বিশেষ প্ৰতিবেদনঃ বিগত কিছুদিন ধৰি চৰ্চাত আছে অসম বিজেপিৰ ভিতৰুৱা সংঘাত। দুটা ভাগত বিভক্ত হোৱা অসম বিজেপিৰ ভিতৰচ’ৰাত একাংশ নেতাই মুকলিকৈ আনটো ভাগৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰাত তাক লৈ দৃষ্টি নিৱদ্ধ হৈছে সাধাৰণ জনতাৰো। বিশেষকৈ বিজেপিৰ সৈতে কেইবাদশক ধৰি জড়িত হৈ থকা ৰাজনীতিকসকলে তেওঁলোকে প্ৰবীণ নেতাসকলক একাষৰীয়া কৰাত ৯-১০ বছৰ পূৰ্বে অন্য দলৰ পৰা আহি বিজেপিত চামিল হোৱাসকলৰ বিৰুদ্ধে আক্ষেপ ব্যক্ত কৰিছে।

তথাকথিত এই নতুন বিজেপি নেতাৰ বিৰুদ্ধে আদৰ্শগত মতানৈক্যৰ সূত্ৰপাত ঘটোৱা জ্যেষ্ঠ নেতাসকলৰ নামৰ তালিকাত শেহতীয়াকৈ সন্নিৱিষ্ট হৈছে নগাঁও সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ নাম। ইয়াৰ পূৰ্বে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, প্ৰাক্তন কেবিনেট মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আদিৰ দৰে প্ৰবীণ বিজেপি নেতাই নতুন বিজেপিৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰি চৰ্চালৈ আহিছিল।

'নতুন’ আৰু 'পুৰণি’ বিজেপিৰ এই শীতল সংঘাতে এতিয়া ধাৰণ কৰিছে অভিযোগ-প্ৰত্যাভিযোগৰ ৰূপ। প্ৰবীণ নেতাই কৰা মন্তব্যক খণ্ডন কৰি ইতিকিংভৰা সমালোচনাৰ আশ্ৰয় লোৱা দেখা গৈছে মাত্ৰ দশক পূৰ্বে অন্য দলৰ পৰা আহি গেৰুৱা বসন পৰিধান কৰা 'নতুন’ বিজেপিৰ আজিৰ সময়ৰ ক্ষমতাশালী নেতাই।

ইয়াৰ পিছতে লাহে লাহে আৰম্ভ হৈছে শীতল বাকযু্দ্ধৰ। কথাৰ কটা-কটি আৰু আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পিছত আমোদজনক হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি। কিয়নো আৰু মাত্ৰ কেইটামান মাহৰ পিছতে সমগ্ৰ দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত আৰম্ভ হোৱা এই সংঘাতে আগন্তুক নিৰ্বাচনতো প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে সন্দেহ ব্যক্ত কৰিছে।

ৰাজেন গোহাঁইৰ বিজেপি যাত্ৰা

যি সময়ত অসমত বিজেপিৰ অস্তিত্বই নাছিল, সেই সময়ত নগাঁও বিজেপি বুথ গঠন কৰি হিন্দুত্ববাদী দলটোৰ আদৰ্শক মানুহৰ মাজত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰাজেন গোহাঁইয়ে। ৯০ৰ দশকত অসমত বিজেপি কৰা মানুহ সকলৰ মাজৰ এজন আছিল ৰাজেন গোঁহাই। 

১৯৯৯ চনত প্ৰথমবাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভো কৰিবলৈ সক্ষম হৈছিল ৰাজেন গোাঁহাইয়ে। কেন্দ্ৰ আৰু ৰাজ্যত সেই সময়ত বিজেপিৰ আছিল তথৈবচ অৱস্থা। কিন্তু তেনে পৰিপ্ৰেক্ষিততো নিৰ্বাচন খেলি জয়লাভ কৰাটো গোঁহাইৰ বাবে আছিল এক বৃহৎ সাফল্য।

কিন্তু সেয়া তেওঁৰ একমাত্ৰ জয় নাছিল। পৰৱৰ্তী সময়ত ২০১৪ চনলৈকে মুঠ ৪ বাৰ তেওঁ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি সংসদলৈ নিৰ্বাচিত হয়। ২০১৯ৰ লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা তেওঁৰ ঠাইত ৰূপক শৰ্মাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাত প্ৰথমে তেওঁ কিছু অসন্তুষ্টি ব্যক্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত দলৰ সিদ্ধান্ত নতশিৰে মানিও লৈছিল।

