newsnextone.com | ডিজিটেল ডেস্কঃ আৰক্ষী আৰু নেতাই এটা বছৰে ধৰ্ষণ কৰিছিল এগৰাকী কিশোৰীক। খোদ মুখ্যমন্ত্ৰীক এই অভিযোদ দিলে এগৰাকী কিশোৰীয়ে। আৰক্ষী বিষয়া, ৰাজনৈতিক দলৰ নেতা আৰু বিল্ডাৰৰ বিৰুদ্ধে ঝৰখাণ্ডৰ এগৰাকী কিশোৰীয়ে ভয়াবহ অভিযোগ উত্থাপন কৰাত সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইমানে নহয় উচ্চ পদস্থ আৰক্ষী বিষয়াই বিভিন্ন গৰাকী প্ৰভাৱশালী লোকৰ সৈতে যৌন সম্পৰ্ক গঢ়িবলৈ বাধ্য কৰা বুলি কয়। মঙলবাৰে খোদ কেমেৰাৰ সন্মুখত এই কথা প্ৰকাশ কৰে যুৱতীয়ে। ঝৰখাণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে আয়োজন কৰা 'চিধি-বাত' নামৰ অনুষ্ঠানত অংশ লৈ খোদ যুৱতীয়ে এই অভিযোগ দিয়ে।  

ইতিমধ্যে মানৱ অধিকাৰ আয়োগে গোচৰ ৰুজু কৰি চিআইডিক এই গোচৰ অৰ্পণ কৰিছে। এমাহত সমস্ত কাণ্ডৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব লাগিব। চলিত বৰ্ষত নাবালিকাৰ মাতৃয়ে ঘটনাৰ চিবিআইৰ তদন্তৰ দাবী জনায় উচ্চ ন্যায়ালয়ত আবেদন জনাইছি। আনহাতে আৰক্ষীৰ সন্মুত আটাইকেইজন অপৰাধীক চিনি পাও বুলি কৈছিল নাবালিকাই। অভিযুক্তৰ তালিকাত আছে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, ডিএছপি পৰ্যন্ত। আৰক্ষীৰ যোৱা চাৰিমাহ ধৰি এজনো অভিযুক্তক গ্ৰেপ্তাৰ নকাৰত অৱশেষত মুখ্যমন্ত্ৰীৰ ওচৰ চাপে মাতৃ আৰু নাবালিকাগৰাকীয়ে।