শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত জ্বলি উঠা এক বিদ্ৰোহৰ স্ফুলিংগই বিগত চাৰি দশকত ধাৰণ কৰিছে একুৰা জুইৰ ৰূপ। আৰু সেই জুইত যোৱা চাৰিটা দশকত জ্বলি ছাই হৈছে কেইবাহাজাৰ জন। অৰণ্যৰ মাজত উমি উমি জ্বলি থকা সেই জুইকুৰাত এতিয়া যেন একাজঁলি পানী চটিয়াইবলৈ সক্ষম হ’ল চৰকাৰ। দিল্লীত শুকুৰবাৰে সম্পন্ন হোৱা আলোচনাপন্থী আলফাৰ সৈতে অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক মীমাংসা চুক্তিৰ পিছত এতিয়া আশা কৰা হৈছে- বিদ্ৰোহৰ জুইকুৰা এতিয়া শাম কাটিব।

১৯৭৯ চনৰ ৭ এপ্ৰিলত শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত কেইজমান পাহোৱাল ডেকাই আৰম্ভ কৰিছিল এক বিদ্ৰোহৰ। স্বাধীন অসমৰ সপোনক বাস্তৱায়িত কৰাৰ মানসেৰে গঠন কৰা বিদ্ৰোহী সংগঠনটোৰ নাম দিয়া হৈছিল সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা। অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, প্ৰদীপ গগৈ, ভদ্ৰেশ্বৰ গোহাঁই আৰু বুদ্ধেশ্বৰ গগৈয়ে দেখা সেই স্বাধীন অসমৰ সপোনে আজি ৪৪টা বসন্ত পাৰ কৰিছে। তেওঁলোকৰ এই সপোনৰ পৰিণাম ভুগি প্ৰাণ হেৰুৱাবলগীয়া হৈছে ১৮ সহস্ৰাধিক লোকে। কিন্তু সেই সপোন আজিও বাস্তৱ নহ’ল। কিন্তু বিগত চাৰি দশকৰ প্ৰতীক্ষাৰ অন্তত অৱশেষত চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত স্বাক্ষৰিত হ’ল এক মীমাংসা চুক্তি। 

স্বাক্ষৰকাৰী আলোচনাপন্থী আলফা নেতা আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই চুক্তিক ঐতিহাসিক বুলি আখ্যা দিছে। চুক্তিত সামৰি লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়। এই চুক্তিত অসমৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, অস্ত্ৰসম্বৰণকাৰী আলফা সদস্যৰ সংস্থাপনৰ বাট মোকোলোৱাও হৈছে। কিন্তু তাৰ পিছতো বহুতৰে মনত স্বাক্ষৰিত চুক্তিখনক লৈ থাকি গৈছে অসন্তুষ্টি। বিৰোধী, বুদ্ধীজীৱী, বিশিষ্ট ব্যক্তি আৰু সাধাৰণ বহু অসমীয়াই চুক্তিৰ বিষয়বস্তুক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে।

কি আছে চুক্তিত?

২০২৩ বৰ্ষৰ বিদায় বেলাৰ ২৯ ডিচেম্বৰৰ সন্ধিয়া দিল্লীৰ বিজ্ঞান ভৱনত স্বাক্ষৰিত হয় ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী আলফা গোচৰ মাজৰ এই ত্ৰিপাক্ষীক মীমাংসা চুক্তিখন। চুক্তি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, অসম চৰকাৰৰ হৈ উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আলোচনাপন্থী আলফা গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশধৰ চৌধুৰী, প্ৰদীপ গগৈ, চিত্ৰবন হাজৰিকা, মিথিংগা দৈমাৰী, প্ৰণতি ডেকা, ৰাজু বৰুৱা, অপুৰ্ব বৰুৱা, বিজু ডেকা, প্ৰাণজিৎ শইকীয়া, অণ্টু চাওদাং, প্ৰদ্যুৎ গোহাঁই, পল্লৱ শইকীয়া, মৃণাল হাজৰিকা আৰু দেৰহাগ্ৰা বসুমতাৰী উপস্থিত থাকে এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত।

ত্ৰিপাক্ষিক মীমাংসা চুক্তি হিচাপে অভিহিত কৰা চুক্তিখনত স্বাক্ষৰ কৰাৰ পিছত ইয়াক ‘ঐতিহাসিক’ হিচাপে আখ্যা দিয়ে উপস্থিত সকলোৱে। চুক্তিত স্বাক্ষৰ কৰি অসম আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰৰ প্ৰশংসা্ত গদগদ হৈ পৰে আলোচনাপন্থী আলফা গোট। সমান্তৰালভাৱে আলোচনাৰ মেজলৈ অহা আলফা নেতাসকলকো ধন্যবাদ জনায় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰি অহা ৩১ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব স্বাক্ষৰকাৰী আলফা নেতাসকলক৷ খবৰ ওলাইছে, গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোকক ফুলাম গামোচা পিন্ধাই উষ্ম আদৰণি জনাব বিভিন্ন দল-সংগঠনে৷ 

এই চুক্তি অনুসৰি আলফাৰ নেতা-কেডাৰক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ আনহাতে, কেন্দ্ৰীয় চৰকাৰে অসমক ডেৰ লাখ কোটি টকা আগবঢ়োৱাৰ বিষয়েও উল্লেখ কৰা হৈছে চুক্তিখনত৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চুক্তি স্বাক্ষৰ কৰাৰ অন্তত এয়া অসমৰ বাবে এক প্ৰাপ্তিৰ দিন বুলি অভিহিত কৰে। 

চুক্তি অনুসৰি অসমত নিৰ্মাণ কৰা হ’ব আই আই এম, স্থপতিবিদ বিশ্ববিদ্যালয়কে ধৰি নতুন নতুন অনুষ্ঠান-প্ৰতিষ্ঠান। একেদৰে নতুন ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কথাও উল্লেখ আছে চুক্তিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, চুক্তিত উল্লেখিত অনুসৰি অসমে লাভ কৰিবলগীয়া সকলো প্ৰকল্প মিলাই চালে অসমৰ বাবে পেকেজৰ পৰিমাণ হ’ব ডেৰ লাখ কোটি টকাতকৈও অধিক।