সাংসদ হৈ থকা কালত তেওঁ কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বও লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৯ৰ নিৰ্বাচনত তেওঁ সংসদীয় ৰাজনীতিৰ অংশ নহ’লেও ৰাজ্য চৰকাৰে তেওঁক কেবিনেট মৰ্যাদাৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ পদত নিযুক্তি প্ৰদান কৰে।

নিজৰ ৰাজনৈতিক যাত্ৰা সন্দৰ্ভত ৰাজেন গোঁহাইয়ে শেহতীয়াকৈ কৈছে, 'মই যেতিয়া বিজেপি কৰিছিলো, তেতিয়া অসমত বিজেপি কৰা মানুহ প্ৰায় নাছিলেই। স্কুটাৰত উঠি তেতিয়া মই বিজেপিৰ হৈ প্ৰচাৰ চলাইছিলো। লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত ভাল মানুহৰ ঘৰে ঘৰে গৈ আমাৰ দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুৰোধ কৰিছিলো। মই সেই সময়ৰ পৰাই বিজেপিত আছো।’

জয়ন্ত মল্ল বৰুৱাৰ ৰাজনৈতিক যাত্ৰা

নলবাৰী সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৰাজনৈতিক জীৱনত অভিষেক ঘটিছিল ২০১১ চনত। ২০১১ৰ বিধানসভা নিৰ্বাচনত তেওঁ নলবাৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ পৰাই জয়ন্ত মল্ল বৰুৱা হিমন্ত বিশ্ব শৰ্মাৰ অনুগামী হিচাপে পৰিচিত আছিল। সেয়ে ২০১৫ চনত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছতে গেৰুৱা বসন পৰিধান কৰি লয় বৰুৱায়ো। 

২০১৬ চনৰ নিৰ্বাচনত দলীয় টিকট লাভ কৰিবলৈ সক্ষম নহ’লেও ২০১৭ চনত তেওঁক অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হয়। তেওঁৰ কাৰ্যকালতে 'Awesome Assam’ৰ জৰিয়তে প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেছেদৰ হিচাপে লৈ অসমৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ কৰা হৈছিল। বৰুৱাৰ কাৰ্যকালতে প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল 'ফিল্মফেয়াৰ’ অনুষ্ঠানো।

২০২১ৰ নিৰ্বাচনত নলবাৰী সমষ্টিৰ তেতিয়াৰ বিধায়ক তথা বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ টিকট কৰ্তন কৰি দলে টিকট প্ৰদান কৰে জয়ন্ত মল্লবৰুৱাক। নিৰ্বাচনত বৰুৱাৰ জয়লাভৰ পিছত 
প্ৰথমে তেওঁক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা হিচাপে নিযুক্তি প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই। পিছলৈ হিমন্ত মন্ত্ৰীসভাৰ প্ৰথমটো ক্ষুদ্ৰ সম্প্ৰসাৰণত তেওঁক ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আভিযান্ত্ৰিক, দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ মন্ত্ৰিত্ব প্ৰদান কৰা হয়।

জয়ন্ত মল্ল বৰুৱাক নলবাৰী সমষ্টিৰ পৰা টিকট দিয়াক লৈয়েই প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আক্ষেপ ব্যক্ত কৰি দলৰ ভিতৰত 'ন-পুৰণি’ৰ এক শীতল সংঘাতৰ সূত্ৰপাত ঘটাইছিল বুলি ৰাজনীতিৰ ওপৰত চকু ৰখাসকলে দাবী কৰিব বিচাৰে।

ৰাজেন গোঁহাই বনাম জয়ন্তমল্ল বৰুৱাঃ পুৰণি বনাম নতুন বিজেপি

নগাঁও সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি সংখ্যালঘু সম্প্ৰদায়ক প্ৰাধান্য দিয়াৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি ৰাজেন গোঁহাইয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ পক্ষত থিয় হৈ ৰাজেন গোঁহাইৰ সমালোচনা আৰম্ভ কৰে জয়ন্ত মল্ল বৰুৱাই। ক্ৰিকেটৰ উদাহৰণ দি তেওঁ স্পষ্টভাৱে ৰাজেন গোঁহাইক ৰাজনীতিৰ পৰা অৱসৰ লৈ নাতি-নাতিনীৰ সৈতে খেলা-ধূলা কৰি, হৰিনাম লৈ সময় পাৰ কৰিবলৈ আহ্বান জনায়।

জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি ৰাজেন গোঁহাইৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁ কয়, 'বিজেপিত নতুন-পুৰণি বুলি কোনো নাই। ১০ বছৰ পূৰ্বে বিজেপিত যোগ দিয়া সকলক এতিয়া কেনেকৈ নতুন বুলি ক’ব পাৰি? বিজেপিৰ প্ৰকৃত উত্তৰণ ঘটিছে ২০১৪ চনৰ পিছৰ পৰাহে। দলৰ ৮০ শতাংশ নেতা-কৰ্মীয়েই ২০১৪ চনৰ পিছত আহি যোগ দিয়া। তেওঁলোকৰ বাবেই আজি বিজেপিৰ উত্তৰণ, চৰকাৰ। গতিকে তেওঁলোকক নতুন বুলি কোৱাৰ কোনো যুক্তি নাই।’

ৰাজেন গোঁহাইক সুবিধাবাদী ৰাজনীতিবদ বুলি অভিহিত কৰি জয়ন্ত মল্ল বৰুৱাই কয়, 'বিজেপিয়ে তেওঁক বহুত দিছে। চাৰিবাৰকৈ সাংসদ বনাইছে, কেন্দ্ৰীয় মন্ত্ৰী পদ দিছে, কেবিনেট মৰ্যাদা দিছে। ইয়াতকৈ আৰু কি দিব লাগে? তেওঁক সকলো দিলেহে দলৰ ভাল হ’ব বুলি তেওঁ ভবাটো ভুল। নিজে বিচৰাটো নাপায়েই তেওঁ এনেকুৱা কৰিছে। ... দলত থাকি তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা ক’ব নোৱাৰিব নহয়। এই অধিকাৰ তেওঁক কোনে দিলে?’’

গোঁহাইক অৱসৰৰ পৰামৰ্শ আগবঢ়াই বৰুৱাই কয়, ''ৰাজনীতিত পুৰণি সকলে অৱসৰ লৈ নতুন সকলক সুযোগ প্ৰদান কৰিব লাগে। ক্ৰিকেটত গাভাস্কাৰে বিশ্বকাপ জয় কৰিলে কাৰণে তেওঁক সদায় দলত খেলুৱাই থাকিব পাৰিব নেকি? আগতে গাভাস্কাৰে খেলিছিল, তাৰ পিছত ধোনীয়ে খেলিলে, এতিয়া সূৰ্যই খেলি আছে... একেদৰে ৰাজনীতিতো পুৰণি সকলে অৱসৰ লৈ নতুনসকলক সুযোগ দিব লাগে। ৰাজেন গোঁহাই ডাঙৰীয়াই এতিয়া অৱসৰ লৈ নাতি-নাতিনীৰ সৈতে খেলা-ধূলা কৰক, হৰিনাম লওক।’’

জয়ন্ত মল্ল বৰুৱাক প্ৰত্যুত্তৰ ৰাজেন গোঁহাইৰ

অসমৰ ৰাজনৈতিক পৰিঘটনাৰ মাজতে ২০ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা হয় ৰাজেন গোঁহাই। কিন্তু যোৱাৰ পূৰ্বে তেওঁ দি থৈ যায় জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ। 

ৰাজেন গোঁহাইয়ে কয়, ''জয়ন্ত মল্ল বৰুৱা সৰু ল’ৰা। সিদিনা ৰাজনীতি কৰিবলৈ আহি আজি অহংকাৰত কথা কৈছে। মই শুনিছো, তেওঁ হেনো বিজেপি কাৰ্যালয়ত মোক গতিয়াই বাহিৰ কৰি দিয়াৰ কথা কৈছে। আমি বিজেপিৰ জন্মলগ্নৰে পৰা জড়িত আছো। আমাক এনে আচৰণ জয়ন্ত মল্ল বৰুৱাৰ দৰে নেতাই কৰিলে বেয়া লাগে, লাজ পাও।’’

