newsnextone.com | ডিজিটেল ডেস্কঃ যোৱা ৬ মাহ ধৰি সংবাদ মাধ্যমত চৰ্চা চলিছিল এজন দলিত যুৱকৰ বিয়াক লৈ৷ তিনিবাৰ বিয়াৰ দিনবাৰ ঠিক কৰি কইনা আনিব যাব নোৱাৰিলে দলিত যুৱকজনে৷ কিয়নো কইনা আছিল উচ্চ বৰ্ণৰ গাঁৱৰ৷ ঠাকুৰ সমাজে বাৰে বাৰে বাধা দিছিল বিয়াত৷ যুৱতী আৰু যুৱতীৰ পৰিয়ালৰ সন্মতি আছিল বিয়াত৷ তথাপিও বাধা আৰোপ কৰা হৈছিল দলিত যুৱকৰ বিয়া খনত৷ তাৰ পিছতে আদালতৰ ওচৰ চাপিছিল দৰাই৷ প্ৰায় ৬ মাহৰ মূৰকত ৩৫০গৰাকী নিৰাপত্তাৰক্ষী লৈ যুৱকে বিয়া কৰালে উচ্চ বৰ্ণৰ গাঁৱৰ কন্যাক৷

সমাজত প্ৰচলিত জাত-পাত, ভেদভাৱৰ সময়তে উত্তৰ প্ৰদেশৰ দলিত যুৱকে উচ্চ বৰ্ণৰ গাঁৱৰ যুৱতীক ৬ মাহৰ মূৰকত বিয়া কৰাই আনিলে৷ কোনো উচ্চ বৰ্ণৰ ঠাকুৰে দিয়া নিদান মতে, দলিতে মহা ধুম ধামেৰে বিয়া অনুষ্ঠিত কৰাটো সমাজৰ পৰিপন্থী৷ ঐতিহ্যৰ বাবে সংকট৷ কিন্তু ঠাকুৰৰ নিদান পৰিহাৰ কৰি ৩৫০গৰাকী আৰক্ষীৰ জোৱান সহ বেণ্ড পাৰ্টি বজাই কইনা আনিবলৈ গ’ল দৰাই৷ এই দৃশ্য প্ৰচাৰ হয় দেশৰ সংবাদমাধ্যমতো৷  

উত্তৰ প্ৰদেশৰ কাচগঞ্জ জিলাৰ নিজামপুৰত সংঘটিত হৈছে এই কাণ্ড৷ ২৭ বছৰীয়া আইনৰ ছাত্ৰ সঞ্জয় জাতভে দেওবাৰে প্ৰতিবেশী জিলা হাথৰসলৈ ঘোৰাৰ গাড়ীত উঠি বেণ্ড পাৰ্টি বজাই কইনা আনিবলৈ যায়৷ কইনা ১৮ বছৰীয়া শীতল সিঙে নিজেই বিয়াৰ দৰা অহাৰ এই দৃশ্য প্ৰত্যক্ষ কৰে নিউজ চেনেলত৷

সঞ্জয়ে কয় যে আমাৰ সন্মান, অধিকাৰ পোৱাৰ বাবে এই যুঁজ কৰিছিলোঁ৷ আমাৰ সম্প্ৰদায় ঠাকুৰৰ বিৰোধী নহয়৷ কিন্তু জাত-পাতৰ বাবে বৈষম্য চলে তাৰহে বিৰোধী৷ আনহাতে দৰাই এনেদৰে অহাত সুখী হয় কইনা শীতল সিং৷ শীতলে কয় ‘‘দলিত সম্প্ৰদায়ক দমন কৰি ৰখাটো ঠাকুৰৰ বহু দিনৰ ইতিহাস আছে৷ কিন্তু মোৰ স্বামীয়ে সেই ইতিহাস ভংগ কৰিলে তাৰ বাবে মই সুখী৷ ইয়াৰ পূৰ্বে তিনিবাৰ দৰা আহিব দিয়া হোৱা নাছিল৷ উচ্চবৰ্ণৰ লোকে দৰাক আক্ৰমণ কৰিছিল৷ উচ্চ বৰ্ণৰ লোকে দলিত সম্প্ৰদায়ক আক্ৰমণ কৰিছিল যদিও ডাঙৰ পৰিৱৰ্তন হ’ল৷’’

দৰাৰ জিলা কাচগঞ্জৰ পৰা জিলাৰ আৰক্ষী অধীক্ষক সহ ৩৫০ গৰাকী নিৰাপত্তাৰক্ষীয়ে সুৰক্ষা দিয়ে দৰা আৰু শতাধিক লোকক৷ কাচগঞ্জৰ মহকুমাধিপতিৰ মতে, ৬ খন আৰক্ষী থানাৰ জোৱান, পিএচিৰ জোৱান, এএছপিয়ে দৰাৰ পৰিয়ালক সুৰক্ষা দিয়ে৷ দৰাই কইনা আনিব যোৱাৰ সময়ত কোনো অঘটন সংঘটিত হোৱা নাই৷   

৬মাহ পূৰ্বে দলিত যুৱক সঞ্জয়ে বিয়া কৰাব যোৱাৰ সময়ত তেওঁৰ প্ৰমিকা শীতলৰ ঠাকুৰ সমাজে বিয়াত বেণ্ড পাৰ্টি বজাবলৈ অনুমতি দিয়া নাছিল৷ তাৰ লগতে বিয়াত বিভিন্ন ধৰণে বাধা দিছিল৷ সঞ্জয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ওচৰ চাপে৷ প্ৰথমে সুৰক্ষা দিবৰ বাবে আৰক্ষীৰ ওচৰলৈ যায় যদিও আৰক্ষীয়ে সুৰক্ষা দিবলৈ মান্তি হোৱা নাছিল৷ পিছত আদালতৰ ৰায়ৰ অন্তত প্ৰশাসনে ৩৫০গৰাকী আৰক্ষী নিয়োগ কৰি বিয়াৰ দিনটোত সুৰক্ষা দিব লগা হয়৷