চুক্তিখনত ‘আইকনিক স্থান’ৰ ৫ কিলোমিটাৰ এলেকাত ভূমি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰিব বুলি প্ৰস্তাৱ সংযোজন কৰা হৈছে৷ সমষ্টি সলনি কৰিলে ভোটাৰে নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেৰে পাৰ হোৱাৰ কথা চুক্তিত উল্লেখ কৰা হৈছে৷ চুক্তিত উল্লেখ থকা সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অসম চুক্তিৰ দৰেই এটা দফা সংযোজন৷ অসমৰ চুক্তিৰ ৬নং দফাৰ দৰেই এটা দফা সন্নিৱিষ্ট কৰা হৈছে৷ চুক্তিত সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা-সংৰক্ষণ, আৰু পৰিবৰ্ধনৰ বাবে সাংবিধানিক, সংসদীয় আৰু প্ৰশাসনীয় ৰক্ষাকৱচৰ কথা কোৱা হৈছে৷ তদ্ৰুপ অসম চুক্তিৰ ৬নং দফাত কোৱা হৈছিল যে অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা-সংৰক্ষণ, আৰু পৰিবৰ্ধনৰ বাবে সাংবিধানিক, সংসদীয় আৰু প্ৰশাসনীয় ৰক্ষাকৱচ, যথোপযুক্ত ভাবে প্ৰদান কৰা হ’ব। কিন্তু অসম চুক্তিৰ দীৰ্ঘ সময় পাৰ হৈ যোৱাৰ পাছতো ৬নং দফা দূৰৰ কথা অসম চুক্তিৰ কোনো এটা দফাই কাৰ্যকৰী কৰা নহ’ল৷

শুকুৰবাৰে সন্ধিয়া স্বাক্ষৰিত ১৭ পৃষ্ঠাৰ এই ত্ৰিপাক্ষিক মীমাংসা চুক্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধীনত ৯৪টা সমষ্টিত খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয় সন্নিৱিষ্ট কৰা হৈছে। ভৱিষ্যতৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কালতো এই নীতি বাহাল থাকিব। একেদৰে পঞ্চায়ত আৰু নগৰ সমিতিসমূহত অ’বিচিৰ সংৰক্ষণ বিষয়টো পৰীক্ষাৰ বাবে কমিটী গঠন, অবৈধ বিদেশীৰ নাম যাতে ভোটাৰ তালিকাত অন্তৰ্ভূক্ত নহয়, তাৰ বাবে ভোটাৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ পুনৰীক্ষণ, শিক্ষা আৰু নিয়োগৰ সুবধাৰ বাবে অ’বিচি সকলৰ শ্ৰেণী বিভাজন কৰি সেইমতে অৰ্থনৈতিক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ এখন কমিটী গঠনৰ বিষয় উল্লেখ কৰা হৈছে।

তদুপৰি উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এন আৰ চিৰ পুনৰীক্ষণৰ আৰু ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰীকৰণ, অবৈধ অনুপ্ৰৱেশ ৰোধৰ বাবে সীমান্তত সুৰক্ষা আৰু সীমান্ত আৰক্ষীৰ শক্তিশালীকৰণৰ ওপৰত জোৰ দিয়া হৈছে। চুক্তিত প্ৰস্তাৱ দিয়া হৈছে ভূমি সংক্ৰান্তীয় তথ্য-পাতিসমূহ ডিজিটাইজেশ্যনৰ। কৃষি ভূমিৰ সুৰক্ষা, চৰকাৰী ভূমি আৰু বনভূমিৰ বেদখল ৰোধ, ভূমিৰ গৰাকীৰ ভূমি স্বত্বৰ বাবে বিধেয়ক আৰু বেদখলমুক্ত কৰা ভূমিক লৈ লেণ্ড বেংক স্থাপন আৰু খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি আবণ্টনৰ প্ৰস্তাৱ আছে চুক্তিখনত।

অন্যহাতে ৰুগ্ন চাহ বাগিচাসমূহৰ ওপৰত অধ্যয়নৰ বাবে কমিটী গঠন আৰু বাগিচাসমূহ পুনৰুজ্জীৱিতকৰণৰ প্ৰস্তাৱ দিয়া হৈছে। চুক্তিত স্বাধীনতাৰ আগৰ সাতখন জিলাৰ সংস্কৃতি, ঐতিহ্য, কলা-ভাস্কৰ্য, মিউজিয়াম আদিৰ সুৰক্ষা আৰু তাৰ বাবে কালচাৰেল একাডেমী আৰু গৱেষণা কেন্দ্ৰ স্থাপনৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰোপৰি অহা ৫ বছৰৰ ভিতৰত এক লাখ কোটি টকা বিনিয়োগেৰে ৬০টাৰো অধিক আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প স্থাপনৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে। কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বত ৫ হাজাৰ কোটি টকাৰ এক বিশেষ পেকেজৰ আহ্বান জনোৱা হৈছে চুক্তিৰ জৰিয়তে। এই পেকেজৰ অধীনত গুৱাহাটীত আই আই এম, আৰ্কিটেকচাৰ বিদ্যালয়, আই আই এ ই আৰ, ৰে’লৱে যন্ত্ৰপাতি উত্পাদন গোচকে ধৰি প্ৰায় ৩৬টা উন্নয়ন প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। স্বাক্ষৰিত চুক্তিখনত বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ প্ৰদানৰো প্ৰস্তাৱ দিয়া হৈছে। ইফালে চুক্তিখন ৰূপায়ণৰ বিষয়টো পৰ্যবেক্ষণৰ বাবে আলফাৰ দুজন প্ৰতিনিধিক লৈ যৌথ পৰ্যবেক্ষণ কমিটী গঠনৰ পৰামৰ্শ দিয়া হৈছে।

সংগ্ৰামৰ পৰা আলোচনাৰ মজিয়ালৈ...      

দিল্লীত আলফা আৰু চৰকাৰৰ মাজৰ মীমাংসা চুক্তি স্বাক্ষৰক লৈ অনুসন্ধিৎসু হৈ পৰিছিল অসমীয়া জনতা৷ অসমৰ জনতাই বিচৰা থলিগিৰিৰ সুৰক্ষাৰ বিষয়সমূহ চুক্তিত থাকিব নে নাই তাকে লৈ বিভিন্নজনে সমাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ ৰাজনৈতিক ৰক্ষাকৱচ, প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি বহিস্কাৰ কৰা, নাগৰিকত্ব সংশোধনী আইন অসমত কাৰ্যকৰী নকৰা, আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা, থলুৱাৰ বাবে লোকসভা-বিধানসভাৰ আসন সংৰক্ষণ, বানপানী-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা, চাহপাতৰ নিলাম কেন্দ্ৰ অসমলৈ স্থানান্তৰ, ৰাজ্যিক সীমাবিবাদ নিষ্পত্তি, সম্পদৰ ওপৰত সম্পূৰ্ণ অধিকাৰ এই বিষয়সমূহ চুক্তিত সন্নিৱিষ্ট হ’ব নে নাই তাকে লৈ উৎসুক হৈ পৰিছিল সকলো৷ তদুপৰি সন্ধানহীন আলফা নেতাৰ সন্ধান, আলফাৰ নামত নিৰ্যাতনৰ বলি হোৱা পৰিয়ালক সাহায্য, শ্বহীদ আলফাৰ নেতা-কেডাৰক পৰিয়ালক সাহায্য এই বিষয়সমূহ চুক্তিত হ’ব নে নাই তাৰ ওপৰতো দৃষ্টি নিৱদ্ধ আছিল অসমীয়াৰ৷ কিন্তু অসম আৰু অসমীয়াৰ স্বাৰ্থসম্বলিত এনে বহু বিষয়ে চুক্তিত স্থান লাভ নকৰাত অসন্তুষ্টি ব্যক্ত কৰে বিভিন্নজনে।

