গুৱাহাটীঃ এগৰাকী থলুৱাৰ কন্যাৰ চকুলোৱে আৱেগিক কৰিছে ৰাজ্যবাসীক৷ কন্যাৰ সেমেকা চকুৰে নিগৰি অহা চকুলোৱে সকলোৰে হৃদয়ত কঁপনি তোলাৰ লগতে চৰ্চা হৈছে ব্যাপক৷ ছচিয়েল মিডিয়াত বহু লোকে চৰ্চা কৰিছে কন্যাৰ কথা৷ মুঠৰ ওপৰত কন্যাৰ আৱেগ আৰু চকুলোৰ চৰ্চা এতিয়া ছচিয়েল মিডিয়াত৷ কেৱল ছচিয়েল মিডিয়াতে নহয় নিউজ চেনেল আৰু বাতৰি কাকতেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে ছাত্ৰীগৰাকীৰ ভাষ্য৷ কন্যাগৰাকী গুৱাহাটী মহানগৰীৰ আগশাৰীৰ নাৰী শিক্ষানুষ্ঠান সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী৷

এগৰাকী ছাত্ৰীয়ে একপ্ৰকাৰ কন্দুৱালে অসমীয়া জাতিক৷ কেৱল এই কেইদিনেই এগৰাকী থলুৱা কন্যাৰ চকুলোৰ বাবেই অসমীয়া জাতি আৱেগিক হোৱা নাই সময়ে সময়ে জাতিটো আৱেগিক হ’ব লগা হৈ আহিছে সেয়া নতুন কথা নহয়৷ কন্যাগৰাকীৰ নাম হৈছে পৰিস্মিতা বুঢ়াগোঁহাই৷ জাগীৰোড কাগজ কল চৌহদৰ কলনীৰ বাসিন্দা তেওঁ৷ তেওঁৰ পিতৃ জাগীৰোড কাগজ কলৰ চাকৰিয়াল আছিল৷ বৰ্তমান তেওঁৰ পিতৃয়ে অৱসৰ গ্ৰহণ কৰিছে যদিও অৰ্থৰ অভাৱত পৰিয়ালটোৱে হাঁহাকাৰ কৰিব লগা হয় ৷

পৰিস্মিতাই, অধ্যয়ণৰত সন্দিকৈ মহাবিদ্যালয়ৰ এটি ছাত্ৰৰ প্ৰতিনিধি দলৰ সৈতে অসম বিধান সভাৰ কাম কাজ চাবলৈ আহে ১৩ ফেব্ৰুৱাৰীত৷ তাৰ পিছতেই তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিভিন্ন কথাৰ অৱতাৰণা কৰাৰ লগতে নগাঁও কাগজ কলৰ কৰ্মচাৰীয়ে ১৬ মাহে দৰমাহে নোপোৱা কথাটো উল্লেখ কৰে৷ 

তাৰ পিছতেই সাংবাদিকৰে মুখামুখি হৈ কৰ্মচাৰীয়ে ১৬ মাহে দৰমাহে নাপালে কথাটো কেনেকুৱা হয় আমি বুজোঁ বুলি কয়৷ দেউতাহঁতে আমাক নক’লেও আমি বুজো৷ দেউতাহঁতক আৰু লগতে কাম কৰা লোকসকলক দেখিলে বেয়া লাগে বুলি কয়৷ অসম বিধান সভাৰ কাম কাজ প্ৰত্যক্ষ কৰি আৱেগিক হৈ পৰে সন্দিকৈ কলেজৰ ছাত্ৰী পৰিস্মিতাই৷

