পাঞ্জাবাৰীঃ জন্মভূমিৰ বাবে সকলোৱে ভাল কাম কৰিব বিচাৰে৷ এই অনুযায়ী আমি সকলোৱে পেছাগতভাৱে কোনো নহয় কোনো এটা কামত জড়িত হৈ আছো৷ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি আমি সকলোৱে আগুৱাই নিব খোজে জন্মভূমিক৷ বিশেষকৈ নিজে বাস কৰা ঠাইখন সকলোৱে চাফ-চিকুণকৈ ৰাখিব বিচাৰে৷  

দেশবাসীক সু-স্বাস্থ্য প্ৰদান কৰিবলৈ প্ৰতিটো অঞ্চল পৰিস্কাৰকৈ ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় কৰি স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছে। তাৰ মাজতে একাংশ লোকে ঝাডু হাতত লৈ কেমেৰাৰ লেন্সত বন্দী হোৱাৰ তাড়নাত কাম কৰা দেখা যায়৷ ইয়াৰ বিপৰীতে দিন ৰাতি একাকাৰ কৰি চহৰ-নগৰসমূহ পৰিস্কাৰ কৰে চাফাই কৰ্মীয়ে৷ সীমান্তত যিদৰে শত্ৰুপক্ষৰ পৰা দেশমাতৃক ৰক্ষাৰ বাবে সৈনিকসকলে পহৰা দিয়ে তেনেদৰে সীমাৰ ভিতৰত থাকি শত্ৰু ৰূপী লেতেৰা-আৱৰ্জনাৰ পৰা দেশবাসীক ৰক্ষা কৰি আহিছে এইসকল ছাফাই কৰ্মীয়ে।

স্বচ্ছ ভাৰত অভিযান, মুখ্যমন্ত্ৰীৰ নিৰ্মল সেউজ অভিযান সফল কৰে এই চাফাই কৰ্মী সকলে৷ কোনো অভদ্ৰ লোকে ৰাস্তাৰ মাজলৈ দলিয়াই থৈ যোৱা আৱৰ্জনাৰ পলিথিনটো তুলি নি যাতায়তৰ উপযোগীকৈ ৰাখে ছাফাই কৰ্মীসকলে। ৰ’দ-বৰষুণ একাকাৰ কৰি তেওঁলোকে কাম কৰি যায়। কিন্তু এই চাফা কৰ্মীসকলৰ নিৰপত্তা সুনিশ্চিত নে? পৰ্য্যাপ্ত সুবিধা নোপোৱাকৈ কাম কৰি থকা এই ছাফাই কৰ্মীসকলক দেখিলে এটা কথা নিশ্চিত হ’ব পাৰি যে গুৱাহাটী মহানগৰীৰ চাফাই কৰ্মীৰ শাৰিৰীক নিৰাপত্তাৰ প্ৰতি সম্পূৰ্ণৰূপে উদাসীন পৌৰ নিগম।

গুৱাহাটীৰ জাৱৰ নিষ্কাশনৰ বাবে প্ৰতিনিয়ত নিয়োজিত হৈ আছে শ শ পৌৰ কৰ্মী। কিন্তু এইসকল লোকৰ বাবে পৌৰ নিগমে উপযুক্ত জোতা, গ্লভছ, মাক্স আদি আজিলৈকে যোগান ধৰা পৰিলক্ষিত হোৱা নাই। পৌৰকৰ্মীৰ লগতে গুৱাহাটীৰ বিভিন্ন ৱাৰ্ডত স্বেচ্ছাসেৱী সংগঠনৰ অধীনত চলি থকা আবৰ্জনা নিষ্কাশনৰ সৈতে জড়িত কৰ্মীৰো নাই পৰ্য্যাপ্ত সা-সুবিধা। 