গোঁহাইয়ে পুনৰ কয়, 'মই মুখ খুলিলে গোটেই অসমত জুই লাগি যাব। বিজেপিৰ মাজত এটা ভুল বাৰ্তা যাব বুলিয়েই ইমান দিন মুখ খোলা নাই। বিজেপিক মই বহুত দিছো। ঘৰৰ সম্পত্তি বিক্ৰী কৰি কৰি বিজেপিৰ বাবে কাম কৰিছো। কিন্তু দলে মোক কিমান দিছে?’ তেওঁ আৰু কয়, 'জয়ন্তমল্ল বৰুৱাই মোৰ বয়সৰ কথা কৈছে। নাতিৰ সৈতে খেলিবলৈ কৈছে, হৰিনাম ল’বলৈ কৈছে। আজি নৰেন্দ্ৰ মোদী, ৰাজনাথ সিঙৰ যিমান বয়স মোৰ সিমানেই বয়স।’

অন্যহাতে পীযুষ হাজৰিকা সন্দৰ্ভত নৰম স্থিতি গ্ৰহণ কৰি ৰাজেন গোঁহাইয়ে কয়, ''পীযুষ হাজৰিকাক মই মৰম কৰো। সি ভাল ল’ৰা। কি যদি কিবা কৈছে সেয়া ৰাজনীতিৰ খাতিৰত কৈছে, আত্মপক্ষ সমৰ্থনত কৈছে। ৰাজনীতি কৰিলে সেইখিনি ক’বই লাগিব। ময়ো ক’লোহেঁতেন। সেয়ে মই তাক বেয়া পোৱা নাই।’’

বিজেপিৰ সংঘাতত কংগ্ৰেছৰ সুযোগৰ সন্ধান

দেশৰ ৰাজনীতিৰ আটাইতকৈ শক্তিশালী দল বিজেপিৰ ভিতৰৰ এই বাক-বিসম্বাদক লৈ এতিয়া ৰাজনৈতিক সুযোগৰ সন্ধানত নামি পৰিছে কংগ্ৰেছো। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ''সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰাজেন গোঁহাইৰ দৰে নেতাই অসমত প্ৰথম পদুম ফুলৰ শিপা ৰুইছিল। কিন্তু এতিয়া তেওঁলোককে গুৰুত্বহীন কৰি তুলিছে দলটোৱে। কংগ্ৰেছৰ পৰা যোৱা নেতা সকলেই আজি বিজেপি চলাই আছে। নতুন বিজেপিৰ দিনত কোনে কিমান সম্পত্তিৰ পাহাৰ গঢ়িলে আমি সেয়া সকলো নিৰ্বাচনৰ আগত উদঙাই দিম।’’

কংগ্ৰেছ নেতা আৰ পি শৰ্মাই ৰাজেন গোঁহাই, ৰমেন ডেকাৰ দৰে প্ৰবীণ বিজেপি নেতাক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, ''এতিয়া তেওঁলোকে বিজেপিত গেলি-পছিহে থাকিব লাগিব। গতিকে কংগ্ৰেছলৈ আহক, ইয়াত সন্মান পাব।’’

বিজেপিৰ এই ভিতৰুৱা অসন্তুষ্টিক লৈ প্ৰতিক্ৰিয়া দিয়ে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰায়ো। বৰাই কয়, ''তুলি তালি ডাঙৰ-দীঘল কৰা মাক-দেউতাকক বৃদ্ধাশ্ৰমত থলে সন্তানৰ কেতিয়াও সুখ নহয়। বিজেপিৰো জ্যেষ্ঠ নেতাসকলক এলাগী কৰি দলটো বেছি দিন তিষ্ঠি থাকিব নোৱাৰিব। আজিৰ নতুন বিজেপিসকলে দলটোক পঞ্চতাৰকা হোটেল সদৃশ কৰি তুলিছে। বাহিৰৰ পৰা দেখিবলৈ বৰ ধুনীয়া, কিন্তু ভিতৰত জগতৰ সকলো কু-কৰ্ম তাতেই চলে।’’ আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ বুজি নল’লে অসমবাসীয়ে আগলৈও আৰু অনেক ভুঞ্জিবলগীয়া আছে বুলিও মন্তব্য কৰে সত্যৰঞ্জন বৰাই।

কংগ্ৰেছত কেন্সাৰ হৈছেঃ মন্ত্ৰী পীয়ুষ 

বিজেপিৰ ভিতৰচ’ৰাত সংঘাত চলি থকাৰ মাজতে সোমবাৰে এখন সংবাদমেল আয়োজন কৰি বিৰোধী কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিচাপে পৰিচিত পীয়ুষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ নেতাসকলক বিজেপিত কি হৈছে তাৰ খবৰ ৰখাৰ পৰিৱৰ্তে নিজ দলত কি হৈছে তাৰ খবৰ ভালকৈ ল’বলৈ আহ্বান জনায়। তেওঁ গোৱালাপাৰাত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত দিনদিয়েক পূৰ্বে হোৱা হতাহতিৰ বাতৰি প্ৰকাশ পোৱা কেইখনমান বাতৰি কাকতো সংবাদমেলত প্ৰদৰ্শন কৰে। 

