নতুন দিল্লীঃ দেশৰ আগশাৰীৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ (JNU)ত পুনৰবাৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী মুখমণ্ডল চিনিব নোৱাৰাকৈ কাপোৰ মেৰিয়াই অহা একাংশ লোকে দেওবাৰে সন্ধিয়াৰ ভাগত আচম্বিতে প্ৰৱেশ কৰি শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। 

এই ঘটনাত জেএনইউ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। প্ৰত্যক্ষদৰ্শীসকলৰ মতে সন্ধিয়া প্ৰায় ৬.৩০ বজাত অতিকমেও ৫০ জনীয়া গুণ্ডাবাহিনীৰ এটা দলে বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীসকলক আক্ৰমণৰ লক্ষ্য কৰি লয়। অচিনাক্ত দলটোৱে বিশ্ববিদ্যালয় চৌহদত ৰখাই থোৱা বাইক আৰু চাৰিচকীয়া গাড়ীবোৰত আক্ৰমণ চলোৱাৰ লগতে হোষ্টেলতো প্ৰৱেশ কৰি সা-সামগ্ৰী তথা আচবাবসমূহ নষ্ট কৰে।

বিশ্ববিদ্যালয়খনৰ অধ্যাপক অতুল সুতে সংবাদ মাধ্যমক জনোৱা মতে আক্ৰমণকাৰীসকলে হোষ্টেলত শিলাবৰ্ষণ কৰে আৰু বিশ্ববিদ্যালয়ৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতি-সাধন কৰে। আক্ৰমণত আহত ১৫ জনকৈ শিক্ষাৰ্থীক এইমছৰ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে বুলিও অধ্যাপকগৰাকীয়ে জনায়। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষে জনোৱা মতে মুখত কাপোৰ মেৰিয়াই অহা একাংশ লোকে তেওঁৰ ওপৰত আক্ৰমণ চলাই আৰু গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। এই ঘটনাত মূৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অধ্যক্ষগৰাকী। ভাইৰেল হৈ পৰা ভিডিঅ’ এটিত দেখা গৈছে যে ৫০জনতকৈও অধিক লোকে মুখত কাপোৰ বান্ধি জেএনইউ কেম্পাছত ঘূৰি ফুৰিছে। এইসকল লোকৰ হাতে হাতে আছে হকী ষ্টিক, ৰড আৰু ক্ৰিকেট বেট। 

বিশ্ববিদ্যালয়খনৰ শিক্ষক সংস্থাৰ সচিব সুৰজিৎ মজুমদাৰে এনডিটিভি আৰু আজতকৰ আগত কয় যে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীক জনোৱা সত্বেও দুঘণ্টা পলমকৈহে উপস্থিত হৈছে। 'আমি এই ঘটনাৰ বাবে বিশ্ববিদ্যালয় প্ৰশাসন আৰু আচাৰ্যগৰাকীকে দায়ী বুলি ক’ব খোজো। আজি হোষ্টেলৰ ভিতৰতে কোনো সুৰক্ষিত নহয়। বহু শিক্ষক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। মই মাত্ৰ ইয়াকে ক’ব খোজো যে যিধৰণে আচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয়খন পৰিচালনা কৰিবলৈ লৈছে তাৰ ফলত পৰিস্থিতি বেয়াতকৈও বেয়া হৈ পৰিছে। দিনে দিনে বিশ্ববিদ্যালয়খনৰ পৰা মুক্ত গণতান্ত্ৰিক পৰিৱেশ নাইকিয়া হ’বলৈ লৈছে।’-এইদৰে কয় শিক্ষক সংস্থাৰ সচিবগৰাকীয়ে।

শিক্ষক সংস্থাৰ আন এগৰাকী সদস্য অধ্যাপক বিক্ৰমাদিত্যয়ো আক্ৰমণৰ ভয়াৱহতাৰ ঘটনা সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰে। 'মই বাইক চলাই আহি আছিলো। মোক গুণ্ডাৰ দলটোৱে পিছে পিছে খেদি আহিছিল। আমাৰ কোঠাৰ দুৱাৰ ভাঙি পেলাবলৈ চেষ্টা কৰিছিল। মোক সিহঁতে ধমকি দি থৈ গৈছে যে সিহঁতে ৰাতি আকৌ আহিব আৰু ঘৰটোত জুই লগাই দিব। আমি লগে লগে আৰক্ষীক ফোন কৰিছিলো যদিও কেবাঘণ্টা পিছতহে আহিছে। আমি সঁচাকৈয়ে নিৰাপত্তাহীনতাত ভুগিছো। কেম্পাছৰ ভিতৰত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হোৱাতো সঁচাকৈয়ে দুৰ্ভাগ্যজনক।’-অধ্যাপকগৰাকীৰ ভয় মিহলি মন্তব্য।