দৰাচলতে চৰকাৰ আৰু আলফাৰ মাজৰ এই আলোচনাৰ পৰিৱেশৰ সূচনা হৈছিল ২০০৫ চনত৷ ২০০৫ চনত জংঘলত থকাৰ সময়তে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই পি চি জি নামেৰে এখন সমিতি গঠন কৰিছিল৷ জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীক মুখ্য সম্বন্বয়ৰক্ষী হিচাপে লৈ গঠন কৰা সমিতিত ৰেৱতী ফুকন, অৰূপ বৰবৰা, লাচিত বৰদলৈ, মুকুল মহন্ত, অজিত কুমাৰ ভূঞা, হাইদৰ হুছেইন, ব্ৰজেন গগৈ, দিলীপ পাটগিৰি, দিগন্ত কোঁৱৰ আৰু হিৰণ্য শইকীয়াক সদস্য কৰা হৈছিল৷ পি চি জিয়ে দিল্লীৰ সৈতে আলোচনাৰ পৰিৱেশ তৈয়াৰ কৰিবলৈ প্ৰয়াস কৰিছিল৷ আলফাৰ হৈ দিল্লীত আলোচনাত বহিছিল এই সমিতিয়ে৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত এই আলোচনা বিফল হয়৷ 

সেই সময়ৰ কংগ্ৰেছ চৰকাৰে ‘সাৰ্বভৌমত্ব’ বা ‘স্বাধীন অসম’ৰ দাবীক লৈ কোনো প্ৰকাৰে আলোচনা সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছিল৷ কিন্তু আলফা আছিল আকোৰগোজ৷ ভাৰত চৰকাৰ আৰু আলফাৰ মাজৰ আলোচনা তৃতীয় এখন ৰাষ্ট্ৰত অনুষ্ঠিত কৰা, আলোচনা ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত অনুষ্ঠিত কৰা, আলোচনাৰ বিষয়সূচীত অসমৰ সাৰ্বভৌমত্ব বিষয় অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই আহে আলফাই৷ সেই সময়তে সভাপতি অৰবিন্দ ৰাজখোৱাক বাংলাদেশত গ্ৰেপ্তাৰ কৰি ভাৰতক অৰ্পণ কৰাৰ পাছতে ২০১১ চনত পিচিজি ভংগ কৰাৰ ঘোষণা কৰে৷ ড০ হীৰেণ গোহাঁই, সাংবাদিক অজিত কুমাৰ ভূঞাকে ধৰি ৰাজ্যৰ আগশাৰীৰ লোকৰ উদ্যোগত অনুষ্ঠিত জাতীয় অভিৱৰ্তনে আলোচনা কৰিবলৈ সন্মতি প্ৰদান কৰিছিল৷ 

২০০৯ চনৰ ৩০ নৱেম্বৰত বাংলাদেশ আৰক্ষীয়ে ঢাকাত অৰবিন্দ ৰাজখোৱাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে তেওঁক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয়। আনহাতে চোৰাংচোৱাই দাবী কৰিছিল যে অৰবিন্দ ৰাজখোৱাই আগৰতলাত ভাৰতীয় সুৰক্ষা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল৷ পাছত বিমানেৰে নতুন দিল্লীলৈ আনি চৰকাৰৰ সৈতে আলোচনাৰ মেজত বহুওৱাবলৈ প্ৰয়াস কৰা হৈছিল। ২০০৯ চনৰ ৫ ডিচেম্বৰত ৰাজখোৱাক কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। দুটা বছৰৰ অন্তত ২০১১ চনৰ ১ জানুৱাৰীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা জামিনত মুক্তি দিয়া হয় ৰাজখোৱাক। ২০১৫ চনৰ নৱেম্বৰ মাহত অনুপ চেতিয়াক বাংলাদেশ চৰকাৰে ভাৰতলৈ প্ৰত্যাৰ্পণ কৰে। চেতিয়াক ২০১৫ চনৰ ২৪ ডিচেম্বৰত জামিনত গুৱাহাটী কাৰাগাৰৰ পৰা মুক্তি দিয়া হয়। একেদৰে ২০১২ চনৰ এপ্ৰিল মাহলৈ বৈদেশিক সচিব শশ চৌধুৰী, উপ মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰীয়ে অস্ত্ৰ সম্বৰণ কৰি আলোচনাৰ মজিয়ালৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰে৷ পৰিণতিত ২০১১ চনত আলোচনাৰ বিষয়টোৱে নতুন গতি লাভ কৰে৷ ২০১১ চনৰ পৰা‌ কেন্দ্ৰ আৰু আলোচনা পন্থী আলফাৰ‌ মাজত কেইবালানি আলোচনা হয়। ৰাজনৈতিক ৰক্ষাকৱচ, বিদেশী সমস্যাৰ অৰ্থপূৰ্ণ সমাধান আৰু অসমৰ‌ সামগ্ৰিক উন্নয়ন আদি দিশত এই আলোচনাই অগ্ৰগতি লাভ কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ সদ্ভাৱহীনতাৰ বাবে লেহেমিয়া হয় আলোচনাৰ পৰিৱেশ৷ 

কিন্তু মুখ্যমন্ত্ৰী ৰূপে ড০ হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাৰ পাছতে আলোচনা প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হয়৷ প্ৰায় আঢ়ৈটা বছৰৰ ভিতৰত কেইবালানি আলোচনাৰ অন্তত আলফা আলোচনাপন্থী গোটে চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হয়৷ 

কাৰাবন্দীত্বৰ ভয়ত চুক্তি!

