newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত ৰেল পথ অৱৰোধ কৰি অসমৰ বঙালীক অসমৰ পৰা বিতাৰণ নকৰিবলৈ দাবী জনায়। অসমৰ এনআৰচিৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ পিছতে মাতুয়া নামৰ সংগঠনটোৱে প্ৰতিবাদ জনায়। পূৰ্বে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱাই  বিভিন্ন ৰেল ষ্টেচনত ৰেল পথ অৱৰোধ কৰে মাতুয়া সংগঠনৰ নেতা-কৰ্মী আৰু সমৰ্থকে। 

মেন লাইন, বনগাঁও, হাচানবাদত ৰেল পথ অৱৰোধ কৰাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী ৰেলৰ ভিতৰতে আবদ্ধ হৈ পৰে। বৰষুণ দি থকাৰ মাজতে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল শ্ল'গান প্ৰদান কৰে। 

এনআৰচিৰ সম্পূৰ্ণ খচৰাহে প্ৰকাশ হৈছে যদিও পশ্চিম বংগত এনআৰচি প্ৰকাশ হৈ যোৱা বুলি প্ৰচাৰ কৰাৰ লগতে এনআৰচিৰ পৰা ৪০ লাখ বাঙালীক নাম অন্তৰ্ভুক্ত নকৰাৰ লগতে বঙালীক বিতাৰণ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে। যাৰ ফলত একাংশ লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহে। ৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ খচৰাত ৩ কোটি ২৯ লাখ মানুহৰ পৰা ২ কোটি ৮৯ লাখ মানুহৰহে নাম অন্তৰ্ভুক্ত কৰে। 

৪০ লাখ মানুহ বাদ পৰিছে সেই সকলৰ পুনৰ ভাৰতীয় হোৱাৰ প্ৰমাণ দিব পাৰিলে পুনৰ নাম অন্তৰ্ভুক্ত কৰিব বুলি এনআৰচি কৰ্তৃপক্ষ আৰু দুয়োখন চৰকাৰে কৈ আহিছে। কিন্তু পশ্চিম বংগত একাংশ লোকে ইয়াৰ বিপৰীত কথা প্ৰচাৰ কৰি এক উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে।

একপ্ৰকাৰ অসমৰ পৰা বঙালীক বিতৰণ কৰা হৈছে বুলি প্ৰচাৰ চলোৱা হৈছে। এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ পিছতে এই অভিযোগ এতিয়া পশ্চিম বংগৰ বাটে ঘাটে। যাৰ ফলত বুধবাৰে পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত মাতুয়া মহাসংঘই ৰেল অৱৰোধ কৰি অসমৰ পৰা বাঙালীক বিতৰণ নকৰিবলৈ দাবী জনাই বিজেপিক ধিক্কাৰ দিয়ে। 

আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী যোৱা দুদিন ধৰি দিল্লীত বাহ পাতি আছে। বুধবাৰে সংসদৰ বৰ্ষাকালীন অধিবেশন চলি থকাৰ মাজতে বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানী, কংগ্ৰেছ নেতা আহমেদ পেটেল, এছপিৰ সাংসদ জয়া প্ৰদাক সাক্ষাত কৰে। মমতাই এল কে আদৱানীৰ স্বাস্থ্যৰ বুজি লোৱাৰ লগতে দীৰ্ঘ দিনৰ পৰা দুয়োৰে মাজত ভাল সম্পৰ্ক আছে বুলি কয়। ইয়াৰ লগে লগে বেজপিৰ বিসম্বাদী নেতা যশৱান্ত সিনহা আৰু শত্ৰুঘ্না সিনহাক শীঘ্ৰে অসম ভ্ৰমণ কৰি প্ৰকৃত পৰিস্থিতিৰ বুজ লবলৈ আহ্বান জনাই মমতাই।