newsnextone.com | ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা মুছলমান সম্প্ৰদায়ৰ ৩ তালাক প্ৰথাক অসংবিধানিক বুলি ঘোষণা কৰাৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তত তিনি তালাকৰ ঘটনা সংঘটিত হৈ অহাৰ বাতৰি প্ৰচাৰ হৈয়ে আছে৷ শেহতীয়াকৈ, উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ পহৰেথা গাঁৱৰ এজন লোকে তেওঁৰ পত্নীয়ে কৰা সামান্য ভুলৰ বাবে তিনি তালাক প্ৰথাৰ বিবাহ বিচ্ছেদ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

নিৰ্যাতিতা মহিলাগৰাকীয়ে তেওঁৰ স্বামীক খাবলৈ এখন জ্বলি যোৱা ৰুটি দিয়াটোৱেই আছিল মহিলাগৰাকীৰ ভুল৷ যাৰ বাবে লোকজনে পত্নীক খঙৰ ভমকত তিনি তালাক শুনায়৷

২৪ বৰ্ষীয় মহিলা গৰাকীৰ অভিযোগ অনুসৰি, এই ঘটনা ৩ দিন পূৰ্বে সংঘটিত হয়৷ নিশা তেওঁ স্বামীক আহাৰ অপ্যায়ন কৰাৰ সময়ত ভুলবশতঃ এখন বনাওতে জ্বলি যোৱা ৰুটিও স্বামীক প্ৰদান কৰে৷ পত্নীৰ এই সামান্য ভুলৰ বাবে স্বামীয়ে খঙতে আবোল তাবোল বকিবলৈ আৰম্ভ কৰে শেষত ৩ তালাক কৈ দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটায়৷

আনহাতে, মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে শাৰিৰীকভাৱে নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰে৷ মহিলাগৰাকীৰ মতে, তেওঁৰ স্বামীয়ে তেওঁক প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ চেষ্টা চলাইছিল৷

এই ঘটনাৰ পিছতেই মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰে৷ ঘটনা সন্দৰ্ভত মহোবা জিলাৰ উপ-আৰক্ষী অধীক্ষক বংশৰাজ যাদৱে কয় যে ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে৷ নিৰ্যাতিতা মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগত গৃহ হিংসাৰ ভিত্তিত স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷

উল্লেখ্য যে, ২০১৭ চনৰ আগষ্টত কেন্দ্ৰীয় চৰকাৰে ৩ তালাক প্ৰথাক এক দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰি এখন বিধেয়ক উত্থাপন কৰিছিল৷ লোকসভাত বিধেয়কখন সংখ্যাগৰিষ্ঠতা লাভ কৰি অনুমোদিত হোৱাৰ পিছত বৰ্তমান বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱাৰ অপেক্ষাত আছে৷ 

ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হোৱাৰ পিছত মুছলমান সম্প্ৰদায়ৰ ৩ তালাক প্ৰথাক অবৈধ হিচাপে গণ্য কৰা হ’ব আৰু দোষীক ৩ বছৰ কাৰাবাস আৰু জৰিমণা বিহা হ’ব৷