ভেন্সাৰ স্কুলৰ শিক্ষকৰ ঘৰত আছে পৰিস্মিতাঃ অসমত আছে হাজাৰ হাজাৰ পৰিস্মিতা৷ ৰাজ্যৰ ভেন্সাৰ স্কুলৰ শ-শ শিক্ষক৷ তেওঁলোকৰ ঘৰতো আছে পৰিস্মীতা, ৰমেন, দিগেন আব্দুল৷ যিসকল সন্তানে এসাঁজ খাই এসাঁজ লঘোনে থাকে৷ শিক্ষা আধাতে সাং কৰিব লগা হৈছে৷ উজনিৰ নামনিৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা হাজাৰ হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷

এসাঁজ ভাত, বস্ত্ৰ, সন্তানৰ পঢ়াৰ খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে আনৰ গাড়ী চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷ বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিবৰ বাবে হাতত অৰ্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷

৩০-৩২ বছৰ বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কাম কৰি চৰকাৰৰ আকোঁৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হৈছে৷ বহু শিক্ষকে ইতিমধ্যে আত্মহত্যা কৰিলে, বহুজনে পৰিয়াল পোহপাল দিবলৈ টেম্প চলোৱা আৰম্ভ কৰিছে৷ ব্যৱসায়, দিন হাজিৰা পৰ্যন্ত কৰিব লগা হৈছে শিক্ষকে। আন একাংশই আকৌ আৰ্থিক অভাৱত পৰি বিনা চিকিৎসাই সংসাৰৰ পৰা বিদায় লৈছে। বহু ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীৰৰ পৰিয়ালে খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত পৰি হাহকাৰ কৰিব লগা হৈছে। তেওঁলোকৰ সামজিক মৰ্যদাও হানি কৰা হৈছে বহুবাৰ। 

নগাঁও কাগজ কলত আছে পৰিস্মিতাঃ মৰিগাঁৱৰ জাগীৰোডত মাহৰ পিছত মাহ ধৰি ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ কৰি আহিছে শ-শ শ্ৰমিক-কৰ্মচাৰী৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো নগাঁও কাগজ কলৰ শ্ৰমিক-কৰ্মচাৰীয়ে ১৬ মাহে দৰমহা পোৱা নাই৷ ১৬ মাহে দৰমহা নোপোৱা চৰকাৰী শ্ৰমিক-কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে৷ জাগীৰোডক কাগজ কলত কাম কৰা শ্ৰমিক-কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷

নগাঁও কাগজ কলৰ ৫ সহস্ৰাধিক কৰ্মচাৰীয়ে প্ৰায় ১৬ মাহ ধৰি দৰমহা পোৱা নাই৷ যোৱা ২০১৭ বৰ্ষৰ ১১ ডিমেম্বৰত ৰাজ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আমি ভোট দি জিকাইছোঁ সিহঁতক, আমাৰ কথা শুনিবই লাগিব সিহঁতে বুলি কৈ শ্ৰমিক-কৰ্মচাৰীয়ে দৰমহা আদায় দিয়াৰ দাবী জনাইছিল৷ নগাঁও কাগজ কলৰ  শ্ৰমিক-কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি কাগজ কলটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে ল'ৰা ধেমালি কৰি আহিছে।

আজিও ক্ষোভিত কলটোৰ শীঘ্ৰে অনাদায় ১৩ মাহৰ দৰমহা আদায়ৰ দিয়াৰ দাবী কৰা লগতে কলটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনায় শ্ৰমিক-কৰ্মচাৰীয়ে। জানিব পৰা মতে, কলটোৰ কেইবাগৰাকী শ্ৰমিক-কৰ্মচাৰীয়ে বিনা চিকিৎসাই মৃত্যুক আকোৱালি লৈছে৷ তেওঁলোকৰ সন্তানে আধাতে শিক্ষা সাং কৰিব লগা হৈছে৷ এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয় তেওঁলোকৰ পৰিয়াল সমূহে৷ এতিয়া কব পাৰো নগাঁও কাগজ কলত আছে ৫ হাজাৰ পৰিয়ালৰ ঘৰে ঘৰে পৰিস্মীতা, ৰমেন আব্দুল৷ যাৰ বেদনা কোনেও শুনিব নিবিচাৰে বুজিব নোখোজে৷