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ভূপেন বৰা, গৌৰৱ গগৈ, জাকিৰ হুছেইন শিকদাৰে বিজেপিক লৈ এইকেইদিন বহু কথাই বলকিছে। তেওঁলোকে বিজেপি দলৰ সভাত কেতিয়াবা এনেকৈ মাৰপিট হোৱা দেখিছে নেকি কওক। কংগ্ৰেছৰ ভিতৰচ’ৰাত এনেকুৱা মাৰপিটৰ ঘটনাৰ বহু উদাহৰণ আছে। আমাৰ বিজেপি দলত এনেকৈ আজিলৈকে মাৰপিট নাই লগা আৰু ভৱিষ্যতেও নালাগে।

পীয়ুষ হাজৰিকাই কংগ্ৰেছ দল বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত হৈছে বুলিও কটাক্ষ কৰে। সংবাদমেলত হাজৰিকাই কয়, ‘কংগ্ৰেছ দলত এতিয়া কেন্সাৰ হৈছে। কংগ্ৰেছ দলটো মাৰপিট, দলিয়াদলিৰ কেন্সাৰত আক্ৰান্ত। তেওঁলোকে বিজেপিত কি হৈছে চকু নিদি নিজৰ দলৰ কথা ভাবক।’ মন্ত্ৰীগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে ভূপেন বৰাই মহাভাৰতৰ উদাহৰণ দিলে কৃষ্ণৰ লাভ জেহাদৰ কথালৈ মনত পৰি যায়। সেয়ে ভূপেন বৰাই মহাভাৰতৰ কথা আৰু নোকোৱাই ভাল বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ুষে। এনেদৰে সংবাদমেলখনৰ জৰিয়তে নিজ দলৰ ভিতৰত চলি থকা সংঘাত সন্দৰ্ভত ৰাজ্যত চলি থকা চৰ্চাক আন দিশে লৈ যাবলৈ চেষ্টা চলাই প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে।

নতুন আৰু পুৰণিঃ বিজেপিৰ প্ৰতিক্ৰিয়া

বিগত কিছু দিনত ৰাজ্যৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিজেপি। শাসকীয় দলটোৰ নেতাৰ বিৰুদ্ধে উত্থাপিত একাধিক অভিযোগ আৰু দলটোৰ ভিতৰচ’ৰাত দুটা ভাগৰ মাজত আৰম্ভ হোৱা শীতল সংঘাতে স্বাভাৱিকতে অস্থিৰ কৰি তুলিছে দলৰ নেতৃত্বকো।

দলটোত নতুন আৰু পুৰণি বুলি নেতাৰ মাজত সৃষ্টি হোৱা দুটা ভাগ সন্দৰ্ভত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, ''বিজেপিত নতুন-পুৰণি বুলি কোনো নাই। আমি সকলোৱে দলৰ কাৰ্যকৰ্তা আৰু দলৰ হৈ কাম কৰি যাম। ৯-১০ বছৰ পূৰ্বে বিজেপিত যোগ দিয়া সকলক আজিৰ সময়ত নতুন বুলি ক’ব পৰা নাযায়।’’

বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তইও এই একেই কথাকেই উল্লেখ কৰি কয় যে নতুন-পুৰণি বুলি দলীয় কাৰ্যকৰ্তাসকলক ভাগ ভাগ কৰা অনুচিত। ন-পুৰণি সকলো মিলিয়েই এটা দল হয়। 

কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মীয়ে কয়, ''বিজেপিত নতুন-পুৰণি বুলি একো নাই। মাথো কেইজনমান নাৰদ আছে। মহাভাৰতৰ যুগত যিদৰে নাৰদে ভুলকৈ কথা লগাই ফুৰিছিল, সেইদৰে আজিৰ সময়তো বিজেপিৰ কেইজনমান নাৰদে ভুলকৈ কথা লগাই ৰাজেন গোঁহাইক বিপথে পৰিচালিত কৰিব বিচাৰিছে। কিন্তু ইয়াৰ পৰা বিজেপি অধিক শক্তিশালীহে হ’ব।’’