ডিজিটেল ডেস্কঃ হোৱাটছ এপত ফটো পষ্ট কৰাৰ আগতে সাৱধান সাৱধান হ’বৰ হ’ল৷ হাঁহিৰ খোৰাক যোগোৱাৰ বাবে সততে শ্বেয়াৰ কৰি থকা এখন  ফটোৰ বাবেই হয়তো জেললৈ যাবলগীয়া হ’ব পাৰে আপুনি! তাতে যদি আপুনি হোৱাটছ এপ গ্ৰুপৰ এডমিন হয়, তেন্তে অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আহি পৰিছে। কিয়নো এনে এখন ফটোৰ বাবেই ৰঙাঘৰৰ ভাত খাবলগা হ’ব পাৰে আপুনি।

 এনেই এক ঘটনা ঘটিছে কৰ্ণাটকত। এলা পেছা লোকৰ নহয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰ্যাদাহানিকাৰক ফটো পোষ্ট কৰি জেল যাবলগীয়া হ’ল হোৱাটছ এপৰ এডমিন৷ এডমিনজনে গ্ৰুপত মোডীৰ মৰ্যাদাহানিকৰ ফটো দিয়াৰ বাবে এডমিনজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ পেছাত এডমিনজন অটোচালক। উক্ত ঘটনাৰ লগত জড়িত আন এজন ব্যাক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷  

উল্লেখ্য যে সমগ্ৰ দেশতে প্ৰায় ২০০ মিলিয়ন লোকে ব্যৱহাৰ কৰে হোৱাটছ এপে৷ গ্ৰুপত পোষ্ট কৰা যিকোনো পষ্টৰ বাবে দায়িত্ব ল’ব লাগে এডমিনে৷