ধুবুৰীঃ অসম ৱাকফ্ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া চৈয়দা হাছিনা মুছিদ ৰহমানৰ সবল নেতৃত্বত ৱাকফ্ ব’ৰ্ড সক্ৰিয় হৈ পৰা দেখা গৈছে। ধুবুৰী জিলাৰ ধুবুৰী সদৰ চহৰত আৰিফুল্লা ইষ্টেট ৱাকফ্ ব’ৰ্ডৰ ৮২ বিঘা মাটি আছে। চহৰখনত আৰু তিনিটা ৱাকফ্ ইষ্টেটৰ মাটি আছে।

তদুপৰি ধুবুৰীৰ হামিদাবাদ ৱাকফ্ ইষ্টেটৰ অধীনত ৯২৪ বিঘা মাটি আছে। দুদিনীয়া কাৰ্যসূচীৰে কালি ধুবুৰীলৈ অহা ব’ৰ্ডৰ এগৰাকী পৰিদৰ্শকে ৱাকফ্ মাটি কালি আৰু আজি পৰিদৰ্শন কৰে। ধুবুৰীৰ আদাবাৰীত হামিদাবাদ ৱাকফ্ ইষ্টেটৰ ৫০ বিঘা মাটিৰ বুজ লোৱাৰ লগতে উক্ত ঠাইৰ ২০ টা পৰিয়ালে আজি ৱাকফ্ ব’ৰ্ডক কৰ প্ৰদান কৰে।