আলোচনাপন্থী আলফা নেতৃত্বই পৰিস্থিতিৰ বাধ্যবাধকতাত পৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে মীমাংসা চুক্তিত স্বাক্ষৰ কৰে। বন্দী নেতৃত্বৰে কেন্দ্ৰীয় চৰকাৰে আলোচনা নকৰিবও পাৰিলেহেঁতেন। তথাপি কেন্দ্ৰীয় চৰকাৰে সন্মানৰ খাতিৰত মৰ্যাদা দি আলাৰ বন্দী নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈ আজি মীমাংসা চুক্তিত স্বাক্ষৰ কৰিলে। এই অকপট স্বীকাৰোক্তি আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাৰ। সোতৰ বছৰৰো অধিক কাল বাংলাদেশৰ জেলত কাৰাৰুদ্ধ হৈ মুকলি হৈ অহা অনুপ চেতিয়ায়ো আজি কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ সৈতে মীমাংসা চুক্তিত স্বাক্ষৰ কৰিছে। কিন্তু কি পৰিস্থিতিত অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া আদিয়ে এই মীমাংসা চুক্তিত স্বাক্ষৰ কৰিবলগীয়া হ’ল, সেই বাধ্যতামূলিক পৰিস্থিতিৰ আজি দিল্লীত সংবাদ মাধ্যমৰ আগত ব্যাখ্যা দাঙি ধৰিলে অনুপ চেতিয়াই।

চুক্তি স্বাক্ষৰৰ পিছত দিল্লী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলৰ অন্তত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া কয়, “কি পৰিস্থিতিৰ পৰা আহি আজি আলফাৰ নেতৃত্বই এই চুক্তিত স্বাক্ষৰ কৰিছে, সেয়াও চাব লাগিব। আলফাৰ বন্দী নেতৃত্বৰ সৈতে কেন্দ্ৰীয় চৰকাৰে আলোচনা নকৰিবও পাৰিলেহেঁতেন। কিন্তু আলফাৰ বন্দী নেতৃ্ত্বৰ সন্মানৰ খাতিৰতে মৰ্যাদা দি কেন্দ্ৰ-ৰাজ্য চৰকাৰে আলোচনা অনুষ্ঠিত কৰিলে আৰু চুক্তিত স্বাক্ষৰো কৰিলে। তাৰ বাবে কেন্দ্ৰক আমি ধন্যবাদ জনাইছো। এই চুক্তি স্বাক্ষৰিত নোহোৱা হ’লে বা আলোচনা প্ৰক্ৰিয়া আৰম্ভ নোহোৱা হ’লে মই আজীৱন বাংলাদেশৰ কাৰাগাৰতে থাকিবলগীয়া হ’লহেঁতেন। বন্দী অনস্থাত হ’লেও আলফাৰ নেতৃত্ব আলোচনালৈ অহাৰ বাবেহে মই জে’লৰ পৰা ওলাই আহিলো। অন্ততঃ মই মোৰ জীৱনটো ৰক্ষা কৰিবলৈ সক্ষম হ’লো। বাংলাদেশত বন্দী হৈ থকা হ’লে মই অসমৰ হৈ, ৰাইজৰ হৈ একো কাম কৰিব নোৱাৰিলোহেঁতেন।”

এই অকপট স্বীকাৰোক্তি দি অনুপ চেতিয়াই স্বাক্ষৰিত মীমাংসা চুক্তিখনক লৈ গভীৰ প্ৰত্যাশাও ব্যক্ত কৰে। তেওঁৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত যি সংৰক্ষণ ব্যৱস্থা আহিছে, সেয়া এই চুক্তিৰ জৰিয়তে দীৰ্ঘকাল সুৰক্ষিত হৈ থাকিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চাৰিসীমা কেৱল উত্তৰ-পূবতে ৰখাৰ বাবেও আলফাই দাবী জনাই এন এফ ৰে’লৱেৰ চাকৰিত কেৱল উত্তৰ-পূবৰ খিলঞ্জীয়াক মকৰল কৰিবলৈ দাবী জনোৱা বুলিও আলফা নেতাজনে মন্তব্য কৰে। চেতিয়াই লগতে কয়, “বন্দী অৱস্থাত আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিও এই চুক্তিৰ জৰিয়তে অসমৰ বাবে আমি কিছু হ’লেও পাইছো। পৰেশ বৰুৱাই অসমৰ বাবে আৰু আনক। আমি যিখিনি আনিব নোৱাৰিলো, পৰেশ বৰুৱাই অসমৰ বাবে নতুনকৈ চুক্তি কৰি বেছিকৈ আনক। বৰুৱাই আমাৰ চুক্তিখন সমৰ্থন কৰিব বুলি আমি আশাবাদী।”

কেন্দ্ৰীয় চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ সন্দৰ্ভত মত ব্যক্ত কৰি অনুপ চেতিয়াই পুনৰ কয়, “আমাৰ হাতত মাত্ৰ তেৰটা বন্দুক আছিল। তেৰটা বন্দুক থকা এটা সংগঠনৰ সৈতে আলোচনা কৰি কেন্দ্ৰই ইয়াতকৈ বেছি কি দিব? আমাৰ নেতৃত্ব যেতিয়া দিল্লীলৈ আলোচনাৰ বাবে গৈছিল, তেতিয়া কেন্দ্ৰীয় চৰকাৰে সুধিছিল- কিমান বন্দুক আছে? আমি যেতিয়া তেৰটা বুলি ক’লো, তেতিয়া কি চুক্তি কৰিম বুলি কোৱা হৈছিল। তথাপি আমি এখন চুক্তি কৰিলো আৰু যিখিনি পাইছো তাতেই সন্তুষ্টি লভিছো। আচলতে আমাৰ কেন্দ্ৰৰ সৈতে দৰ-দাম কৰিব পৰা সক্ষমতা নাছিল। সেয়া ৰাইজৰ ওচৰত স্বীকাৰ কৰিছো। ইমানদিনে এয়া কোৱা নাছিলো। আজি ক’লো।” 

‘এই চুক্তি মুখ্যমন্ত্ৰীয়েই আলফাক লিখি দিয়া যেন লাগে’

শুকুৰবাৰে সন্ধিয়া আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত ত্ৰিপাক্ষিক মীমাংসা চুক্তিত বহু বিষয় সন্নিৱিষ্ট কৰা হ’ল যদিও বাদ পৰি ৰ’ল বহু গুৰুত্বপূৰ্ণ বিষয়ও। বিশেষকৈ এই চুক্তিত অসম আৰু অসমীয়াৰ দীৰ্ঘম্যাদী বিকাশৰ কোনো বিষয় উল্লেখ কৰা নহ’ল বুলি এতিয়া একাংশই আক্ষেপ ব্যক্ত কৰিছে। এই চুক্তি কেৱল ভোটৰ ৰাজনীতিৰ অংশ বুলিও একাংশই সমালোচনা কৰিছে। 

আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা, চাহপাতৰ নিলাম কেন্দ্ৰ অসমলৈ স্থানান্তৰ, উচ্চ সদন স্থাপন, ৰাজনৈতিক ৰক্ষাকৱচ, প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি বহিস্কাৰ, নাগৰিকত্ব সংশোধনী আইনৰ পৰা মুক্ত অসম, থলুৱাৰ বাবে ৮০ শতাংশ লোকসভা-বিধানসভাৰ আসন সংৰক্ষণ, বানপানী-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা, ৰাজ্যিক সীমাবিবাদ নিষ্পত্তি, সম্পদৰ সম্পূৰ্ণ অধিকাৰ, ভূমিৰ সম্পূৰ্ণ অধিকাৰ, সন্ধানহীন আলফা নেতাৰ সন্ধান, আলফাৰ নামত নিৰ্যাতনৰ বলি পৰিয়ালক সাহায্য, শ্বহীদ আলফাৰ নেতা-কেডাৰক পৰিয়ালক সাহায্য, কেন্দ্ৰ-ৰাজ্যৰ অসমৰ চৰকাৰী কাৰ্যালয়ত এশ শতাংশ থলুৱাৰ সংস্থাপন আদি কোনো বিষয়েই এই চুক্তিত স্থান লাভ নকৰাত অসন্তুষ্টি ব্যক্ত কৰিছে ত্ৰিপাক্ষিক চুক্তিখনক লৈ আশাবাদী হৈ থকা বহু লোক।

ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইয়েও এই চুক্তিখনক লৈ আক্ষেপ ব্যক্ত কৰি এয়া কেৱল বিজেপিৰ ভোটলাভৰ চুক্তি বুলিহে অভিহিত কৰে। এই চুক্তিৰ পৰা সাধাৰণ অসমীয়া জনতাৰ কোনো লাভ নহয় বুলি মন্তব্য কৰি গোহাঁইয়ে কয় যে এই চুক্তিখনৰ জৰিয়তে খিলঞ্জীয়াৰ সুৰক্ষাৰ বিপৰীতে ভোট সুৰক্ষাহে সুনিশ্চিত কৰা হৈছে। এই চুক্তি বিজেপিৰ ৰাজনৈতিক এজেণ্ডা যেন অনুভৱ হয় বুলিও তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে ড০ গোহাঁইয়ে।

বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে কয়, “এই চুক্তিৰ জৰিয়তে খিলঞ্জীয়া শব্দটোৰ অপব্যৱাহৰ হোৱা যেন অনুভৱ হয়। আমি যেতিয়া আলোচনাৰ বাবে প্ৰস্তাৱ দিছিলো, তেতিয়া সীমা নিৰ্ধাৰণৰ বিষয়ে কোৱা নাছিলো। কিন্তু এতিয়া সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰি বিজেপিৰ কাৰ্যহে সমৰ্থন কৰা হ’ল। যিবোৰ অৰ্থনৈতিক প্ৰস্তাৱ দিয়া হৈছে, সেইবোৰৰ পৰা অসমৰ কিমান লাভ হয় ক’ব পৰা নাযায়। যিবোৰ আঁচনি কাৰ্যকৰী কৰা হ’ব, তাৰ ফলত অসমৰ থলুৱা শ্ৰমজীৱী লোকসকলৰ কি উপকাৰ হ’ব সেই বিষয়ে আমি জনা উচিত। আই আই এম স্থাপন হ’ব, আই আই টিও নিৰ্মাণ হৈছিল। আই আই টিৰ পৰা নিশ্চয় পৰা কিছু ভাল কাম নিশ্চয় হৈছে, গৱেষণা কৰা হৈছে... কিন্তু অসমৰ প্ৰত্যক্ষ কামত অহা কি বস্তু আমি আই আই টিৰ পৰা পাইছো?”

ড০ গোহাঁইয়ে কয়, “অসমৰ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে শক্তি উত্পাদন। বিদ্যুত মাচুল বৃদ্ধি কৰি চৰকাৰে অসমীয়াৰ ওপৰত সন্ত্ৰাস চলাইছে। কিন্তু অসমত কিদৰে অধিক শক্তি উত্পাদন কৰিব পাৰি, তাৰ বিষয়ে চুক্তিত কোনো উল্লেখ নাই। এইসমূহ দিশ চালে এনে লাগে যেন খৰধৰকৈ, চৰকাৰৰ সুবিধা হোৱাকৈ এই চুক্তিখন কৰা যেন বোধ হয়। এই চুক্তিখন মোৰ ধাৰণা বিজেপিৰ এজেণ্ডাস্বৰূপ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েই এই চুক্তিখন লিখি দিছে।”  

‘এই চুক্তিৰ পৰা ঠিকাদাৰসকল লাভান্বিত হ’ব’

আলোচনাপন্থী আলফা আৰু চৰকাৰৰ মাজৰ স্বাক্ষৰিত ত্ৰিপাক্ষিক মীমাংসা চুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াও। এই চুক্তিখন ভিত্তিহীন বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে কিছুমান অলাগতীয়াল বিষয়েৰে চুক্তিৰ ১৭ পৃষ্ঠা ভৰাই পেলোৱা হৈছে। অসমীয়া খিলঞ্জীয়াৰ বাবে এই চুক্তিখনৰ কোনো গুৰুত্ব নাই বুলিও মন্তব্য কৰে শইকীয়াই।

তেওঁ কয়, “এই চুক্তিখনক তেওঁলোকে ঐতিহাসিক আখ্যা দিছে। সেয়া তেওঁলোকৰ কথা, কিন্তু চুক্তিখনত কেৱল কিছুমান আলগতীয়াল বিষয়হে সন্নিৱিষ্ট কৰা হৈছে। চুক্তিখনে পথ, দলং আদিৰ কাম কৰা ঠিকাদাৰসকলকহে লাভাম্বিত কৰিব।” শইকীয়াই লগতে কয়, “অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যাৰ কথা মুখ্যমন্ত্ৰীয়ে নিজে দিল্লীলৈ গৈও ক’ব পাৰিলেহেঁতেন, এয়া চুক্তিত সন্নিৱিষ্ট কৰাৰ কোনো প্ৰয়োজনেই নাছিল। সেইদৰে অসমত বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান স্থাপনৰ বাবেও অসম চৰকাৰে কেন্দ্ৰক হেঁচা দিব পাৰিলেহেঁতেন, অসমত খেলপথাৰ নিৰ্মাণৰ কথা কোৱা হৈছে, চৰকাৰে দেখোন খেল মহাৰণ পাতিয়েই আছে। মুখ্যমন্ত্ৰী গ্ৰাম্য বিকাশ যোজনাৰ অধীনত এই সকলোবোৰ কাম কৰিব পৰা যায। এনেবোৰ বিষয় অযথা সন্নিৱিষ্ট কৰি চুক্তিখন ১৭ পৃষ্ঠা দীঘল কৰা বুলিয়েই মোৰ বোধ হয়।”

পৰেশ বৰুৱা অবিহনে স্বাক্ষৰিত চুক্তি, মানি ল’বনে আলফা স্বাধীনে?

