newsnextone.com | ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়লয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়াধীশৰ পদোন্নতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে ইয়াৰ কিছুমান নিয়ম আছে কিন্তু বিষয়টো তেতিয়া ওলটি যায় যেতিয়া মুখ্য ন্যায়াধীশ সলনি হয়৷ 

যেতিয়াই ন্যায়াধীশৰ পদোন্নতিৰ কথা সন্মুখলৈ আহে তেতিয়াই ইয়াৰ বাবে কিছু নিয়ম আৰু নীতি আছে৷ সমস্যা তেতিয়াই সৃষ্টি হয় দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সলনি হয়৷ 

ভাৰতীয় ন্যায় ব্যৱস্থাৰ বাবে শক্তিশালী নীতি থাকিব লাগে৷ গোচৰ নিষ্পত্তিৰ দীৰ্ঘ সময় লোৱা সন্দৰ্ভত কয় যে আমাৰ ব্যৱস্থা এতিয়াও সংখ্যাৰ ক্ষেত্ৰত মোকাবিলা কৰিব পৰাকৈ সাজু নায়৷ এই ব্যৱস্থা সমাপ্ত কৰিব লাগে৷ 

ন্যায়াধীশ গগৈয়ে এটি অনুষ্ঠানত অংশ লৈ ‘দুখন ভাৰত’ আৰু ভেদভাৱ সন্দৰ্ভত মন্তব্য কৰিছিল৷ এখন ভাৰতত নিজেই নিজক নতুন বুলি ভাৱে আৰু হাস্যস্পদ ৰূপে দৰিদ্ৰ সীমা ৰেখাৰ তলত থাকে৷ দুয়ো সংঘৰ্ষৰ স্থিতিত আছে৷ সংবিধানৰ সেই ক্ষণ আহি পৰিছে যিয়ে দীৰ্ঘ সময়ৰ পৰা বঞ্চিত হৈ আছে৷ 

ইয়াৰ পূৰ্বে চাৰিগৰাকী ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই চাৰিগৰাকী ন্যায়াধীশৰ মাজত গগৈও আছিল৷