newsnextone.com | ওৰাংঃ কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাৰে বাৰে কৈ আহিছে যদিও এই কথাক ভ্ৰুক্ষেপ নকৰে একাংশ বিষয়া-কৰ্মচাৰীয়ে৷ চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীগৰাকী আৰু মন্ত্ৰী-বিধায়কে নিতৌ বৰ বৰ কথা কৈ শিৰোনাম দখল কৰি আহিছে৷ চমক সৃষ্টিৰ বাবে বৰ বৰ কথা কয় যদিও তেনে কথা প্ৰকৃততে পূৰণ কৰিব পাৰেনে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কে৷ দেখা যায় যে চৰকাৰ খনে তেনে প্ৰতিশ্ৰুতি পালনত বিফল হৈছে বুলি অভিযোগ উত্থাপন হয়৷ বিশেষকৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কে কৰ্ম সংস্কৃতিৰ কথা কয় যদিও চৰকাৰী কাৰ্যালয়ত কৰ্ম-সংস্কৃতি আজিও দেখা পোৱা নাযায়৷ 

ৰাজ্যৰ চৌদিশে বানৰ তাণ্ডৱ আৰম্ভ হৈছে। নৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। এই সময়ত সকলোতকৈ বেছি দায়িত্ব পালন কৰিব লগা বিভাগটো হৈছে জলসম্পদ বিভাগ। কিয়নো নৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধিৰ মুহূৰ্তই মুহূৰ্তই প্ৰতিবেদন জিলা প্ৰশাসনক দিয়াৰ প্ৰয়োজন। যাৰ দ্বাৰা প্ৰশাসনে দুৰ্যোগৰ পৰা মানুহক ৰক্ষা কৰাৰ চেষ্টা কৰিব পাৰে। জনসাধৰণক সজাগ কৰাৰ চেষ্টা কৰিব পাৰে। বাৰিষাৰ সময়ত ৰাজ্য চৰকাৰৰ জলসম্পদৰ বিভাগৰ গুৰু দায়িত্ব থাকে যদিও বুধবাৰে দিনৰ দিনটো ওদালগুৰি জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যালয় বন্ধ থকা পৰিলক্ষিত হয়। 

দিনৰ দিনটো কোনো এটা নৈৰ জলস্তৰৰ খতিয়ান ৰেকৰ্ড নকৰিলে। বুধবাৰৰ দিনটো উকা হৈ থাকিল খতিয়ান বহীৰ পৃষ্ঠা। newsnextone.comৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে বুধবাৰে দিনৰ ১২ বাজি ২০ মিনিটত কাৰ্যালয়ত উপস্থিত হৈছিল যদিও কাৰ্যালয়ত তলা ওলমি আছিল। কাৰ্যালয়ৰ খিৰিকি পৰ্যন্ত খোলা আছিল। এতিয়া প্ৰশ্ন হৈছে কৰ্মচাৰীসকলে বানৰ সময়ত দায়িত্ব পালনত কিয় গাফিলতি কৰিলে। ৰাইজক নৈৰ জলস্তৰৰ খতিয়ান দিয়াৰ দায়িত্ব কিয় পালন নকৰিলে বিষয়া-কৰ্মচাৰীয়ে। জানিব পৰা মতে, ওদালগুৰি জিলাৰ ওৰাং, মাজবাট আদি অঞ্চল বানত ডুবি আছে। 

ৰাইজে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে জনসাধৰণে। ইমানৰ পিছতো জলসম্পদ বিভাগৰ কোনো দায়িত্ব নাছিল নেকি? প্ৰশাসনক অৰাণাচল পাহাৰৰ পৰা বৈ অহা নৈ সমূহৰ জলস্তৰৰ প্ৰতিবেদন দিয়াৰ প্ৰয়োজন নাছিল নেকি? দিনৰ ১২ বজাত কাৰ্যালয় বন্ধ কৰি দায়িত্ব পালনত গাফিলতি কৰে কাৰ্যালয়টোৰ কাৰ্মচাৰীসকলে।

 ওদালগুৰি জিলাৰ অন্তৰ্গত জলসম্পদ বিভাগৰ কাৰ্যালয়ত দুপৰীয়াৰ পৰা এটা বৃহত তলা ওলমাই থকা কাৰ্যই বিষয়া-কৰ্মচাৰীৰ কোনো কৰ্ম সংস্কৃতিৰ নমুনা ওলাই পৰিছে। প্ৰকৃততে নৈ জলস্তৰ বৃদ্ধিৰ প্ৰতিবেদন কেনেদৰে প্ৰস্তুত কৰে সেয়া এক তদন্তৰ বিষয় হৈ পৰিছে।

উল্লেখ্য যে,পাগলা নৈ, ধনশ্ৰী নৈ, পাঁচনৈৰ বাঢ়নী পানীয়ে ওদালগুৰি জিলাৰ ওৰাঙৰ বিভিন্ন অঞ্চল ইতিমধ্যে ডুবাই পেলাইছে। বানৰ কৱলত পৰি বহু কেইখন গাঁৱৰ লোকে হাহাকাৰ কৰিব লগা হৈছে। দুদিন ধৰি নেৰানেপেৰা বৰষুণ আৰু অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা নৈ কেইখনৰ পানীৰ প্ৰবল সোতৰ ফলত অঞ্চলটোৰ গাঁও সমূহ বানৰ কৱলত পৰে । 

মাজবাট চহৰ সম্পূৰ্ণ ৰূপে প্লাবিত হৈ পৰিছে। অৰুণাচল প্ৰদেশৰ পাহাৰীয়া নৈ সমূহ পানী বাঢ়ি অহাত আতংকময় পৰিবেশৰ সৃষ্টি হয়। মাজবাট অঞ্চল নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বানৰ ফলত ৰাইজ বিপাঙত পৰিছে ৰাইজ। মাজবাট চহৰ, খৰামখা, বামুনী গাঁও, খুচুৰাবাৰী আদি গাঁও সমূহ বানৰ কৱলত পৰে। আনহাতে ৰেল পথৰ ওপৰেৰে পানী বৈ থকাৰ বাবে ৰেল চলাচল স্তব্ধ হৈ পৰে কেইবা ঘণ্টা ধৰি। যাত্ৰী বাহী ৰেল মাজবাট চহৰৰ সমীপত ৰৈ থাকিব লগা হয়। ইমানৰ পিছতো জলসম্পদ বিভাগে এনেদৰে গাফিলতি কৰা বিষয়টোক সহজে ল'ব পৰা নাই একাংশ লোকে।

ৰাজ্যৰ বহু কাৰ্যালয়ত কৰ্ম-সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিলে চকু কপালত উঠে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কৰ্ম সংস্কৃতিৰ নমুনা দেখা যায় ওদালগুৰি জিলাৰ বিভিন্ন কাৰ্যালয়ত৷ বহু কাৰ্যালয়লৈ আহিলে কৰ্ম সংস্কৃতিৰ নমুনা নিজেই প্ৰত্যক্ষ কৰিব পৰা যায়৷ বহু কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীয়ে বহু পলমকৈ কাৰ্যালয়লৈ আহি সময়ৰ পূৰ্বে কাৰ্যালয় এৰে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