জেএনইউত সংঘটিত এই ঘটনাৰ পিছতে দিল্লী আৰক্ষীৰ আইটিঅ’স্থিত মুখ্য কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰিছে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে। দিনদিয়েক পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হোৱা ৰাজধানী চহৰখনৰ আন এখন আগশাৰীৰ বিশ্ববিদ্যালয় জামিয়া-মিলিয়াৰ ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত।

বিশ্ববিদ্যালয়খনত সংঘটিত হোৱা এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে সমগ্ৰ দেশতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বিৰোধী দলসমূহে বিশ্ববিদ্যালয় চৌহদত চৰকাৰে পৰিকল্পিতভাৱে এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ আৰম্ভ কৰিছে বুলিও অভিযোগ উত্থাপন কৰা দেখা গৈছে। আজিৰ এই ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে এয়া দেশৰ বাবেই এক দুৰ্ভাগ্যজনক ঘটনা। 'জেএনইউত সংঘটিত হিংসাত্মক ঘটনাৰ খবৰ পাই হতভম্ব হৈ পৰিছো। শিক্ষাৰ্থীসকলৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলোৱা হৈছে। আৰক্ষীয়ে তৎকালেই পদক্ষেপ হাতত ল’ব লাগে। যদি ছাত্ৰ-ছাত্ৰীসকল বিশ্ববিদ্যালয় চৌহদতে সুৰক্ষিত নহয়, তেন্তে দেশ কেনেকৈ আগবাঢ়িব।’-টুইটযোগে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেজৰিৱালে।

ইফালে, বাতৰি সংগ্ৰহৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা Scroll.inৰ সংবাদিক কৰ্ণিকা কোহলিয়ে জনোৱা মতে আক্ৰমণকাৰীসকলে একাংশ সাংবাদিককো লক্ষ্য কৰি লৈছিল। এটি টুইটত তেওঁ লিখিছে যে বিশ্ববিদ্যালয়খনৰ মূল গেটত প্ৰৱেশ কৰাৰ লগে লগে একাংশ মুখত কাপোৰ পিন্ধা লোকে 'এনডিটিভিৰ সাংবাদিক দেখিলেই পিটিবা’ বুলি চিঞৰা শুনিবলৈ পাইছিল। কৰ্ণিকাৰ সৈতে যোৱা আন এগৰাকী সতীৰ্থ সাংবাদিক ৰোহন ভেংকটাকৃষ্ণণক এবিভিপিৰ এটা দলে ভিডিঅ’ ৰেকৰ্ডিং কৰাত বাধা প্ৰদান কৰাৰ লগতে নক্সালবাদী সাংবাদিক বুলি আখ্যা দি প্ৰহাৰ কৰিবলৈ খেদি যোৱা বুলিও বাতৰি প্ৰকাশ কৰিছে Scroll.in-এ।

উল্লেখ্য যে মাচুল বৃদ্ধিক লৈ বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে কৰ্তৃপক্ষৰ বিৰুদ্ধে বিশ্ববিদ্যালয় চৌহদতে বিয়লিৰ ভাগত প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই সময়তে এবিভিপিৰ একাংশ সদস্যই প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত শিলাবৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাই। ইয়াৰ কিছুসময় পিছতে বিশ্ববিদ্যালয় চৌহদত মুখত কাপোৰ মেৰিয়াই অহা গুণ্ডাবাহিনীৰ দলৰ প্ৰৱেশ ঘটে আৰু উক্ত ঘটনা সংঘটিত হয়। 

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাই এই ঘটনাৰ আঁৰত এবিভিপিৰ হাত থকা বুলি দাবী কৰাৰ বিপৰীতে এবিভিপিয়ে ইয়াৰ বাবে বাওপন্থী ছাত্ৰ সংগঠনসমূহক জগৰীয়া কৰা দেখা গৈছে। এবিভিপিয়ে নিজৰ টুইটাৰ একাউণ্টত দাবী কৰিছে যে বাও ছাত্ৰ সংগঠনসমূহে বিশ্ববিদ্যালয়খনত অঘোষিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিছে। বাও ছাত্ৰ সংগঠনসমূহে জেএনইউক নক্সালৰ ঘাটিত পৰিণত কৰা বুলিও দাবী কৰিছে সো-পন্থী ছাত্ৰ সংগঠনটোৱে।