newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱাই উত্তৰাখণ্ডৰ টেহৰিত বাছ দুৰ্ঘটনা সংঘটিত হৈ ১৪গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৮গৰাকী লোক গুৰুতৰ ভাৱে আহত হয়৷ ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা ১৮গৰাকী লোকৰ ভিতৰত ৬গৰাকী লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাই পাহাৰীয়ে এলেকা টেহৰিৰ পৰা প্ৰায় ৫০ জন যাত্ৰী সহ কাশীৰ পৰা হৰিদ্বাৰলৈ গৈ আছিল এখন যাত্ৰীবাহী বাছ৷ তাৰ কিছু সময় পিছতে পাহাৰীয়া এলেকা টেহৰিত প্ৰায় ২৫০ মিটাৰ দ’ খাৱৈত বাগৰি পৰে বাছখন৷ জনবসতি শূন্য এলেকাটোত পৰি ৰয় বাছখন৷ কিছু সময় পিছতে বহু লোক সমবেত হোৱাৰ লগতে আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ থিতাতে ৬গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ৮গৰাকী লোকৰ চিকিৎসালয়ত মৃত্যু হয়৷   

বৃহস্পতিবাৰে পুৱাই শুলিয়াধাৰাৰ গংগোত্ৰী ঘাইপথত চলন্ত অৱস্থাতে চকা খুলি বাগৰি পৰে বাছখন৷ উক্ত সময়ত ৫০গৰাকী লোক আছিল বুলি জানিব পৰা যায়৷ উত্তৰ কাশীৰ পৰা হৰিদ্বাৰলৈ গৈ আছিল৷ আৰক্ষীাৰ লগতে স্থানীয়ে ৰাইজেও উদ্ধাৰ কাৰ্যত সহায় কৰে৷ সংকটজনক অৱস্থাত কেইবাজনো যাত্ৰীক হেলিকপ্তাৰেৰে এইমছলৈ প্ৰেৰণ কৰা হয়৷ ৰাজ্য চৰকাৰে মৃত্যু হোৱা লোকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতৰ পৰিয়ালক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে৷