ডিজিটেল ডেস্কঃ কিৰণ খেৰ, ভেঙ্কায়া নাইডু, লালকৃষ্ণ আদৱানীৰ পাছত এইবাৰ প্ৰাণনাশৰ ভাবুকি আহিল বিতৰ্কিত কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগড়েলৈ৷ দেওবাৰে মাজনিশা কোনো অচিনাক্ত লোকে বিজেপি সাংসদ তথা কেন্ত্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগড়েৰ ঘৰৰ লেণ্ডলাইন নম্বৰত ফোন কৰি সাংসদগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰে৷

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ২ বজাত অনন্ত কুমাৰৰ ব্যক্তিগত ফোনত এটা অচিনাক্ত ফোন আহে৷ কিন্তু ফোনটো ৰিচিভ নকৰাত কিছুসময় পিছত পুনৰ সাংসদগৰাকীৰ লেণ্ডলাইন নম্বৰলৈ ফোন আহে৷ এইবাৰ ফোনটো সাংসদগৰাকীৰ পত্নীয়ে ৰিচিভ কৰাত কোনো অচিনাক্ত লোকে ফোনৰ সিটো মূৰে হিন্দীভাষাত অসংলগ্ন কথা কোৱা বুলি জানিবলৈ দিয়ে সাংসদ অনন্ত কুমাৰৰ পত্নীয়ে৷ 

সাংসদপত্নীয়ে ফোনটো কাটি দিয়াৰ কিছু সময় পাছতেই পুনৰ লেণ্ডলাইন নম্বৰলৈ ফোন কৰে অচিনাক্ত লোক জনে৷ এইবাৰ সাংসদগৰাকীয়ে নিজে ফোনটো ৰিচিভ কৰাত ফোনৰ লাইনত থকা অচিনাক্ত লোকজনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক মৃত্যুৰ ভাবুকি দিয়ে৷

কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ হেগড়েয়ে জানিবলৈ দিয়া মতে, ‘‘তুমি কি নিজকে বহু ডাঙৰ নেতা বুলি ভাবা নেকি? মই তোমাৰ মূৰ কাটি লৈ যাম৷ তোমাৰ শৰীৰ টুকুৰা টুকুৰকৈ কাটি শিয়াল-কুকুৰক খুৱাম৷’’- এনেদৰে সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ফোনযোগে হত্যাৰ ভাবুকি প্ৰদান কৰে কোনো অচিনাক্ত লোকে৷

ইফালে এই ফোন কলৰ পাছতেই ভীতিগ্ৰস্থ হৈ পৰে অনন্ত কুমাৰ হেগড়ে৷ এই ঘটনাৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সহকাৰী সুৰশ গোবিন্দ চেট্টীয়ে সিৰশি আৰক্ষী চকীত ফোন কলটোৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে৷