পাঞ্জাবাৰীঃ এটা বিশেষ শুকুৰবাৰ। পদ্ম পতাকাৰে ভৰি পৰিছিল সদা ব্যস্ত মহানগৰীৰ চৌদিশ। সজাই-পৰাই তোলা হৈছিল প্ৰতিটো পথ-উপপথ। এনেকৈয়ে এদিনৰ বাবে হ'লেও স্বচ্ছ হৈ পৰিছিল গুৱাহাটী। সকলোতে দেখা গৈছিল নিয়ম-শৃখলা।

দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ মহানগৰীক এনেদৰে সজাই-পৰাই তুলি পৌৰ নিগম ব্যস্ত হৈ পৰিছিল আন এক অভিযানত। এই অভিযানৰ পিছতে হঠাৎ অন্তৰ্ধান হৈ পৰিছিল ৰাজপথত অনাই-বনাই ঘূৰি থকা গো-মাতাসকল। 

গো-মাতাক ৰাজপথত নেদেখি আচৰিত হৈ পৰে সৰু সৰু কথাবোৰতো দৃষ্টি নিক্ষেপ কৰাত সিদ্ধহস্ত বহুজনে। 'হঠাৎ গৰুবোৰ ক'লৈ গ'ল'-বহুতৰে মনত কৌতূহল। অৱশ্যে কৌতূহল নাইকিয়া হ'বলৈ অপেক্ষা কৰিবলগীয়া নহ'ল অধিক সময়ৰ। ৰাজ্যত বিজেপি চৰকাৰৰ এবছৰ আৰু কেন্দ্ৰত তিনিবছৰ পূৰ্তি উপলক্ষে নমোৱে ভাষণ দি যোৱাৰ এদিন পিছতে পোহৰলৈ আহিল সকলো।

এনেয়ে গো-মাতাসকল কুশলে আছে নে নাই, কিবা খালে নে নাই তাৰ খবৰ ল'বলৈ এক মিনিটো খবৰ নোপোৱা গৰাকীসকলৰ মাজত আৰম্ভ হ'ল হুৱা-দুৱা।'আমাৰ গাইজনী ক'লৈ গ'ল' বুলি গো-মাতাক সন্মান দিবলৈ নিশিকা গৰাকীসকলে ইজনে আনজনক সুধি সন্ধান বিচৰাত লাগি গ'ল।

এটা সময়ত গৰাকীসকলে জানিব পাৰিলে যে তেওঁলোকৰ গৰু ক'তো হেৰোৱা নাই, কোনেও চুৰি কৰা নাই। তাৰ বিপৰীতে তেওঁলোকৰ গৰুৱে নমোৰ আগমনৰ সুযোগতে এদিনৰ বাবে হ'লেও লাভ কৰিছে ৰাজ আতিথ্য।

লগে লগে তিনিটা বিশেষ স্থানত ভিৰ বাঢ়িল গৰুৰ গৰাকীসকলৰ। প্ৰশাসন পিছে নাছোৰবান্দা। ইমান দিনে গৰাকীসকলে গো-মাতাক ঘাঁহ নুখুৱাই প্লাষ্টিক খাবলৈ বাধ্য কৰি আহিছে, গতিকে তেওঁলোকক এনেদৰে মোকলাই নিবলৈ দিয়েই বা কেনেকৈ?

গো-মাতাক ইমানদিনে কষ্ট দি অহা গৰাকীসকলক সেয়ে চৰ্ত বান্ধি দিলে প্ৰশাসনে- 'হয় জৰিমনা দিয়া, নহ'লে গো-মাতাক আমাৰ ইয়াতে থৈ যোৱা।' প্ৰশাসনৰ এনে চৰ্তৰ বহুতে বিৰোধিতা কৰিলে যদিও কোনোধৰণৰ আপত্তি নৰজিল। ইমানদিনে গো-মাতাক ঘৰ এটা দিবলৈ ইচ্ছা নকৰা গৰাকীসকলৰ আপত্তিক প্ৰশাসনে গুৰুত্ব দিয়েই বা কি যুক্তিত!

উপায়ন্তৰ হৈ গুৱাহাটী পৌৰ নিগমক ১০০০-১৫০০ টকা পৰ্যন্ত জৰিমনা আদায় দিহে নিজৰ নিজৰ গৰুকেইটাক মোকলাই নিবলৈ সমৰ্থ হয় গৰাকীসকলে। হঠাত মৰম ওপজা গৰাকীসকলৰ বাবে এদিনীয়া ৰাজ আতিথ্যৰ পৰা পুনৰ এনেদৰে বঞ্চিত হ'বলগীয়া হোৱাত আকাৰে ইংগিতেৰে হ'লেও বহু গো-মাতাই প্ৰতিবাদ সাব্যস্ত কৰাতো প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নিশা গুৱাহাটী পৌৰ নিগমে ৰাজপথত অনাই বনাই ঘূৰি থকা গৰুবোৰক গাড়ীৰে উঠাই নি সাউকুছি, জালুকবাৰী আৰু হাতীগাঁৱৰ সমীপৱৰ্তী শংক মছজিদৰ কাষৰ মুকলি ঠাইত আৱদ্ধ কৰি ৰাখে। বৰ্ষপূৰ্তি অনুষ্ঠান চলি থকাৰ সময়ত যাতে মহানগৰীৰ ৰাজপথত কোনোধৰণৰ দৃষ্টিকটু দৃশ্য দেখা পাবলগীয়া নহয় তাৰ বাবেই এনেদৰে এদিনৰ বাবে ৰাজ আতিথ্য দিয়া হয় গৰাকীৰ মৰমৰ পৰা বঞ্চিত গুৱাহাটীৰ দুৰ্ভগীয়া গো-মাতাসকলক।