ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে দেওবাৰে জন্তৰ-মন্তৰত চামিল হোৱা ভীম সেনাই কেতবোৰ তাৎপৰ্যপুৰ্ণ বিষয়ৰ ওপৰত প্ৰশ্ন তুলি ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে৷

কোন এই ভীমসেনা, কোন গুৰিয়াল, কোন কোন চামিল হৈছে ভীমসেনাৰ প্ৰতিবাদী মিছিলত- এনে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ছ’চিয়েল মিডিয়াত৷ ফেচবুক-হোৱাটচআপত সক্ৰিয় ইউজাৰৰ এটাই অভিযোগ- ‘ট্ৰাম্প, মোদী, কেজৰিৱালৰ খবৰৰ ভিৰত হেৰাই গৈছে নেকি ভীমসেনাৰ উত্থান’৷ 

দৰাচলতে শেহতীয়াকৈ দলিত সম্প্ৰদায়ৰ ওপৰত হোৱা অন্যায়-অত্যাচাৰৰ অভিযোগৰেই মুৰ দাঙি উঠিছে ভীমসেনা৷ চাহাৰণপুৰত শব্বীৰ গাঁৱত হোৱা সাম্প্ৰদায়িক হিংসাৰ ঘটনা আৰু দেশখনত শেহতীয়াকৈ ঘটি থকা দলিতৰ ওপৰত অত্যাচাৰৰ ঘটনাৰ পিছতে ন্যায়ৰ হকে যুঁজ দিয়াৰ বাবেই যন্তৰ-মন্তৰত ধৰ্ণাত বহিছিল হাজাৰ হাজাৰ দলিত সম্প্ৰদায়ৰ লোক৷ 

কিন্তু এই ভীমসেনাৰ বিৰোধক অগণতান্ত্ৰীক আখ্যা দি ৫০০ জন প্ৰদৰ্শনকাৰীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰুজু কৰিছে গোচৰ৷ 

উল্লেখ্য যে দেওবাৰে ভীম সেনাৰ অধ্যক্ষ চন্দ্ৰশেখৰ আৰু সত্য পালৰ নেতৃত্বতে দিল্লী অভিমুখী প্ৰতিবাদী দলটোক দিল্লী আৰক্ষীয়ে অনুমতি নিদিলেও যন্তৰ-মন্তৰ ঘেৰাও কৰি প্ৰতিবাদী ধ্বনিৰে কঁপাই তোলে সেনাই৷

কেৱল নৰেন্দ্ৰ মোদীয়েই নহয়, উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰৰ বিৰুদ্ধেও শ্লোগান দিয়ে ভীমসেনাই৷
ভীম সেনাৰ অভিযোগ মতে যোগীৰ চৰকাৰৰ পৃষ্ঠপোষকতাতে উত্তৰ প্ৰদেশত গেৰুৱা পাগুৰি পিন্ধা লোকে সাম্প্ৰদায়িক হিংসা বিয়পোৱা কামত লিপ্ত হৈছে৷

দা আখবাৰ নামৰ নিউজ ৱেবছাইটটোত প্ৰকাশিত তথ্য মতে উত্তৰ প্ৰদেশত হাতত খোলা তলোৱাৰ লৈ গেৰুৱা পোচাক পৰিহিত গুণ্ডাবাহিনীয়ে হিংসা বিয়পাইছে৷ 

প্ৰদৰ্শনকাৰীসকলে চাহাৰণপুৰৰ ঘটনাৰ বাবে দায়ীসকলৰ লগতে বজৰংগ দল আৰু আৰএছএছ কৰ্মকৰ্তাসকলৰ ওপৰতো অপৰাধীক গোচৰ তৰাৰ বাবে দাবী জনাই প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ 

ভীম সেনাৰ প্ৰদৰ্শনত জেএনইউৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সচিব কানহায়া কুমাৰকে ধৰি দলিত নেতা জিগনেশ মেৱানীৰ লগতে উত্তৰ প্ৰদেশৰ ভালেমান মুছলমান নেতা উপস্থিত থাকে৷