ সময়তে নিয়োগ বিনিময় কেন্দ্ৰত চাকৰি প্ৰত্যাশিৰ নিবনুৱাৰ পঞ্জিয়নৰ হিচাপে এতিয়া সকলোকে আচম্বিত কৰি তুলিব। 

নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে দিছপুৰৰ গাদী দখল কৰা সোনোৱাল চৰকাৰৰ শাসনৰ(২০১৬) বর্ষৰ পৰা বৰ্তমান ২০১৯ বর্ষৰ ফেব্ৰুৱাৰীৰ মাহলৈকে অসম চৰকাৰৰ নিয়োগ বিনিময় কেন্দ্ৰত চাকৰি প্ৰত্যাশিৰ নিবনুৱাৰ পঞ্জিয়ন অনুসৰি বিগত তিনিটা বছৰত ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে নিবনুৱাৰ সংখ্যা।

অসম চৰকাৰৰ নিয়োগ বিনিময় কেন্দ্ৰৰ হিচাপ অনুসৰি সোনোৱাল চৰকাৰে শাসন গ্ৰহণ কৰা ২০১৬ বর্ষৰ ডিচেম্বৰ মাহলৈকে ৰাজ্যত মুঠ পঞ্জিয়নকৃত নিবনুৱা আছিল ২০লাখ ১০হাজাৰ ৬০৩গৰাকীৰ। তাৰে ১৪ লাখ ২৫হাজাৰ ১০ গৰাকীৰ পুৰুষৰ বিপৰীতে ৫ লাখ ৮৫হাজাৰ ৫৯৩ গৰাকীৰ মহিলা। 

একেদৰে ২০১৭বর্ষৰ ডিচেম্বৰত পঞ্জিয়ন কৃত নিবনুৱা সংখ্যা কিছু হ্ৰাস হৈছিল। উক্ত বর্ষত ৰাজ্যত সৰ্বমুঠ ১৯ লাখ,৬৩ হাজাৰ,৩৭৬ গৰাকীৰ আছিল।তাৰে ১৩ লাখ ৫৬ হাজাৰ ৬১২ গৰাকীৰ পুৰুষৰ বিপৰীতে ৬ লাখ ৬ হাজাৰ ৭৬৪ গৰাকীৰ মহিলা নিবনুৱা আছিল।কিন্তু তাৰ পাছৰ বর্ষ অথাৎ ২০১৮বর্ষৰ ডিচেম্বৰত পুনৰ বৃদ্ধি পালে নিবনুৱা সংখ্যা। উক্ত বর্ষত ৰাজ্যত নিবনুৱাৰ সংখ্যাৰ হ'লগৈ ২০ লাখ ২৪ হাজাৰ ৪৪৬ গৰাকীৰ। তাৰে ১৩ লাখ ৯০হাজাৰ ৩৯৭ জন পুৰুষৰ বিপৰীতে ৬ লাখ ৩৪ হাজাৰ ৪৯ গৰাকীৰ মহিলা। 

একেদৰে ২০১৯ বর্ষৰ ফেব্ৰুৱাৰীৰ মাহলৈকে ৰাজ্যত মুঠ পঞ্জীয়ন ভুক্ত নিবনুৱা সংখ্যা বৃদ্ধি পাই হৈছে গৈ ২০ লাখ ৪২ হাজাৰ ৯৫৪ গৰাকীৰ।তাৰে ১৪ লাখ ১৮ হাজাৰ ৫৭০ গৰাকীৰ পুৰুষৰ বিপৰীতে ৬ লাখ ২৪ হাজাৰ ৩৮৪ গৰাকীৰ মহিলা। অৰ্থাৎ আমি যদি সূক্ষ্ম ভাৱে লক্ষ্য কৰো ২০১৮বর্ষৰ ডিচেম্বৰৰ পাছত ২০১৯বর্ষৰ কেৱল দুটা মাহতে বৃদ্ধি পাইছে কেৱল পঞ্জিয়ন ভুক্ত নিবনুৱাই বৃদ্ধি পাইছে ১৮হাজাৰ ৫০৮গৰাকী।