ডিজিটেল ডেস্কঃ ছাগলে নাখায় কি পাগলে নকয় কি? পাগলে প্ৰলাপ বকিবই। কিন্তু ধৰ্ষণৰ বাবে ভেলেণ্টাইন ডেক যিজনে কাঠগড়াত তুলিছে, সেইজন ইন্দ্ৰেশ কুমাৰৰ মস্তিষ্কৰ সুস্থতাক লৈ প্ৰশ্ন তোলাৰ অৱকাশ নাই।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ এইগৰাকী জ্যেষ্ঠ নেতাৰ মতে ভাৰতত ধৰ্ষণৰ সংখ্যা বৃদ্ধি পোৱাৰ মূলতেই হৈছে পশ্চিমীয়া সংস্কৃতি।

'ভেলেণ্টাইন ডেৰ বাবেই আমাৰ দেশত ধৰ্ষণ বাঢ়িছে।’-নেতাজনৰ স্পষ্ট মন্তব্য। কেৱল ধৰ্ষণেই নহয়, কিশোৰৰ মাজত বৃদ্ধি পোৱা অপৰাধপ্ৰৱণতাৰ বাবেও ভেলেণ্টাইন ডেকে জগৰীয়া কৰে আৰ এছ এছ নেতাজনে।

শুকুৰবাৰে ৰাজস্থানৰ ৰাজধানী জয়পুৰত অনুষ্ঠিত আৰ এছ এছ স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ শিবিৰত ভেলেণ্টাইন ডেৰ লগতে আন পশ্চিমীয়া সংস্কৃতিৰ তীব্ৰ বিৰোধিতা কৰে ইন্দ্ৰেশে। দেশৰ তৰুণ প্ৰজন্মৰ বাবে ভেলেণ্টাইন ডেক মানসিক শত্ৰু বুলিও মন্তব্য কৰে আৰ এছ এছ নেতাজনে।

ভেলেণ্টাইন ডেৰ বিৰোধিতা কৰিলেও ভালপোৱাক লৈ অৱশ্যে আপত্তি নাই এইগৰাকী আৰ এছ এছ নেতাৰ। তেওঁৰ মতে ভালপোৱা হৈছে পৱিত্ৰ। ভালপোৱাৰ পৱিত্ৰতা বুজাবলৈ ৰাধা-কৃষ্ণৰ আধ্যাত্মিক প্ৰেমৰ কথাও উল্লেখ কৰে ইন্দ্ৰেশে।

কিন্তু পশ্চিমীয়া দেশসমূহত যি ভালপোৱা আছে সেয়া ক্ষন্তেকীয়া আৰু এক প্ৰকাৰৰ ব্যৱসায় বুলি মন্তব্য কৰে এইগৰাকী আৰ এছ এছ নেতাই। আৰ এছ এছ নেতাজনে অভিযোগ কৰে যে, ভেলেণ্টাইন ডে নামৰ ভালপোৱাৰ উৎসৱটোৰ বাবেই আৰতীয় কিশোৰ-কিশোৰীসকল বিপথে পৰিচালিত হৈছে।

উল্লেখ্য যে ভেলেণ্টাইন ডেক ধৰ্ষণৰ ঘটনাৰ বাবে জগৰীয়া কৰা ইন্দ্ৰেশেই প্ৰথমজন আৰ এছ এছ নেতা নহয়। ইয়াৰ পূৰ্বেও কেবাজনো শীৰ্ষ আৰ এছ এছ নেতাই নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ বাবে মহান ভেলেণ্টাইনক জগৰীয়া কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল।

আনকি উত্তৰ প্ৰদেশত নতুনকৈ শাসনৰ গাদী দখল কৰা যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখনেও শ্বেক্সপীয়েৰৰ নাটৰ বিখ্যাত প্ৰেমিক চৰিত্ৰ ৰোমিঅ’ক চৰম অপমান কৰি এণ্টি ৰোমিঅ’ স্কোৱাড নাম দি একেলগে ঘূৰা-ফুৰা কৰা ডেকা-গাভৰুসকলক ৰাজহুৱাকৈ হেয় প্ৰতিপন্ন কৰা এখন আঁচনি ৰূপায়ণ কৰিছে।