ৰঙিয়া এপ’লমিল মিলত আছে পৰিস্মিতাঃ নিজৰ জীৱন-যৌৱন ধ্বংস কৰি চৰকাৰৰ ভুলৰ বাবে চকুলো টুকি পাৰ কৰা এগৰাকী চৰকাৰী কৰ্মচাৰী মনোৰম কুমাৰে অৱশেষত আত্মহত্যা কৰিছিল যোৱা ১৭ নৱেম্বৰত৷ বুকুত অযুত যন্ত্ৰণা লৈ চকুলো টুকি দিন পাৰ কৰি অৱশেষত বিদায় লৈছিল এই পৃথিৱীৰ পৰা৷ পৰিয়ালৰ মুৰব্বীগৰাকীয়ে আত্মহত্যা কৰাৰ পিছতে পত্নী-সন্তানৰ কান্দোনৰ দৃশ্য বৰ্ণনা কৰিব পৰা বিধৰ নাছিল৷ হৃদয় বিদাৰক আছিল সেই দৃশ্য৷ জীৱনৰ বেছি সময় এটি চৰকাৰী অনুষ্ঠানত কাম কৰি নিজৰ ঘৰ খন, সন্তান কেইটাৰ বাবে একো কৰিব নোৱাৰি অযুত বেজাৰ লৈ জীয়াই আছিল তেওঁ৷

নিজৰ সন্তানক পঢ়াব নোৱাৰিলে৷ পৰিয়ালটোক একো দিব নোৱাৰাকৈয়ে মেলানি মাগিছিল মনোৰাম কুমাৰে৷ সপোন বোৰ-দুখবোৰ বুকুত বান্ধি লৈ মেলানি মাগিলে তেওঁ৷ চৰকাৰে যোৱা ১৪ মাহে দৰমহা দিয়া নাছিল তেওঁক৷ মনোৰাম কুমাৰৰ দৰে বহুলোকে দৰমহা নোপোৱাকৈ আছে৷ তেওঁলোকৰ পৰিয়ালবোৰ যেন এতিয়া চৰকাৰখনৰ বাবে মূল্যহীন৷ তেওঁলোকৰ পৰিয়াল বোৰ এতিয়া প্ৰশাসনৰ বাবে মূল্যহীন৷ ৰঙিয়াৰ গৌৰব তুলসীবাৰীস্থিত এপল'মিলৰ পুনৰ কাৰ্যক্ষম কৰণৰ দাবীত ধাৰাবাহিক আন্দোলন চলি থকাৰ সময়তে মিলটোৰ শ্ৰমিক, বিছেন্নালা গাঁও নিবাসী মনোৰাম কুমাৰে বাসগৃহৰ পাছফালে গামোচাৰে চিপ লৈ আত্মহত্যা কৰে৷

পত্নী আৰু একমাত্ৰ কন্যা সন্তানৰ সৈতে সুখৰ জীৱন কটাই অহা এপল'শ্ৰমিকগৰাকীয়ে বিগত চৈধ্য মাহে কৰ্মহীন হৈ পৰিছিল৷ কেৱল মনোৰমে কুমাৰে নহয় তীব্ৰ আৰ্থিক সংকটত জীৱন কটাইছে ৰঙিয়া এপ’মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে৷ শ্ল'গানেৰে শাসনৰ গাদী দখল কৰা মুখ্যমন্ত্ৰী সোনোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত অভাৱগ্ৰস্ত শ্ৰমিকে আত্মহত্যাৰ পথ বাচি লবলৈ বাধ্য হোৱাটোৱে আগন্তুক ভয়াবহ দিনৰ ইংগিত বহন কৰা বুলি কয়৷

