আজাৰাঃ কথাতে আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। তেনে এক উদাহৰণে দাঙি ধৰিছে ৫৪ নং পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ ৰাইজে।

পৰিৱৰ্তনৰ শ্লোগান দিয়া বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টিৰ অন্তৰ্গত ৰাণী অঞ্চলৰ তাতিবামা আৰু পশ্ৰশুৱা অঞ্চলৰ ৰাইজে চৰকাৰলৈ আশাপালি নাথাকি নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে পকী দলং।

দীৰ্ঘদিনৰ পৰা সমষ্টিবাসীয়ে ছাত্ৰ-ছাত্ৰীকে ধৰি ৰাইজৰ সুবিধাৰ্থে এখন পকী দলং উক্ত স্থানত নিৰ্মাণ কৰিবলৈ সমষ্টিটোৰ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, জিলা পৰিষদৰ সদস্য ৰবিন দৈমাৰী আৰু স্থানীয় পঞ্চায়তৰ সভাপতিক অনুৰোধ জনাই আহিছিল যদিও জনপ্ৰতিনিধিসকলে কোনো গুৰুত্ব প্ৰদান নকৰাত অৱশেষত ৰাইজেই দলংখন নিৰ্মান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেইমৰ্মে প্ৰায় ৭-৮ খন গাঁওৰ ৰাইজে বৰঙণিৰে লক্ষাধিক টকা সংগ্ৰহ কৰি খুব কম সময়ৰ ভিতৰতে এখন পকী দলং নিৰ্মাণ কৰে। ৰাইজৰ বাবে উক্ত গুৰুত্বপূৰ্ণ দলংখন আজি নাম-কীৰ্ত্তনেৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

প্ৰায় এক লক্ষাধিক টকা ব্যায়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা উক্ত দলংখনৰ উদ্বোধনী অনুষ্ঠানত গঞাৰাইজে অংশগ্ৰহণ কৰি চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাত ক্ষোভ প্ৰকাশ কৰে। সততে পৰিৱৰ্তনৰ কথা কোৱা স্থানীয় বিধায়কজনৰ হে পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে বুলিও উদ্বোধনী অনুষ্ঠানত গাঁওবাসীয়ে মন্তব্য কৰে।