চৰাইদেউঃ পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষতো কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ উঠা ভিগেন ইণ্ডিয়া'ই এতিয়া ডিব্ৰুগড় জিলাৰ মৰাণ চহৰত সম্পূৰ্ণভাৱে ৰাইজৰ পৰা সহাৰি পোৱা সাত বছৰ অতিক্ৰম কৰিছে। স্বাস্থ্যই মানৱ জীৱনৰ পৰম সম্পদ, এই কথাষাৰ সৰোগত কৰি সকলো শ্ৰেণীৰ মানুহৰ মাজত নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই আহিছে ভিগেন ইণ্ডিয়া'ই।

সেয়েহে সোণাৰি ভজো ৰেল ৰেল ষ্টেচনৰ কাষত মস্কৰা ভৱনত দুদিনীয়া বিনামূলীয়া থেৰাপী শিবিৰৰ ব্যৱস্থা গ্ৰহণ কৰাত ভজোৰ স্থানীয় ৰাইজ তথা ওচৰে পাজৰে থকা অঞ্চলসমূহৰ পৰা ৰাইজে এই থেৰাপী লবলৈ আহে। স্থানীয় ৰাইজৰ পৰা জানিব পৰামতে, যিসকল ৰোগীয়ে থেৰাপী ব্যৱহাৰ কৰিছে তেওঁলোক স্বাস্থ্যৰ আৰোগ্য পাইছে বুলি সংবাদ মাধ্যমক জনায় স্থানীয় ৰাইজে ।

ভিগেন ইণ্ডিয়া'ই থেৰাপীৰ যোগেদি আৰোগ্য হোৱাৰ বিভিন্ন ৰোগৰ নাম উল্লেখ কৰে স্পণ্ডিলাইটিচ, ডায়েবেটিচ, ককালৰ বিষ, জোঁৰাৰ বিষ, পেৰেলাইচিচ, অৰ্শৰোগ, টিউমাৰ, ৰক্তচাপ, হৃদৰোগ , চৰ্মৰোগ, কিডনী ষ্টোন, গোল্ড ব্লাডাৰ টিউমাৰ আদিকে ধৰি বহুতো ৰোগ এই থেৰাপীৰ পৰা আৰোগ্য হয় বুলি সংবাদ মাধ্যমক জনায়। ভিগেন ইণ্ডিয়া'ৰ যোগাযোগ নম্বৰ- ৯৯৫৭৩৩৯৪৫২।