দুৰ্ভগীয়া শ্ৰমিক-কৰ্মচাৰীৰ প্ৰাপ্যৰ দাবীত ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনৰ ধাৰাবাহিক আন্দোলনক চৰকাৰে গুৰুত্ব আৰোপ নকৰাত এনেদৰে এগৰাকী শ্ৰমিকে আত্মহত্যা কৰে৷ এপল'মিল পুনৰ কাৰ্যক্ষম কৰাৰ লক্ষ্যৰে ৯ কোটি ৩৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰি কেৱল চমক সৃষ্টি কৰিলে যদিও টকা খিনি ৰাজ্য চৰকাৰে মুকলি কৰি দিয়া নাই৷ ৭০০ শ্ৰমিকে বৰ্তমান ১৬ মাহে দৰমহা পোৱা নাই৷ 

কাছাৰ কাগজ কলঃ বৰাক উপত্যকাৰ কাছাৰৰ অশোক কাগজ কল দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাত অসমৰ উদ্যোগ খণ্ডত এক বৃহৎ ক্ষতিৰূপে চিহ্নিত হৈ আহিছে। সেয়েহে অশোক কাগজ কলটো কাৰ্যক্ষম কৰাৰ দাবীত ৰাইজে বহুবাৰ গণ আন্দোলন কৰি আহিছে যদিও আজিলৈ চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই৷ কাগজ কলটো পুনৰ মুকলি কৰাৰ দাবীত গণ আন্দোলন কৰি অহাৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই৷ অসমৰ সম্পদ এই কাগজ কলটো চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে ধ্বংসৰ মুখলৈ গতি কৰে৷

বহু সময়ত এই কাগজ কলটো পুনৰ আৰম্ভ কৰিবলৈ বৰাককে ধৰি সমগ্ৰ অসমত আন্দোলন হৈ আহিছে৷ কাগজ কলটো বন্ধ হোৱাৰ ফলত বহু লোকৰ কৰ্মসংস্থাপন হেৰাইছে, ইয়াৰ কৰ্মৰত লোকসকলৰ লৰা-ছোৱালীক শিক্ষা-দীক্ষা দিয়াটো তেওঁলোকৰ পক্ষে কঠিন হৈ পৰিছে৷ কৰ্মচাৰীসকলৰ লৰা-ছোৱালীৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে৷ শ্ৰমিক-কৰ্মচাৰীসকলৰ সতি-সন্ততিসকলে হাহাকাৰ কৰিব লগা হৈছে৷ 

অসমৰ গৃহৰক্ষী জোৱানঃ দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত আজিও ক্ষোভিত হৈ আছে ৰাজ্যৰ ২৬,৬৬২ গৃহৰক্ষী জোৱান৷ ৰাজ্য চৰকাৰে গৃহৰক্ষী জোৱানসকলৰ কথা কোনো দিনে গুৰুত্ব দিয়া নাই৷ গৃহৰক্ষীসকলৰ প্ৰাপ্য দৰমহা মোকলাই দিয়াৰ লদাবীত সময়ে সময়ে প্ৰতিবাদ কৰি আহিছে৷

এই সকল জোৱানে আৰক্ষী কনিষ্টবল এজনৰ সমানেই নিজৰ কৰ্তব্য পালন কৰে দিও প্ৰতি মাহে মাত্ৰ ৭০০০ টকাকৈ দৰমহা লাভ কৰি আহিছে৷ এই জোৱানসকলৰ ঘৰতো আছে আৱেগিক পৰিস্মীতা, ৰমেন কিম্বা আব্দুল৷
কেৱল এই কেইটা উদাহৰণ হে মাথোন৷ আশাকৰ্মী, অংগনাবাড়ী কৰ্মী-সহায়িকা, স্কুলৰ ৰান্ধনী আদিকে ধৰি অনেক পৰিয়ালত আছে বেদনাত চকুলো টুকি পাৰ কৰা হাজাৰ হাজাৰ পৰিস্মিতা৷