ফলত দৈনিক ডাষ্টবিনৰ পৰা লেতেৰা সামগ্ৰী সংগ্ৰহ কৰা বহু কৰ্মী নানা ৰোগত আক্ৰান্ত হ’বলগীয়া হৈছে। পদ নিয়মীয়া নোহোৱা এনে কৰ্মীসকলে বিভিন্ন সময়ত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি অহাৰ লগতে প্ৰাপ্যৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচীও গ্ৰহণ কৰি আহিছে। আনহাতে, পৌৰ নিগমৰ এই চাফাই কৰ্মীসকলৰ স্বাস্থ্যৰ প্ৰতি উদ্বিগ্ন হৈ মহানগৰীৰ সমাজ সচেতক গুঞ্জন প্ৰতিম দত্ত আৰু ফটিক ফুকনে পৌৰ নিগমৰ আয়ুক্তলৈ কেইবাদিন পূৰ্বেই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল বুলি 'নিউজ নেক্সট ৱান’ক জানিবলৈ দিয়ে৷ 

কিন্তু কাৰ্য্যক্ষেত্ৰত পৌৰ নিগমে কৰ্মীসকলক এনে সামগ্ৰীসমূহ যোগান নধৰি নিগমৰ চৰম ব্যৰ্থতাক উদঙাই দিছে। উল্লেখ্য যে আজিকোপতি চাফাই কৰ্মীসকলে খালী ভৰি আৰু হাতেৰে মহানগৰীৰ বিষাক্ত আবৰ্জনাসমূহ প্ৰতিনিয়ত সংগ্ৰহ কৰি আহিছে। এনে কৰ্মীসকলৰ প্ৰতি পৌৰ নিগমে কেতিয়া পৰ্য্যাপ্ত ব্যবস্থা গ্ৰহণ কৰে সেয়া সময়েহে ক’ব। পৌৰ নিগমে এই কৰ্মীসকলৰ বাবে সবল শৰীৰ, অনাময়, আৱাস গৃহ, চিকিৎসা শিবিৰৰ ব্যৱস্থা নকৰাৰো অভিযোগ উঠিছে৷

'গ্লভছ? না না। আমাক গ্লভছ নাই দিয়া ৰে। আমি তো খালী হাতেই কৰি এইতা। বেমাৰ? বেমাৰতা তো হয়াই থাকে। আমাৰ স্বামীতা টো বেমাৰ হয়াই মৰতা গেল। স্বামী মৰাৰ পৰে আমি এতা কৰছি। না কৰিছ তো খাবো কি? বৰছুন দিলেও আমি কাজ কৰি, ৰ’দটা দিলেও কৰি। কাম না কৰলে টাকা পাবো কেমন? কাম কৰলেও টাকা মিলিছ না। আমৰা বাচ্ছাটাও এই কাজ টাই কৰিছ।’- নিজৰ সন্তানক স্কুললৈ পঠিয়াবলৈ সম্বল নাই বুলি উল্লেখ কৰি এইদৰে নিজৰ দুখৰ কথা বৰ্ণনা কৰে ৰাজধানী মছজিদৰ সমীপৰ এগৰাকী ছাফাই কৰ্মীয়ে। স্বামীৰ মৃত্যুৰ পিছত পৌৰ নিগমে পাবলগীয়া টকা কেইটা আজিও নিদিলে বুলিও মহিলা ছাফাই কৰ্মীগৰাকীয়ে ক্ষোভ ব্যক্ত কৰে। 

চৰকাৰ-প্ৰশাসনৰ এনে অৱহেলাৰ ফলত এতিয়া একপ্ৰকাৰ বীজাণু ভক্ষণ কৰি জীয়াই থাকিবলৈ বাধ্য হৈ পৰিছে ৰাজ্যৰ ছাফাই কৰ্মীসকল। স্বচ্ছ ভাৰত অভিযানৰ নামত কোটি কোটি টকা খৰছ কৰাৰ সময়তে ছাফাই কৰ্মীসকলে নিজৰ জীৱনক তুচ্ছ কৰি কেইটামান টকাৰ বিনিময়ত এনেদৰে বীজাণু ভক্ষণ কৰি জীয়াই থাকিবলগীয়া হোৱাতো দুৰ্ভাগ্যজনকেই নহয়, এয়া হৈছে স্বচ্ছ ভাৰত অভিযানৰ চূড়ান্ত ব্যৰ্থতা।