আলফা অসমৰ ইতিহাসত হঠাতে ঘটা এটা ঘটনা নাছিল। স্বাধীন অসমৰ যিটো স্বপ্নক সাকাৰ ৰূপ দিবলৈ সি আগ বাঢ়িছিল সেইটো স্বপ্ন অসমীয়া মানসত তাৰো আধা শতিকামান আগৰপৰাই বিৰাজ কৰিছিল। অসমৰ স্বাধীন অস্তিত্ব আৰু পৰিচয়ৰ কথা, অসমৰ সম্পদৰ ওপৰত নিজৰ অধিকাৰৰ কথা, স্বাধীনতাৰ পৰৱৰ্তী সময়ত সংবিধানৰ ফেডাৰেল গাঁথনিৰ কথা অসমীয়া মানুহে বহু দশক ধৰি কৈ আহিছিল। আৰু তেনে অসমীয়াৰ গোপন সপোনৰ বীজ হৈ অসম আন্দোলনৰ পটভূমিত জন্মলাভ কৰিছিল আলফাই। ক’বলৈ গ’লে, অসম আন্দোলনৰ জংগী অংশটোৰপৰাই জন্ম হৈছিল আলফাৰ। অসম আন্দোলনে উত্থাপন কৰা এটা প্ৰধান প্ৰশ্ন আছিল, অসমৰ সমস্যাৰাজি ভাৰতীয় সাংবিধানিক গণ্ডীৰ ভিতৰত থাকি সমাধান কৰাটো সম্ভৱ হ’বনে নহয়। সম্ভৱ হয় বুলি ভবাসকল অসম আন্দোলনৰ সৈতে থাকি গৈছিল, কিন্তু সংবিধানৰ প্ৰতি মোহভংগ হোৱাসকল আলফালৈ ঢাপলি মেলিছিল। গতিকে এটা দিশৰপৰা আলফা আছিল অসম আন্দোলনৰে এক ধাৰাবাহিকতা, কিন্তু একে সময়তে সি আছিল এক নতুন আৰু পৃথক ধাৰাৰ প্ৰতিনিধি।

এনে পৰিপ্ৰেক্ষিতত যি দাবীৰে বিগত চাৰিটা দশকে সশস্ত্ৰ সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখিছে, সেই দাবীৰ তিলমানো সদ্য স্বাক্ষৰিত মীমাংসা চুক্তিত প্ৰতিফলিত নহ’ল বুলি দাবী কৰিছে বিভিন্নজনে। স্বাধীন অসম বা সাৰ্বভৌম অসমৰ দাবীৰে জন্মলাভ কৰা আলফা স্বাধীনে পূৰ্বে শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ সময়তো বাৰে বাৰে উত্থাপন কৰিছিল স্বাধীন অসমৰ প্ৰসংগ। এনে পৰিস্থিতিত পৰেশ বৰুৱা পন্থী আলফা স্বাধীনে আলোচনাপন্থী আলফা আৰু চৰকাৰৰ এই ত্ৰিপাক্ষিত মীমাংসা চুক্তি মানি ল’ব নে নাই সেয়াও এক প্ৰশ্নৰ বিষয় হৈ পৰিছে। অৱশ্যে চুক্তিত স্বাক্ষৰ কৰা আলোচনাপন্থী আলফা নেতাসকলে এই চুক্তি পৰেশ বৰুৱাই মানি ল’ব বুলিয়েই আশা প্ৰকাশ কৰে।

আমি পূৰ্বৰ স্থিতিত অটল আছোঃ পৰেশ বৰুৱা

দিল্লীত স্বাক্ষৰিত হোৱা আলফা আৰু চৰকাৰৰ মাজৰ মীমাংসা চুক্তিক লৈ আলফা স্বাধীনে এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও সংবাদ সংস্থা প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক শোণিত কুমাৰ ভূঞাৰ সৈতে হোৱা ফৌণিক বাৰ্তালাপত চুক্তিখনক লৈ কিছু প্ৰতিক্ৰিয়া ব্যক্ত কৰে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। আলফা আৰু চৰকাৰৰ মাজৰ এই চুক্তিক লৈ তেওঁ লজ্জিত বুলি মন্তব্য কৰে আলফাৰ প্ৰধানগৰাকীয়ে। পৰেশ বৰুৱাই কয়, “আমি এই চুক্তিখন শুনি আচৰিত, বিচলিত বা ক্ষোভিত হোৱা নাই। আমি আগৰে পৰাই জানো আচলতে কি হ’ব। আমি ২০১১ চনৰ পৰাই এই বিষয়ে কৈ আহিছো।”

বৰুৱাই কয়, “আমি যেতিয়া আলোচনাৰ উদ্যোগ লৈছিলো, তেতিয়া অসমৰ গণ্যমান্য ব্যক্তিসকলে উদ্যোগ লৈছিল। কিন্তু এতিয়া নীতি- আদৰ্শ বাদ দিয়া হৈছে। নীতি- আদৰ্শ পৰিত্যাগ কৰা লোকে ৰাজনৈতিক সমাধান উলিয়াব নোৱাৰে। এই চুক্তিক লৈ আমি ক্ষোভিত নহয়, লজ্জিত হৈছো।”

দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে নীতি-আদৰ্শ নাথাকিলে ৰাজনৈতিক সমাধানৰ আশা কৰিব নোৱাৰি বুলি চুক্তিত স্বাক্ষৰকাৰী আলোচনাপন্থী আলফা নেতাক সমালোচনা কৰি পৰেশ বৰুৱাই কয় যে নিৰুদ্দিষ্ট, শ্বহীদৰ স্বাৰ্থত চুক্তিত কোনো কথাই গুৰুত্ব লাভ নকৰাটো দুখৰ বিষয়। এতিয়াও নিজৰ পূৰ্বৰ স্থিতিত অটল বুলি মন্তব্য কৰে আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীয়ে। অন্যহাতে ফটো চেছনৰ সময়ত অৰবিন্দ ৰাজখোৱাকে ধৰি আলফাৰ নেতাসকল গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ চকীৰ পিছফালে ঠিয় হৈ থকা কাৰ্যক লৈও আক্ষেপ ব্যক্ত কৰি পৰেশ বৰুৱাই কয় যে অন্ততঃ স্বাক্ষৰকাৰী আলফা নেতাসকলৰ সন্মানৰ কথা চিন্তা কৰিব লাগিছিল। এনে কাৰ্যৰ জৰিয়তে অসমীয়াৰ স্বাভিমানত আঘাত হনা বুলি মন্তব্য কৰে বৰুৱাই। 

আলফাৰ সেনাধ্যক্ষগৰাকীয়ে কয়, “আমাৰ যিটো ৰাজনৈতিক ইছ্যু আছে, সেই ইছ্যুটোক যদি সন্মুখত ৰাখি আলোচনা কৰিব বিচৰা হয়, তেন্তে আমি না কেতিয়াও নকৰো। আমি আমাৰ পথত অবিচল হৈ আছো। আমাৰ দাবীৰ বাদে অন্য আলোচনাৰ প্ৰতি আমি পক্ষপাতি নহয়। আমি অসমৰ জনগণক প্ৰতাৰণা কৰা নাই আৰু ভৱিষ্যতেও নকৰো।”

