ডিজিটেল ডেস্কঃ এটাৰ পিছত এটা বিতৰ্কেৰে বাতৰিৰ শিৰোনামা দখল কৰা উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে পুনৰ এক বিতৰ্কিত মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ কেতিয়াবা নিজ দলৰ বিপক্ষে আৰু কেতিয়াবা মোডী চৰকাৰৰ বিফলতাৰ বিষয়ে কৈ মন্ত্ৰীগৰাকীয়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ ৰাজপুতকে ধৰি কেইটামান সম্প্ৰদায়ক মদাহী আখ্যা দি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ওম প্ৰকাশ ৰাজভৰ৷ 

শুকুৰবাৰে বাৰানসীৰ এটি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ উত্তৰ প্ৰদেশৰ বিতৰ্কিত মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে কয় যে ৰাজপুত আৰু যাদৱ সম্প্ৰদায়ৰ লোকে সকলোতকৈ বেছি মদ্যপান কৰে৷ এই সম্প্ৰদায়ৰ লোকসকলৰ মদৰ বংশগত ব্যৱসায় আছে বুলিও মন্তব্য কৰে ওম প্ৰকাশে৷ 

ওম প্ৰকাশে কয়- ‘যদি সকলোতকৈ বেছি মদ্যপান কৰা সম্প্ৰদায় আছে, তেন্তে সেয়া হৈছে ৰাজপুত আৰু যাদৱসকল৷ ৰাজভৰ, চৌহান, কুম্হাৰ, লোহাৰ আদি সম্প্ৰদায়ৰ লোকসকলেও মদ্যপান কৰে৷ আপুনি তেওঁলোকৰ মা-ভনীসকলক গৈ এই বিষয়ে সোধক৷ তেওঁলোকে কিমান কষ্ট ইয়াৰ বাবে ভোগ কৰিবলগীয়া হয় তেওঁলোকেহে জানে৷ মই সেইকাৰণেই যোৱা ১৫ বছৰ ধৰি কৈ আছো যে সুৰাপান বন্ধ কৰিব লাগে৷’ 

ওম প্ৰকাশৰ এনে বিতৰ্কিত মন্তব্যৰ পিছতে ক্ষোভিত হৈ পৰে ৰাজপুত আৰু যাদৱ সম্প্ৰদায়৷ লক্ষ্নৌস্থিত মন্ত্ৰীগৰাকীৰ আৱাসত বিলাহী আৰু কণী দলিয়াই সম্প্ৰদায়মূহৰ লোকে মন্ত্ৰীগৰাকীৰ ভাষ্যৰ প্ৰতিবাদ কৰে৷

উল্লেখ্য যে ভাৰতীয় সমাজবাদী পাৰ্টীৰ অধ্যক্ষ তথা অনগ্ৰসৰ শ্ৰেণী কল্যানমন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে পূৰ্বেও ‘সাধাৰণ জনতাৰ মনত কংগ্ৰেছ বেয়া হোৱা কাৰণেই জনতাই বিজেপিক বাচনি কৰিলে৷ যদি বিজেপিৰ কাম কাজেও মানুহক আকৃষ্ট কৰিব নোৱাৰে তেন্তে জনতাই বেলেগ কাৰোৱাক নিৰ্বাচন কৰিব৷’ বুলি ৰাজনৈতিক ভাৱে বিতৰ্কিত মন্তব্য কৰিছিল৷