newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাগপত জিলাত সোমবাৰে এজন জেইলৰ কয়দীয়ে মুন্না বজৰংগী নামৰ মাফিযাজনক গুলিয়াই হত্যা কৰে৷ ইফালে, এই হত্যাকাণ্ডৰ আঁৰত মাফিয়া ডন সুনীল ৰাঠী জড়িত হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰাৰ সময়তে বজৰংগীৰ পত্নী সীমা সিঙে প্ৰকাশ কৰা এক মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

বজৰংগীৰ পত্নী সীমা সিঙে জৈনপুৰৰ প্ৰাক্তন বিধায়ক তথা বহুজন সমাজবাদী পাৰ্টীৰ নেতা ধনঞ্জয় সিঙ আৰু প্ৰদীপ সিঙে তেওঁৰ পতি মুন্না বজৰংগীক হত্যা কৰা বুলি দাবী কৰে৷ লগতে সীমাই এই ঘটনাৰ চিবিআই তদন্তও দাবী কৰে৷

সীমা সিঙে আৰক্ষীৰ আগত অভিযোগ উত্থাপন কৰি কয়, ‘মোৰ এনে লাগিছে যেন বাগপতত মোৰ স্বামীক হত্যা কৰি ২০১৬ চনৰ পুস্পাঞ্জলি কাণ্ড আৰু ২০১৭ চনৰ তাৰিক হত্যা কাণ্ডৰ পুনৰাবৃত্তি কৰা হৈছে৷ এই হত্যাকাণ্ডৰ আঁৰত জৈনপুৰৰ প্ৰাক্তন সাংসদ ধনঞ্জয় সিং, মুন্না বজৰংগীৰ প্ৰাক্তন সহযোগী প্ৰদীপ সিং আৰু প্ৰদীপৰ অৱৰসাপ্ত পিতৃ উপ আৰক্ষী অধীক্ষক জিএছ সিং আৰু তেওঁৰ সহযোগী ৰাজাৰ হাত আছে৷’ 

বজৰংগীৰ পত্নী সীমা সিঙে অভিযোগ উত্থাপন কৰা অনুসৰি, লোককেইজনে ৰাজনৈতিক নেতাৰ সহযোগীতাত বজৰংগীৰ হত্যা কৰে৷ তেওঁ এই ঘটনাৰ চিবিআই তদন্ত দাবী কৰি কয় যে, নিৰপেক্ষ তদন্ত হ’লে সকলোকেইজন অভিযুক্তৰ মুখা খোল খাব৷

আনহাতে, মুন্না বজৰংগীৰ তৰফৰ পৰা সুৰক্ষা বিচাৰি ১৬ মে’ত এখন আবেদন দাখিল কৰা হৈছিল বুলিও জানিব পৰা গৈছে৷ এই আবেদনখনৰ শুনানি ৯ জুলাইত কৰা হৈছিল৷ কিন্তু বাগপত কাৰাগাৰত মুন্না বজৰংগীৰ হত্যাৰ খবৰ লাভ কৰাৰ পিছত তেওঁৰ অধিবক্তা স্বাতি আগৰৱালে উচ্চ আদালতত এই ঘটনাৰ বিষয়ে উল্লেখ কৰি আবেদন জনায়৷ 

অধিবক্তা স্বাতী আগৰৱালে কাৰাগাৰৰ ভিতৰত এজন লোকক হত্যা কৰা ঘটনাক সহজ ভাৱে নলৈ ইয়াৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰি আবেদন কৰিছে৷ লগতে নিহত বজৰংগীৰ পৰিয়ালক সাহায্য প্ৰদানৰ বাবেও তেওঁ আদালতত আবেদন দাখিল কৰে৷