এইখন অৰ্থনৈতিক বুজাবুজি ‘সন্ধিপত্ৰ’, চুক্তি মানিবলৈ অস্বীকাৰ আলফা কেডাৰৰ
 
আলফাৰ আলোচনাপন্থী গোটে দিল্লীত চুক্তি স্বাক্ষৰ কৰাৰ পাছতে বিভিন্ন ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশৰ লগতে আলফাৰ ভিতৰচ’ৰাতো ক্ষোভৰ বহিঃপ্ৰকাশ ঘটা পৰিলক্ষিত হৈছে৷ আলোচনাপন্থী গোটটোৰ মাজত বিসম্বাদ বা বিভাজন হৈছে নেকি তাকে লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ স্বাক্ষৰবিহীন এখন আলফাৰ পেডত দিয়া বিবৃতিয়ে ক্ষোভৰ বহিঃপ্ৰকাশ, বিসম্বাদ বা বিভাজন ঘটাৰ কথাৰে ইংগিত দিছে৷ স্বাক্ষৰবিহীন আলফাৰ এখন পেডত এক বিস্ফোৰক বিবৃতি প্ৰদান কৰি আলফাই দিল্লীত কৰা চুক্তিৰ তীব্ৰ বিৰোধ কৰাৰ লগতে চুক্তিক নস্যাৎ কৰে৷ নতুন দিল্লীত স্বাক্ষৰিত ত্ৰিপাক্ষিক শান্তি চুক্তিক লৈ কেইবাটাও প্ৰশ্ন কৰা হৈছে। এই বিবৃতিত শান্তি চুক্তিক নিন্দা কৰি বিদ্ৰোহী সংগঠনটোক জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি দিয়াত ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কিয়নো ২৯ ডিচেম্বৰত চুক্তি স্বাক্ষৰ কৰি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি আলফা নেতৃত্বই এমাহৰ ভিতৰত আলফাক ভংগ কৰাৰ ঘোষণা কৰিছিল৷ কিন্তু এই ঘোষণাৰ ৭ ঘণ্টা পাৰ হোৱাৰ পাছতে কলিয়াবৰত এখন গোপন বৈঠকত মিলিত হয় কেডাৰসকল৷ কেডাৰসকলৰ এক বিবৃতি পোহৰলৈ আহিছে৷ এই বিবৃতি সংগঠনটোৰ কোন নেতাই ক’ৰ পৰা সংবাদমাধ্যমৰ লোকক হাতত তুলি দিলে সেই কথা এই পৰ্যন্ত পোহৰলৈ অহা নাই৷ 

কিন্তু চুক্তি স্বাক্ষৰকাৰী নেতা অনুপ চেতিয়াই পত্ৰখন ভুৱা বুলি দাবী কৰিছে। পত্ৰখন যোগে স্বাক্ষৰিত শান্তি চুক্তিক কেৱল ‘চেতিয়া-ৰাজখোৱা-চৌধুৰী-হাজৰিকা আৰু ভাৰত দেশৰ মাজত অৰ্থনৈতিক বুজাবুজি’ সন্ধিপত্ৰ বুলি কোৱা হৈছে৷ পত্ৰখনত উল্লেখ কৰা মতে, আলফা কেডাৰে সংগঠনটোক জীয়াই ৰখাৰ সিদ্ধান্ত লৈছে। আলফা নেতাসকলে আলোচনাপন্থী গোটৰ সাধাৰণ সদস্যসকলৰ সৈতে আলোচনা নকৰাকৈ শান্তি চুক্তিত স্বাক্ষৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। 

এই সন্দৰ্ভত অনুপ চেতিয়াই কয় ''মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে এই পত্ৰখন ভুৱা। এইটো সম্ভৱতঃ আন কোনো সংগঠনে বিতৰ্কৰ সৃষ্টি কৰিবলৈ প্ৰচাৰ কৰিছে। যিহেতু পত্ৰখনত কোনো স্বাক্ষৰ নাই৷ এই পত্ৰখন গুৰুত্বসহকাৰে ল’ব পৰাৰ কোনো প্ৰমাণ নাই।’’ সংগঠনটোৰ ভিতৰচ’ৰাত কোনো মতভেদ নাই বুলি দাবী কৰি চেতিয়াই কয়, ''আমাৰ মাজত কোনো বিতৰ্ক বা বিবাদ নাই।’’ 

বিতৰ্কিত পত্ৰখনত কোৱা হৈছে যে কিছু আলফা সদস্যই আশা কৰিছিল যে শান্তি চুক্তিত অসমৰ বাবে পৃথক সংবিধান, ৰাজ্যৰ বাবে পৃথক মুদ্ৰা, অসমৰ জনসাধাৰণৰ বাবে নিজকে শাসন কৰাৰ বাবে এক পৃথক ৰাজনৈতিক ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব। অৱশ্যে চুক্তিখনত এই বিষয়বোৰৰ কোনোটোৱেই নাই। ৪৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰাম আৰু ১৪ হাজাৰতকৈ অধিক অসমীয়া ডেকাই প্ৰাণ দিয়াৰ অন্তত আলফাই ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছে৷ এই চুক্তিৰ প্ৰস্তাৱসমূহ প্ৰত্যক্ষ কৰি ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই বিবৃতিয়ে আলোচনাপন্থী আলফাৰ মাজত বিভাজনৰ সৃষ্টি হোৱাৰ উমান পোৱা গৈছে৷ পত্ৰখনত লিখা হৈছে- ‘চেতিয়া-ৰাজখোৱা মানেই আলফা নহয়৷ চেতিয়া-ৰাজখোৱা-চৌধুৰী-হাজৰিকা আৰু ভাৰত ৰাষ্ট্ৰৰ মাজত হোৱা অৰ্থনৈতিক বুজা-বুজি সন্ধিপত্ৰহে৷’ 

আলোচনাপন্থী আলফাৰ গৰিষ্ঠ সংখ্যক সেনানীয়ে এই সন্ধিপত্ৰৰ বিষয়সমূহত কোনো কাৰণতেই সুখানুভৱ কৰিব নোৱাৰোঁ বুলিও উল্লেখ কৰি সংযুক্ত মুক্তি বাহিনী, অসম সংগঠনক জীয়াই ৰাখিবলৈও সংকল্প গ্ৰহণ কৰা বুলি কোৱা হৈছে৷ বিবৃতিক কোৱা হৈছে যে কালি, সংযুক্ত মুক্তি বাহিনী, অসম আৰু ভাৰত-অসম চৰকাৰৰ মাজত হোৱা অর্থনৈতিক ত্রিপাক্ষীক চুক্তিৰ ওপৰত দৃষ্টিৰাখি আমি সংযুক্ত মুক্তি বাহিনী, অসমৰ সংগ্ৰামী সেনানীসকলে কলিয়াবৰত এখন গোপন বৈঠকত মিলিত হওঁ। উক্ত বৈঠকত এই সন্ধিপত্রক আমি সংযুক্ত মুক্তি বাহিনী, অসমৰ সেনানী সকলে ‘আলফা-চৰকাৰ’ৰ চুক্তি বুলি বিবেচনা কৰাৰ বিপৰীতে এয়া কেরল ‘চেতিয়া-ৰাজখোৱা-চৌধুৰী-হাজৰিকা আৰু ভাৰত ৰাষ্ট্ৰৰ মাজত হোৱা অর্থনৈতিক বুজা-বুজি সন্ধিপত্র’ বুলিহে অভিহিত কৰিছো আৰু এই সন্ধিপত্রক আমি কোনো কাৰণতেই মান্যতা প্রদান কৰিব নোৱাৰো। 

