গোৰেশ্বৰঃ কামৰূপ গ্ৰাম্য জিলাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ মুক্তাপুৰ শাখাৰ অন্তৰ্গত জয়কুছিৰ গ্ৰাহক সেৱা কেন্দ্ৰত যোৱা প্ৰায় ডেৰ মাহ ধৰি গ্ৰাহকে বেংক সেৱা লাভৰ পৰা বঞ্চিত হৈ আহিছে।

জানিব পৰা মতে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ( চি এচ পি)পৰিচালক গৰ্গেশ্বৰ পাটোৱাৰীয়ে যোৱা ২২ ফেব্ৰুৱাৰীতে গ্ৰাহক সেৱা কেন্দ্ৰত শাৰীৰিক অসুস্থতাৰ বাবে কাম কৰিব নোৱাৰে বুলি এইচ এইচ টি মেচিনটো কৰ্তৃপক্ষক গতাই দিয়ে।  উক্ত স্থানত নতুনকৈ ৰনজিৎ পাটোৱাৰীক চি এচ পি হিচাপে নিযুক্তি দিয়া বুলি গ্ৰাহকসকলে অৱগত হয়।

কিন্তু আজিলৈ সেৱা কেন্দ্ৰটোৰ কামকাজ আৰম্ভ নহ'ল। ইপিনে বিগত প্ৰায় চল্লিশ গিন ধৰি গ্ৰাহক সেৱা কেন্দ্ৰত কামকাজ বন্ধ হৈ থকাত উক্ত শাখাৰ অতি দৰিদ্ৰ গ্ৰাহকৰ নামত জমা হৈ থকা চৰকাৰী গৃহৰ ধন, বৃদ্ধ পেঞ্চন, বিধবা পেঞ্চনৰ  ধন লগতে অন্যান্য চৰকাৰী আঁচনিৰ ধন লাভ কৰাৰ পৰাও বঞ্চিত হৈ আছে দুখীয়া গ্ৰাহকসকল।

যি সময়ত দেশত ডিজিটেল ইণ্ডিয়াৰ শ্লোগান আওৰাই থকা হৈছে সেই সময়ত এইসকল গ্ৰাহকে নিজৰে ধন লেন দেন কৰিব নোৱাৰি মানসিক কষ্ঠ ভুগিব লগা হৈছে। অসম গ্ৰামীণ বিকাশ বেংক কৰ্তৃপক্ষৰ লগতে কাৰিকৰী বিষয়াসকলৰ হেমাহিৰ বাবে এতিয়া গ্ৰাহক সেৱা কেন্দ্ৰটোৰ প্ৰায় তিনি হাজাৰ গ্ৰাহকে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ আছে। শীঘ্রে সেৱা কেন্দ্ৰটোৰ সেৱা আৰম্ভ কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে গ্ৰাহকসকলে।