ডিজিটেল ডেস্কঃ ভাৰতীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষা-২০১৭ৰ ফলাফলৰ ঘোষণাৰ পাছতেই ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষাৰ্থীসকলৰ সফলতা বিফলতাৰ ছবি পোহৰলৈ আহিছে৷ কোনোবাই যদি ভাল ফলাফল দেখুৱাই ফুৰ্তি কৰিছে, আন কোনোবাই আকৌ বিফলতাৰ পিছত আগন্তক পৰীক্ষাৰ বাবে আকৌ আবাৰ প্ৰস্তুতি চলাবলৈ পন বান্ধিছে৷ 

ভাৰতীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষা-২০১৭ৰ ফলাফলত দুৰিশেট্টী অনুদীপে সৰ্বভাৰতীয় ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ তেলেংগানাৰ মেতপল্লীৰ বাসিন্দা অনুদীপ বৰ্তমান হায়দৰাবাদত সহকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ 

অসামৰিক সেৱা পৰীক্ষাত মানৱ বিজ্ঞানক ঐচ্ছিক বিষয় হিচাপে লৈ পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা অনুদীপে ২০১১ চনত ৰাজস্থানৰ বিটচ পিলানীৰ পৰা ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেন্টেশ্বন ইঞ্জিনিয়াৰিঙত স্নাতক সম্পূৰ্ণ কৰে৷ তেওঁ অবিচি শ্ৰেণীৰ পৰীক্ষাৰ্থী হিচাপে ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ 

তাৰ পাছতে তেওঁ ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে৷ ২০১৩ চনত তেওঁ ইউপিএছচিত দেশৰ ভিতৰত ৭৯০তম স্থান লাভ কৰিছিল যদিও তেওঁ পুনৰ পৰীক্ষাত অৱতীৰ্ণ হৈ এইবাৰ সৰ্বোচ্চ স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷ 

২৮ বৰ্ষীয় অনুদীপে ২ বছৰ আইআৰএছ অধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ তেওঁ ১৮ জুনত আয়োজিত ইউপিএছচিৰ প্ৰাথমিক পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ 

আইআৰএছৰ পৰা আইপিএছৰ যাত্ৰা সন্দৰ্ভত অনুদীপে কয়, ‘এয়া মোৰ পঞ্চমবাৰ কৰা প্ৰয়াস৷ মই যেৱা তিনিটা পৰীক্ষাত অনুত্তীৰ্ণ হৈছিলো৷ এইবাৰ মই সফলতা অৰ্জন কৰি যথেষ্ট সুখী অনুভৱ কৰিছো৷ কিন্তু ইউপিএছচি পৰীক্ষা মোৰ বাবে সহজ নাছিল৷’

তেলেংগানাৰ মেতপল্লীৰ বসিন্দা দুৰিশেট্টী মনোহৰ আৰু দুৰিশেট্টী জ্যোতিৰ পুত্ৰ অনুদীপে ইউপিএছচি দেশৰ ভিতৰতে সৰ্বোচ্চ সফলতা লাভ কৰাত আনন্দিত হৈ পৰিছে পৰিয়ালবৰ্গ৷ অনুদীপৰ পিতৃ দুৰিশেট্টী অতিৰিক্ত সহকাৰী ইঞ্জিৰিয়াৰ পদত কৰ্মৰত৷ 

ইফালে অনুদীপে ইউপিএছচি ২০১৭ৰ পৰীক্ষাত প্ৰথম হৈ সফলতা অৰ্জন কৰাৰ পিছতে মহিলাই তিনিবাৰকৈ কৰা সফলতাৰ ৰেকৰ্ড ভংগ হয়৷ ইফালে হাৰিয়ানাৰ অনু কুমাৰী আৰু শচীন গুপ্তাই এই পৰীক্ষাত ক্ৰমে দ্বতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷  

ইউপিএছচিয়ে এক প্ৰতিবেদন যোগে প্ৰকাশ কৰা তথ্য অনুসৰি, এইবাৰ সৰ্বমুঠ ৯৯০ গৰাকী প্ৰাৰ্থীক আইপিএছ, আইএএছ আৰু অইন কেন্দ্ৰীয় সেৱা পদৰ বাবে বাচনি কৰা হৈছে৷ সৰ্বমুঠ ৯৯০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭৫০ গৰাকী পুৰুষ আৰু ২৪০ গৰাকী মহিলা প্ৰাৰ্থী আছে৷ ইয়াৰ ভিতৰত ৪৭৬ গৰাকী সাধাৰণ শ্ৰেণীৰ, ২৭৫ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ, ১৬৫ গৰাকী অনুসূচিত জাতি আৰু ৭৪ গৰাকী অনুসূচিত জনজাতিৰ প্ৰাৰ্থী৷ 

আনহাতে এইবাৰ বাচনি হোৱা ইউপিএছচিৰ ৯৯০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৯ গৰাকী শাৰিৰীকভাৱে অক্ষম প্ৰাৰ্থীও আছে৷ শাৰিৰীক ভাৱে অক্ষম সকলৰ ভিতৰত সোময়া শৰ্মাই ৯৯০ গৰাকী প্ৰাৰ্থীৰ মাজত ৯ম স্থান দখল কৰিবলৈ সক্ষম হয়৷ 

শুকুৰবাৰে ঘোষণা কৰা ইউপিএছচি পৰীক্ষা-২০১৭ৰ ফলাফলত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰাৰ্থীৰ লগতে অসমৰো ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়৷ ৯৯০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত বিপাশা কলিতাই ৪১নং স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৬৪ সংখ্যক স্থান লাভ কৰে স্বপ্ননীল পলে৷ অসমৰ পৰা সুখ্যাতি অৰ্জন কৰা আন আন ছাত্ৰ-ছাত্ৰীসকল হৈছে ১২৬নং স্থানত মৃগাক্ষী ডেকা, ১৪৮ সংখ্যক স্থানত আৰণ্যক শইকীয়া, ১৪৯ সংখ্যত স্থান লাভ কৰে পূৰ্ণ বৰা, ১৯৮ সংখ্যক স্থানত নাহৰ প্ৰণয় প্ৰকাশ, ২৩০ সংখ্যক স্থানত মণালিকা বৰগোহাঁয়ে, ৫৯৩ সংখ্যক স্থান লাভ কৰে মামণি দলে, ৬৪৫ সংখ্যক স্থান লাভ সুভজিৎ ভূঞাই, ৭৩৮ সংখ্যক স্থান লাভ কৰে পাৰ্থ প্ৰতীম দাসে, ৭৯৫ সংখ্যক স্থান লাভ কৰে মনোজ স্বৰ্গীয়াৰী, ৮৯৪ স্থান লাভ কৰে যশোধৰা দাসে, ৮৫৫ সংখ্যক স্থান লাভ কৰে দ্বীপ দাসে৷