newsnextone.com | ডিজিটেল ডেস্কঃ গো ৰক্ষাৰ নামত এগৰাকী মুছলমান লোকক হত্যা কৰা ৮গৰাকী লোকক কেন্দ্ৰীয় মন্ত্ৰীয়ে ফুলৰ মালা পিন্ধোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ জামিনত মুক্তি লাভ কৰি ঘৰলৈ অহা কেইবাজনো গো ৰক্ষাৰ নামত হত্যাকাণ্ড সংঘটিত কৰা লোকক কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিনহাই মালা পিন্ধাই৷ ইতিমধ্যে কংগ্ৰেছে বিজেপিক সমালোচনা কৰি কয় যে ভোটৰ বাবে বিজেপিয়ে সকলো কৰিব পাৰে৷

বিগত বছৰৰ ২৭ জানুৱাৰীত ঝৰখাণ্ডাৰ হাজিৰাবাগ জিলাৰ ৰামগড়ত কেইগৰাকীমান লোকে আলিমুদ্দিন আনছাৰী নামৰ এগৰাকী গৰু ব্যৱসায়ীক দিন দুপৰতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল৷ দীৰ্ঘ শুনানিৰ অন্তত চলিত বৰ্ষৰ ২১ মাৰ্চত ১১গৰাকী লোকক যাবজ্জীৱন কাৰাদণ্ড বিহিছিল বিশেষ আদালতে৷ 

১১গৰাকী লোকক পুনৰ জামিনৰ বাবে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰা হয়৷ যোৱা ২৯ জুনত ৮ জন লোকৰ জামিন প্ৰদান কৰে ঝাৰখাণ্ড উচ্চ ন্যায়ালয়ে৷ তাৰ পিছতে হাজিৰাবাগ লোকসভা সমষ্টিৰ সাংসদ হ’ল জয়ন্ত সিনহা৷ জয়ন্ত সিনহাই ৮ জন দোষীক এখন সভাৰ জৰিয়তে ফুলৰ মালা পিন্ধাই সম্বৰ্ধনা যাচে৷ 

জয়ন্ত সিনহাই গোচৰৰ তদন্তৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি চিবিআইৰ গোচৰ দিয়াৰ দাবী উত্থাপন কৰে৷ বৃহস্পতিবাৰে জয় প্ৰকাশ নাৰায়ণ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আটাইকেইজন গো হত্যাৰ দোষীয়ে কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পিছতে জয়ন্ত সিনহাৰ আবাসলৈ যায়৷ আবাসত শতাধিক লোকৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় আৰু তাত ফুলৰ মালা পিন্ধাই সম্বৰ্ধনা যাচে৷ 

৮ জনৰ দোষীৰ ভিতৰত এগৰাকী বিজেপিৰ জিলাৰ সভাপতি অমৰদ্বীপ যাদবও আছে৷ ঝাৰখাণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে এয়া আচৰিত কাণ্ড বুলি কয়৷ এটা বিতৰ্কিত বিষয়ত অভিযুক্ত বিষয়ত এই নীতি উচিত নহয় বুলি কয়৷ আনহাতে বিজেপিয়ে অশান্তি বিয়পাবৰ বাবে চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