একেটা বিবৃতিত আৰু কয়, ‘মন কৰিব, চেতিয়া-ৰাজখোৱা মানেই সংযুক্ত মুক্তি বাহিনী, অসম নহয়। তেওঁলোকে কৰা সন্ধিপত্ৰৰ বিষয়সমূহত আমি কোনো কাৰণতেই সুখানুভৱ কৰিব নোৱাৰো। সেয়েহে, আমি গৰিষ্ঠসংখ্যক সেনানীয়ে তেওঁলোকক বাদ দি ‘সংযুক্ত মুক্তি বাহিনী, অসম’ সংগঠনক জীয়াই ৰাখিবলৈ সংকল্প লৈছো। কিয়নো, যদিও আমি সার্বভৌম স্বাধীন অসমৰ বাবে সংগ্রাম কৰিছিলো, কিন্তু শীর্ষ নেতৃত্বৰ প্ৰৰোচনাত এদিন আমি ৰাষ্ট্র ব্যৱস্থাটোৰ জালত বন্দী হৈ পৰাত সার্বভৌম স্বাধীন অসমৰ বিকল্প সন্ধান কৰিবলৈ বাধ্য হৈ পৰিলো। আনহাতে কেন্দ্রীয় নেতৃত্বই সংগঠনৰ সাধাৰণ সদস্যসকলৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ সন্ধি কৰিবলৈ ওলাল, তথাপিও আমি আশা কৰিছিলো সার্বভৌম স্বাধীন অসমৰ বিকল্প হিচাপে নিম্নোল্লিখিত বিষয়সমূহে স্থান লভ কৰিব৷ (ক) এক ৰাষ্ট্র দুই ব্যৱস্থাৰে অসমক পূর্ণাংগৰূপে স্বায়ত্ব-শাসিক প্রদেশ হিচাপে প্রতিষ্ঠা কৰা। য’ত অসমে পৃথক সংবিধান (কেৱল আন্তঃৰাষ্ট্রীয় সীমাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধান আৰু আইন আংশিকভাবে প্রযোজ্য হ'ব) পতাকা আৰু আইনেৰে তাৰ সুকীয়া পৰিচয় দাঙি ধৰিব। (খ) অসমৰ বাবে পৃথক ৰাজনৈতিক ব্যৱস্থা প্রচলন কৰা। যি ব্যৱস্থাই অসমৰ জনগণক নিজে নিজক শাসন কৰাৰ সুবিধা প্রদান কৰিব। (গ) অসমৰ বাবে পৃথক মুদ্রা প্রচলনেৰে পৃথক অর্থনৈতিক ব্যৱস্থা প্রচলন কৰা। (ঘ) অসমৰ মাটি, পানী আৰু বায়ুৰ ওপৰত অসমৰ অধিকাৰ প্ৰতিষ্ঠা কৰা। ইয়াৰ দ্বাৰা অসমৰ ভূ-গর্ভস্থ, বর্হিভাগত অৱস্থিত সম্পদৰ ওপৰত অসমৰ কর্তৃত্ব থাকিব। (ঙ) অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক, সামাজিক আৰু ধর্মীয় পৰিচয়ক সুৰক্ষা প্ৰদান কৰা।’’ 

পত্ৰখনত আৰু লিখা হৈছে, ''কিন্তু, চেতিয়া-ৰাজখোৱা আৰু ভাৰত ৰাষ্ট্ৰৰ মাজত সম্পন্ন হোৱা সন্ধিপত্রত উল্লিখিত বিষয়সমূহে কোনো স্থান নাপালে। তেওঁলোকে কেৱল কেইটামান টকাৰ বিনিময়ত আমাৰ হাজাৰ হাজাৰ সতীর্থৰ ত্যাগক বিক্ৰী কৰিলে। এইখিনি টকাৰ বাবে আমি প্রত্যেকেই আমাৰ জীৱন-যৌৱনবোৰ জলাঞ্জলি দিয়া নাছিলো। অহা কিছুদিনৰ ভিতৰত হয়তো অৰবিন্দ ৰাজখোৱাই তেওঁৰ অনুগামীসকলৰ গোটটো ভংগ কৰাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিব। তেওঁৰ সেই আলফা গোটৰ বাহিৰত আমি গৰিষ্ঠসংখ্যকে অৱস্থান গ্রহণ কৰিবলৈ বাধ্য হৈছো। শেষত, আমাৰ পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে আপোনাৰ মাধ্যমৰ যোগেদি অসমৰ খিলঞ্জীয়া জনগণক অৱগত কৰা হ'ব।’’ 

উল্লেখ্য যে, এই চুক্তিক সমৰ্থন কৰা নাই পৰেশ বৰুৱাৰ নেতৃত্বৰ আলফা স্বাধীন গোটে৷ বৰুৱাই চৰকাৰৰ আলোচনাৰ দাবীক বাৰে বাৰে দৃঢ়তাৰে প্ৰত্যাখ্যান কৰি আহিছে৷ ম্যানমাৰত বাহৰ পাতি থকা পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ প্ৰসংগ অবিহনে শান্তি আলোচনাৰ বিৰোধিতা কৰি আহিছে। বিপৰীতে, আৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলোচনাপন্থী গোটে ২০১১ চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে চৰ্তহীন আলোচনা আৰম্ভ কৰিছিল৷ ১৯৭৯ চনত ‘সাৰ্বভৌম অসম’ৰ দাবীৰে গঠন কৰা আলফাক ১৯৯০ চনত নিষিদ্ধ সংগঠন ঘোষণা কৰি অপাৰেচন বজৰং আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। একাধিক অভিযানৰ অন্তত দুৰ্বল হৈ পৰা আলফাৰ অধিকাংশ শীৰ্ষ নেতৃত্বই আত্মসমৰ্পণ কৰি চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ আৰম্ভ কৰাৰ পিছতে ২০১১ত পৰেশ বৰুৱাই আত্মসমৰ্পণ নকৰা সদস্যসকলক লগত লৈ সংগঠনৰ নাম আলফাৰ পৰিৱৰ্তে আলফা স্বাধীন কৰাৰ কথা ঘোষণা কৰিছিল।